--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "যদি মোৰ কুকুৰটোক বিমানত নিয়া নহয়, মইও ঘৰলৈ কিন্তু নাযাম!" ঋষভ কৌশিকৰ এই মন্তব্য। ভাৰতীয় ব্যক্তিজন বৰ্তমান ইউক্ৰেইনৰ বাসিন্দা। তেওঁ উচ্চ শিক্ষাৰ বাবে পূৱ ইউৰোপলৈ গৈছিল। অভিযান্ত্ৰিক বিদ্যাৰ্থীজনে বৰ্তমান খাৰকিভ নেচনেল ইউনিভাৰ্চিটি অৱ ৰেডিঅ' ইলেক্ট্ৰনিকছত অধ্যয়ন কৰি আছে। বৰ্তমান যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ঘৰলৈ উভতি আহিবলৈ ব্যাকুল ভাৰতীয় শিক্ষাৰ্থীসকল। তেওঁলোকৰ মাজৰে কিন্তু ব্যতিক্ৰম হৈ পৰিছে এতিয়া ঋষভ। তেওঁৰ পোহনীয়া কুকুৰটো লৈক এতিয়া অথন্তৰত পৰিছে, সেয়েহে তেওঁ এতিয়াও ইউক্ৰেইনত আছে। এইটো তেওঁৰ প্ৰিয় পোহনীয়া জন্তুৰ বাবে। খবৰ অনুসৰি, ঋষভে সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহিব বিচাৰিলেও তেওঁৰ কুকুৰটোক বিপদত পেলাবলৈ অনিচ্ছুক। ভাৰত চৰকাৰৰ ওচৰত তেওঁৰ আবেদন জনাইছে যে, যদি তেওঁক দেশলৈ ঘূৰাই অনা হয়, তেন্তে সঙ্গী পোহনীয়া কুকুৰটোকো আনিব লাগিব। যদি কেন্দ্ৰই ইয়াক লৈ সন্মত নহয়, তেন্তে ঋষভে স্পষ্ট কৰি দিছে যে তেওঁ ভাৰতলৈ উভতি নাযায়। তেনে ক্ষেত্ৰত, ঋষভৰ পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গই ইয়াকে লৈ এতিয়া বিপদত পৰিছে। অৱশ্যে, ঋষভৰ বাবে এয়া কোনো অসম্ভৱো নহয় । সেই অনুসৰি, তেওঁ কুকুৰটোৰ বাবে যাৱতীয় নথিপত্ৰ প্ৰস্তুত কৰিছে। অৱশ্যে, সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে তেওঁৰ পথত থিয় দিছিল। ঋষভৰ আবেদন জনাইছে যে সংশ্লিষ্ট প্ৰশাসনে গোটেই বিষয়টো সহানুভূতিৰে চোৱা উচিত। অৱশ্যে, যদি পোহনীয়া জন্তুটোক বিমানত উঠিবলৈ অনুমতি দিয়া নহয়, তেন্তে তেওঁ ইউক্ৰেইনত থাকিবলৈ বাধ্য হ'ব ঋষভ। ঋষভে ভাৰতীয় সংবাদ মাধ্যমৰ সৈতেও বিষয়টো মুকলিকৈ আলোচনা কৰিছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়: "মই নাজানো কিয়, মোক অনুমতি দিয়া হোৱা নাই। গতিকে মই সিদ্ধান্ত লৈছিলো যে যদি মোৰ কুকুৰটোক লগত লৈ যাবলৈ দিয়া নহয়, তেন্তে মোৰ বাবে ইউক্ৰেইন এৰি যিকোনো ঠাইলৈ যোৱা টো সম্ভৱ নহ'ব। মই জানো মোৰ সিদ্ধান্তত যথেষ্ট বিপদাশংকা জড়িত আছে। কিন্তু, মোৰ আন কোনো বিকল্প নাই। মই মোৰ পোহনীয়া জন্তুক কেনেকৈ অকলে এৰি দিব পাৰোঁ? মই গুছি গলে সিহতে কাৰ সৈতে থাকিব?"

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক