--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰায়ে মানুহে শুই থকা অৱস্থাত এনেকুৱা বস্তু দেখা পায়, যিবোৰ পিছদিনালৈকে মনত থাকে। এই সপোনবোৰে ব্যক্তিজনক ভৱিষ্যতৰ পৰিঘটনাৰ শুভ আৰু অশুভ লক্ষণ দিয়ে। যদি এই সপোনবোৰ সময়মতে বুজি পোৱা যায়, তেনেহ’লে মানুহ এজনৰ বাবে বহু কথা বুজি পোৱাটো সহজ হৈ পৰে। সপোন শাস্ত্ৰৰ মতে সপোনত দেখা বস্তুবোৰে ভাল আৰু বেয়া ভৱিষ্যতৰ দিশলৈ আঙুলিয়াই দিয়ে। বহু সময়ত এজন ব্যক্তিয়ে সপোনত দেৱ-দেৱী দেখা পায়, আৰু কেতিয়াবা জীৱ-জন্তু আৰু চৰাই, এই সপোনবোৰে কি সূচায় সেই বিষয়ে জানি লওক।

সপোনত ভাটৌ দেখা: সপোন শাস্ত্ৰৰ মতে যদি কোনো ব্যক্তিয়ে সপোনত ভাটৌ দেখা পায় তেন্তে এই সপোনক শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে সপোনত ভাটৌ দেখিলে ঘৰত টকাৰ অহাৰ ইংগিত পোৱা যায়। এনে অৱস্থাত যদি আপুনিও সপোনত ভাটৌ দেখা পায়, তেন্তে বুজিব যে দেৱী লক্ষ্মী ঘৰত উপস্থিত হ’বলৈ ওলাইছে।

মৌমাখিৰ মৌচাকো শুভ: বহু সময়ত এনেবোৰ কথা সপোনত দেখা যায়, মানুহে এনে ফপোনক দৈনন্দিন জীৱনত কোনো অৰ্থ নাই বুলি এৰাই চলে। কিন্তু যদি আপুনি কেতিয়াবা সপোনত মৌমাখিৰ মৌচাক দেখা পায়, তেন্তে  আপুনি আওকাণ নকৰিব। কাৰণ ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। সপোন বিজ্ঞানৰ মতে এই সপোন দেখিলে মানুহৰ উপাৰ্জন বৃদ্ধি পায়। কেৱল এয়াই নহয়, টকাৰ আগমনৰ নতুন বাট মুকলি হয়।

দেৱতাৰ দৰ্শন: স্বপ্ন শাস্ত্ৰৰ মতে সপোনত দেৱ-দেৱী দেখাটোও অতি শুভ বুলি গণ্য কৰা হয়। এই সপোনৰ অৰ্থ হ’ল আগন্তুক দিনত আপোনাৰ ভাল দিন আৰম্ভ হ’বলৈ ওলাইছে। কেৱল এয়াই নহয়, সপোনত দেৱ-দেৱী দেখাৰ অৰ্থ হ’ল ব্যক্তিজনে প্ৰতিটো কামতে সফলতা লাভ কৰিবলৈ গৈ আছে আৰু টকাও পাব।

গছত লাগি থকা ফল দেখা: সপোন বিজ্ঞানৰ মতে যদি কোনো ব্যক্তিয়ে সপোনত ফলৰে ভৰা গছ দেখে তেন্তে বুজিব যে আপোনাৰ ভাগ্য অতি সোনকালে জিলিকি উঠিব। এই সপোন জ্যোতিষত অতি শুভ বুলি গণ্য কৰা হয় আৰু ইয়াৰ অৰ্থ হ’ল ভৱিষ্যতে আপুনি ধনী হ’বলৈ গৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম