--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বলীউডৰ অভিনেতা চনু সুদে পঞ্জাবৰ ‘ষ্টেট আইকন’ৰ পদ ত্যাগ কৰিছে৷ এই পদ ত্যাগ কৰি তেওঁ কয় যে ‘এই যাত্ৰাৰ সমাপ্তি ঘটিছে’৷ বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত অভিনেতাগৰাকীয়ে কৰাৰ জনহিতকৰ কামৰ বাবে চৰ্চিত হোৱাৰ লগতে প্ৰশংসিতও হৈছিল৷ বলীউড তাৰকাগৰাকীয়ে শুকুৰবাৰে ঘোষণা কৰে যে তেওঁ পঞ্জাবৰ ‘ষ্টেট আইকন’ পদ ত্যাগ কৰিছে। উল্লেখযোগ্য যে, সুদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে৷ সেই পৰিপ্ৰেক্ষিতত স্থিতি স্পষ্ট কৰি অভিনেতাগৰাকীয়ে কয়, পঞ্জাব বিধানসভা নিৰ্বাচনত মোৰ পৰিয়ালৰ সদস্যই প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিপ্ৰেক্ষিতত মই এই পদ ত্যাগ কৰিছোঁ৷ ভাৰতীয় নিৰ্বাচনী আয়োগৰ সৈতে পাৰস্পৰিক আলোচনাৰ অন্ততহে তেওঁ এই সিদ্ধান্ত লোৱা বুলি সদৰি কৰে৷


বলীউদৰ অভিনেতাজনে বক্তব্য আৰম্ভ কৰি কয় যে, সকলো ভাল বস্তুৰ দৰে, এই যাত্ৰাও সমাপ্ত হৈছে৷ মই স্বেচ্ছাই পঞ্জাবৰ ষ্টেট আইকনৰ পদ ত্যাগ কৰিছোঁ। ৪ জানুৱাৰীত পঞ্জাবৰ মুখ্য নিৰ্বাচনী বিষয়া এছ কৰুণা ৰাজুৱে এক চৰকাৰী বিবৃতিত জনাইছিল যে ইচিআইয়ে সুদৰ ৰাজ্যিক আইকন হিচাপে নিযুক্তি প্ৰত্যাহাৰ কৰে। আনহাতে, পঞ্জাৱৰ মোগা জিলাৰ পৰা অহা অভিনেতাজনে স্পষ্ট কৰি দিছিল যে তেওঁৰ নিজে ৰাজনীতিত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই। অৱশ্যে, তেওঁৰ ভগ্নী মালবিকাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।


মহামাৰীৰ আৰম্ভণিৰ সময়ত, সুদে তেওঁৰ সামাজিক কামৰ দ্বাৰা দেশবাসীক মোহিত কৰিছিল যেতিয়া তেওঁ প্ৰব্ৰজনকাৰী শ্ৰমিক, চাকৰি হেৰুওৱা লোক আৰু স্বাস্থ্য যোগানৰ সৈতে যুঁজি থকা লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।
অভিনেতাজনে ক’ভিড লকডাউনৰ মাজত চাকৰিহীনতাৰ মাজত নিজৰ ঘৰলৈ উভতি অহাৰ সময়ত বিভিন্ন ঠাইত আবদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে পৰিবহন সুবিধাৰ ব্যৱস্থা কৰি দিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত