--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ অনুৰাগী বাবেই কটু কথা শুনিব লগা হৈছে পাকিস্তানৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে৷ তেওঁ হৈছে মাহিৰা খান৷ দেশখনৰ চিনেটৰ আফনান উল্লা খানে অভিনেত্ৰীগৰাকীক লক্ষ্য কৰি লৈছে৷

চিনেটৰগৰাকীয়ে মাহিৰাক কটাক্ষ কৰি কয়- ‘‘ধনী নায়ক পালে তেওঁক আৰু একো নিবিচাৰে নেকি?’’ ছ’চিয়েল মিডিয়াত মাহিৰাক ‘নিৰ্লজ্জ’, ‘নীচ’ আনকি মানসিকভাৱে অসুস্থ বুলিও দাবী কৰে চিনেটৰগৰাকীয়ে।

উল্লেখ্য যে মাহিৰাই শ্বাহৰুখৰ স’তে ২০১৭ চনত ‘ৰয়ছ’ নামৰ ছৱিখনত অভিনয় কৰিছিল৷ শেহতীয়াকৈ পাকিস্তানত আয়োজিত উদ্যোগ সন্মিলনত আনোৱাৰ মকছুদে আয়োজন কৰা এক অনুষ্ঠানত মাহীৰাই বলীউডত কাম কৰাৰ অভিজ্ঞতাৰ কথা কৈছিল। তাতেই তেওঁ কৈছিল যে শ্বাহৰুখ তেওঁৰ সপোনৰ নায়ক।

তেওঁৰ ভাষাত- “শ্বাহৰুখ মোৰ সময়ৰ নায়ক। মই তেওঁক ভাল পাওঁ। তেওঁৰ লগত কাম কৰাৰ সপোন দেখিছিলো। মই কেতিয়াও ভবা নাছিলো যে সেই সপোন কেতিয়াও বাস্তৱায়িত হ'ব।"

তাৰ পিছত মকছুদে মাহীৰাক সুধিলে যে তাই কোনটো ৰাজনৈতিক দলক সমৰ্থন কৰে। মহিৰাই হাঁহি হাঁহি প্ৰথমে মনে মনে থাকে। ইয়াৰ পিছত তেওঁ কয় যে শেহতীয়াকৈ এখন ছবি মুক্তি পাইছে। "মই পাঠানৰ দলৰ লোক৷"- এইদৰে উত্তৰ দিয়ে অভিনেত্ৰীগৰাকীয়ে। মাহিৰাই কয় যে- ‘‘‘ৰয়ছ’ৰ পিছত তেওঁ শ্বাহৰুখৰ সৈতে পুনৰ এটা নতুন প্ৰজেক্টত টিম আপ কৰিব বিচাৰে।’’

এই মন্তব্যৰ কাৰণেই তেওঁ পাকিস্তানী চিনেটৰৰ চকুৰ কূটা দাতৰ শূল হৈ পৰিছে। অনুষ্ঠানটো চোৱাৰ পিছত চিনেটৰ আফনানে উৰ্দু ভাষাত টুইট কৰি মাহিৰাক সমালোচনা কৰিছে৷



চিনেটৰগৰাকীয়ে লিখিছে- ‘‘মহিৰা খানৰ চৰিত্ৰৰ ওপৰত কিতাপ লিখিব পাৰি, টকাৰ বাবেই ভাৰতীয় অভিনেতাকো চাতুৰী কৰে।”

টুইটটোৱে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে৷ আফনানক বহুতে গৰিহণা দি মাহিৰাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়