--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই কয় সপোনত দেখা বহু কথাই ফলিয়ায়। সপোনত দেখা বহু ঘটনাৰেই ইতিবাচক অথবা নেতিবাচক প্ৰভাৱ থকাৰ কথা ফেংছুইয়েও কৈ আহিছে। ফেংছুইৰ বিধান অনুসৰি সপোনত কিছুমান বস্তু দেখিলে সপোন দেখা জনৰ মংগল হয় যদিও কিছুমান দৃশ্যই অমংগলৰ বাৰ্তাও বহন  কৰিব পাৰে।

সপোনত ভেকুলী দেখিলেঃ সপোনত ভেকুলী দেখাতো অতি উত্তম ফলদায়ক কথা। ভেকুলীয়ে সদায় শুভ ফলকেই প্রতিফলিত কৰে। ফেংছুইত সেইবাবে ভেকুলী, ড্রেগন আদি প্রাণীসমূহক শুভ ফলদায়ক প্রাণী হিচাপে গণ্য কৰি অহা হৈছে। সপোনত যদি আপুনি ভেকুলী দেখে তেন্তে আপোনাৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধনৰ আগমন ঘটিব। কেৱল ভেকুলীয়েই নহয়, সপোনত ৰঙা বাদুলী দেখিলেও একে ফলেই পোৱা যায়। সপোনত যদি সেউজীয়া ভেকুলী দেখে তেন্তে   সেয়া অতি ভাল কথা বুলি ফেংছুইয়ে বিবেচনা কৰি আহিছে।

সপোনত হত্যাৰ দৃশ্য দেখিলে : সপোনত হত্যাৰ দৃশ্য দেখাৰ কথাটোক ফেংছুইয়ে ইতিবাচকভাবে গ্ৰহণ কৰাৰ পৰামৰ্শ দি আহিছে। হত্যাকাণ্ডৰ দৃশ্য দেখা লোকজনে মনটো বেয়া কৰিব নালাগে। ইয়াৰ বিপৰীতে তেনে লোকৰ মনত যিবোৰ নেতিবাচক চিন্তাই ক্ৰিয়া কৰি আছে তেনে চিন্তাসমূহ মনৰ পৰা একেবাৰে উলিয়াই দিব লাগে। ফেংছুইৰ মতে সপোনত হত্যাৰ দৃশ্য দেখাৰ অৰ্থ হ'ল মনৰ পৰা নেতিবাচক চিন্তাবোৰক উলিয়াই দিয়া অর্থাৎ তেনে চিন্তাক হত্যা কৰা।

সপোনত পর্বত দেখিলেঃ ফেংছুইৰ মতে সপোনত পৰ্বত-পাহাৰ আদি দেখাটো শুভ ফলদায়ক কথা। পৰ্বত- পাহাৰে সদায় ইতিবাচক কথাকেই প্রতিফলিত কৰে। পৰ্বত-পাহাৰ বগোৱা দেখা লোকজনৰ নতুন কামৰ সংযোগ ঘটে। তেনে লোকে পূৰ্বৰে পৰা কৰি থকা কামটোত উন্নতি লাভ কৰিবলৈ সক্ষম হয়। সেয়ে পর্বত দেখাটো ফেংছুইৰ মতে ইতিবাচক কথা।

সপোনত হাই-কাজিয়া দেখিলে : সপোনত হাই-কাজিয়া দেখাটো বৰ এটা ভাল কথা নহয়। এনে সপোনে সপোন দেখাজনৰ মনত নেতিবাচক ক্ৰিয়াৰ সৃষ্টি কৰে। হাই-কাজিয়া দেখিলে সেয়ে সদায় আনৰ সৈতে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেই বিষয়ত সজাগ হ'ব লাগে।

সপোনত সাপ দেখিলে : সপোনত সাপ দেখিলে বৰ এটা ইতিবাচক কথা নহয়। সাপ দেখিলে বাস্তৱ জীৱনত বিপদ হোৱাৰ আশংকা থাকে। সপোনত যদি সাপ মৰা দেখা হয় অথবা কোনো দুৰ্ঘটনাত সাপ মৰি যোৱা দেখে তেন্তে সেয়া ভাল কথা নহয়। সপোনত সাপ দেখিলে সেয়ে বাস্তৱ জীৱনত যাতে কোনো দুর্ঘটনা অথবা আন অপায়-অমংগল নহয় সেই বিষয়ত সতৰ্ক হৈ থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু