--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ অনুৰাগী বাবেই কটু কথা শুনিব লগা হৈছে পাকিস্তানৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে৷ তেওঁ হৈছে মাহিৰা খান৷ দেশখনৰ চিনেটৰ আফনান উল্লা খানে অভিনেত্ৰীগৰাকীক লক্ষ্য কৰি লৈছে৷

চিনেটৰগৰাকীয়ে মাহিৰাক কটাক্ষ কৰি কয়- ‘‘ধনী নায়ক পালে তেওঁক আৰু একো নিবিচাৰে নেকি?’’ ছ’চিয়েল মিডিয়াত মাহিৰাক ‘নিৰ্লজ্জ’, ‘নীচ’ আনকি মানসিকভাৱে অসুস্থ বুলিও দাবী কৰে চিনেটৰগৰাকীয়ে।

উল্লেখ্য যে মাহিৰাই শ্বাহৰুখৰ স’তে ২০১৭ চনত ‘ৰয়ছ’ নামৰ ছৱিখনত অভিনয় কৰিছিল৷ শেহতীয়াকৈ পাকিস্তানত আয়োজিত উদ্যোগ সন্মিলনত আনোৱাৰ মকছুদে আয়োজন কৰা এক অনুষ্ঠানত মাহীৰাই বলীউডত কাম কৰাৰ অভিজ্ঞতাৰ কথা কৈছিল। তাতেই তেওঁ কৈছিল যে শ্বাহৰুখ তেওঁৰ সপোনৰ নায়ক।

তেওঁৰ ভাষাত- “শ্বাহৰুখ মোৰ সময়ৰ নায়ক। মই তেওঁক ভাল পাওঁ। তেওঁৰ লগত কাম কৰাৰ সপোন দেখিছিলো। মই কেতিয়াও ভবা নাছিলো যে সেই সপোন কেতিয়াও বাস্তৱায়িত হ'ব।"

তাৰ পিছত মকছুদে মাহীৰাক সুধিলে যে তাই কোনটো ৰাজনৈতিক দলক সমৰ্থন কৰে। মহিৰাই হাঁহি হাঁহি প্ৰথমে মনে মনে থাকে। ইয়াৰ পিছত তেওঁ কয় যে শেহতীয়াকৈ এখন ছবি মুক্তি পাইছে। "মই পাঠানৰ দলৰ লোক৷"- এইদৰে উত্তৰ দিয়ে অভিনেত্ৰীগৰাকীয়ে। মাহিৰাই কয় যে- ‘‘‘ৰয়ছ’ৰ পিছত তেওঁ শ্বাহৰুখৰ সৈতে পুনৰ এটা নতুন প্ৰজেক্টত টিম আপ কৰিব বিচাৰে।’’

এই মন্তব্যৰ কাৰণেই তেওঁ পাকিস্তানী চিনেটৰৰ চকুৰ কূটা দাতৰ শূল হৈ পৰিছে। অনুষ্ঠানটো চোৱাৰ পিছত চিনেটৰ আফনানে উৰ্দু ভাষাত টুইট কৰি মাহিৰাক সমালোচনা কৰিছে৷



চিনেটৰগৰাকীয়ে লিখিছে- ‘‘মহিৰা খানৰ চৰিত্ৰৰ ওপৰত কিতাপ লিখিব পাৰি, টকাৰ বাবেই ভাৰতীয় অভিনেতাকো চাতুৰী কৰে।”

টুইটটোৱে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে৷ আফনানক বহুতে গৰিহণা দি মাহিৰাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক