--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আপুনি দৈনিক ব্ৰেকফাষ্টত গজালি ওলোৱা মগু সেৱন কৰিবলৈ আৰম্ভ কৰে, তেন্তে লাভ কৰিব বহু স্বাস্থ্যজনিত উপকাৰ। কাৰণ গজালি ওলোৱা মগুত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যিয়ে আপোনাক হজম শক্তিত সহায় কৰে। ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, যাৰ বাবে গেছ আৰু হজমৰ সৈতে জড়িত যিকোনো সমস্যা নিৰাময়ত সহজ হৈ পৰে।

 ইয়াৰ ৭টা উপকাৰ-

১. গজালি ওলোৱা মগু খালে বাৰ্ধক্যৰ সমস্যা দূৰ হয়। ই অকাল বয়স বৃদ্ধি ৰোধ কৰে।

২. যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে আপোনাৰ তালিকাত এইবিধ খাদ্য অন্তৰ্ভুক্ত কৰক, ইয়াৰ ফলত বহু পৰিমাণে ওজন হ্ৰাস হ’ব।

৩. ৰক্তহীনতাত ভোগা লোকসকলেও অংকুৰিত মুগু সেৱন কৰিব লাগে। এনে মগুত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। সেইবাবেই ইয়াৰ সেৱনে তেজত অক্সিজেন আৰু ৰক্তকণিকাৰ মাত্ৰা বৃদ্ধি কৰি শৰীৰৰ ৰক্তহীনতা দূৰ কৰে আৰু ৰক্তহীনতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

৪. গজালি ওলোৱা মগুত প্ৰচুৰ পৰিমাণে ভিটামিন-এ পোৱা যায়। চকুৰ দৃষ্টিশক্তি বৃদ্ধিত এই ভিটামিন-এ অতি ফলপ্ৰসূ। লগতে অংকুৰিত মুগুত পোৱা এন্টিঅক্সিডেন্টে চকুৰ কোষক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে।

৫. গজালি ওলোৱা মুগুত ওমেগা-৩ ফেটি এচিড থাকে যিয়ে ভাল কলেষ্টেৰল বৃদ্ধি কৰে আৰু বেয়া কলেষ্টেৰল হ্ৰাস কৰে।

 6. তেজৰ সঞ্চালন উন্নত কৰে, যাৰ ফলত তেজ সকলো অংগত সহজে পোৱা যায়।

৭. গজালি ওলোৱা মগুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত পোৱা পুষ্টিকৰ উপাদানে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, ফলত বীজাণুৱে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম