--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বলীউডৰ অভিনেতা চনু সুদে পঞ্জাবৰ ‘ষ্টেট আইকন’ৰ পদ ত্যাগ কৰিছে৷ এই পদ ত্যাগ কৰি তেওঁ কয় যে ‘এই যাত্ৰাৰ সমাপ্তি ঘটিছে’৷ বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত অভিনেতাগৰাকীয়ে কৰাৰ জনহিতকৰ কামৰ বাবে চৰ্চিত হোৱাৰ লগতে প্ৰশংসিতও হৈছিল৷ বলীউড তাৰকাগৰাকীয়ে শুকুৰবাৰে ঘোষণা কৰে যে তেওঁ পঞ্জাবৰ ‘ষ্টেট আইকন’ পদ ত্যাগ কৰিছে। উল্লেখযোগ্য যে, সুদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে৷ সেই পৰিপ্ৰেক্ষিতত স্থিতি স্পষ্ট কৰি অভিনেতাগৰাকীয়ে কয়, পঞ্জাব বিধানসভা নিৰ্বাচনত মোৰ পৰিয়ালৰ সদস্যই প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিপ্ৰেক্ষিতত মই এই পদ ত্যাগ কৰিছোঁ৷ ভাৰতীয় নিৰ্বাচনী আয়োগৰ সৈতে পাৰস্পৰিক আলোচনাৰ অন্ততহে তেওঁ এই সিদ্ধান্ত লোৱা বুলি সদৰি কৰে৷


বলীউদৰ অভিনেতাজনে বক্তব্য আৰম্ভ কৰি কয় যে, সকলো ভাল বস্তুৰ দৰে, এই যাত্ৰাও সমাপ্ত হৈছে৷ মই স্বেচ্ছাই পঞ্জাবৰ ষ্টেট আইকনৰ পদ ত্যাগ কৰিছোঁ। ৪ জানুৱাৰীত পঞ্জাবৰ মুখ্য নিৰ্বাচনী বিষয়া এছ কৰুণা ৰাজুৱে এক চৰকাৰী বিবৃতিত জনাইছিল যে ইচিআইয়ে সুদৰ ৰাজ্যিক আইকন হিচাপে নিযুক্তি প্ৰত্যাহাৰ কৰে। আনহাতে, পঞ্জাৱৰ মোগা জিলাৰ পৰা অহা অভিনেতাজনে স্পষ্ট কৰি দিছিল যে তেওঁৰ নিজে ৰাজনীতিত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই। অৱশ্যে, তেওঁৰ ভগ্নী মালবিকাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।


মহামাৰীৰ আৰম্ভণিৰ সময়ত, সুদে তেওঁৰ সামাজিক কামৰ দ্বাৰা দেশবাসীক মোহিত কৰিছিল যেতিয়া তেওঁ প্ৰব্ৰজনকাৰী শ্ৰমিক, চাকৰি হেৰুওৱা লোক আৰু স্বাস্থ্য যোগানৰ সৈতে যুঁজি থকা লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।
অভিনেতাজনে ক’ভিড লকডাউনৰ মাজত চাকৰিহীনতাৰ মাজত নিজৰ ঘৰলৈ উভতি অহাৰ সময়ত বিভিন্ন ঠাইত আবদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে পৰিবহন সুবিধাৰ ব্যৱস্থা কৰি দিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন