--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "যদি মোৰ কুকুৰটোক বিমানত নিয়া নহয়, মইও ঘৰলৈ কিন্তু নাযাম!" ঋষভ কৌশিকৰ এই মন্তব্য। ভাৰতীয় ব্যক্তিজন বৰ্তমান ইউক্ৰেইনৰ বাসিন্দা। তেওঁ উচ্চ শিক্ষাৰ বাবে পূৱ ইউৰোপলৈ গৈছিল। অভিযান্ত্ৰিক বিদ্যাৰ্থীজনে বৰ্তমান খাৰকিভ নেচনেল ইউনিভাৰ্চিটি অৱ ৰেডিঅ' ইলেক্ট্ৰনিকছত অধ্যয়ন কৰি আছে। বৰ্তমান যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ঘৰলৈ উভতি আহিবলৈ ব্যাকুল ভাৰতীয় শিক্ষাৰ্থীসকল। তেওঁলোকৰ মাজৰে কিন্তু ব্যতিক্ৰম হৈ পৰিছে এতিয়া ঋষভ। তেওঁৰ পোহনীয়া কুকুৰটো লৈক এতিয়া অথন্তৰত পৰিছে, সেয়েহে তেওঁ এতিয়াও ইউক্ৰেইনত আছে। এইটো তেওঁৰ প্ৰিয় পোহনীয়া জন্তুৰ বাবে। খবৰ অনুসৰি, ঋষভে সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহিব বিচাৰিলেও তেওঁৰ কুকুৰটোক বিপদত পেলাবলৈ অনিচ্ছুক। ভাৰত চৰকাৰৰ ওচৰত তেওঁৰ আবেদন জনাইছে যে, যদি তেওঁক দেশলৈ ঘূৰাই অনা হয়, তেন্তে সঙ্গী পোহনীয়া কুকুৰটোকো আনিব লাগিব। যদি কেন্দ্ৰই ইয়াক লৈ সন্মত নহয়, তেন্তে ঋষভে স্পষ্ট কৰি দিছে যে তেওঁ ভাৰতলৈ উভতি নাযায়। তেনে ক্ষেত্ৰত, ঋষভৰ পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গই ইয়াকে লৈ এতিয়া বিপদত পৰিছে। অৱশ্যে, ঋষভৰ বাবে এয়া কোনো অসম্ভৱো নহয় । সেই অনুসৰি, তেওঁ কুকুৰটোৰ বাবে যাৱতীয় নথিপত্ৰ প্ৰস্তুত কৰিছে। অৱশ্যে, সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে তেওঁৰ পথত থিয় দিছিল। ঋষভৰ আবেদন জনাইছে যে সংশ্লিষ্ট প্ৰশাসনে গোটেই বিষয়টো সহানুভূতিৰে চোৱা উচিত। অৱশ্যে, যদি পোহনীয়া জন্তুটোক বিমানত উঠিবলৈ অনুমতি দিয়া নহয়, তেন্তে তেওঁ ইউক্ৰেইনত থাকিবলৈ বাধ্য হ'ব ঋষভ। ঋষভে ভাৰতীয় সংবাদ মাধ্যমৰ সৈতেও বিষয়টো মুকলিকৈ আলোচনা কৰিছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়: "মই নাজানো কিয়, মোক অনুমতি দিয়া হোৱা নাই। গতিকে মই সিদ্ধান্ত লৈছিলো যে যদি মোৰ কুকুৰটোক লগত লৈ যাবলৈ দিয়া নহয়, তেন্তে মোৰ বাবে ইউক্ৰেইন এৰি যিকোনো ঠাইলৈ যোৱা টো সম্ভৱ নহ'ব। মই জানো মোৰ সিদ্ধান্তত যথেষ্ট বিপদাশংকা জড়িত আছে। কিন্তু, মোৰ আন কোনো বিকল্প নাই। মই মোৰ পোহনীয়া জন্তুক কেনেকৈ অকলে এৰি দিব পাৰোঁ? মই গুছি গলে সিহতে কাৰ সৈতে থাকিব?"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে