--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাজাৰ হাজাৰ বছৰ পুৰণি ফেংছুইত কাছই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। কাছ হৈছে বিশ্বৰ দীৰ্ঘজীৱী প্রাণীসমূহৰ ভিতৰত অন্যতম। কাছৰ আয়ুস সৰ্বাধিক ৩০০ বছৰ অথবা তাতোকৈয়ো বেছি হ'ব পাৰে। অৰ্থাৎ কাছই মানুহৰ কেইবাটাও প্ৰজন্মৰ সংস্পৰ্শলৈ আহিব পাৰে।

সেয়ে কাছক দীর্ঘায়ুৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ফেংছুইৰ মতে কাছৰ দেহৰ পৰা বিচ্ছুৰিত শক্তিয়ে মানুহৰ আয়ুস বৃদ্ধি কৰে। জীৱন্ত কাছ যিহেতু মানুহে ঘৰত ৰখাটো সম্ভৱ নহয়, সেয়ে কাছৰ মূৰ্তি ঘৰত ৰাখিলেও মানুহে সুফল লাভ কৰিব পাৰে। 


কাঠ, বাঁহ, ধাতু আদিৰে নিৰ্মাণ কৰা কাছৰ মূৰ্তি ঘৰৰ নিৰ্দিষ্ট স্থানত ৰাখিব লাগে। ফেংছুইৰ মতে উত্তৰ দিশটো হ'ল জল তথা সৌভাগ্যৰ অৱস্থানৰ দিশ।  কাছ যিহেতু পানীত থাকে, সেইবাবে ঘৰৰ উত্তৰ দিশত কাছৰ মূৰ্তি স্থাপন কৰিলে ঘৰৰ সদস্যসকলে দীর্ঘজীৱন লাভ কৰাৰ লগতে সৌভাগ্য বৃদ্ধি পায়। 

একেদৰে ঘৰৰ ভিতৰৰ উত্তৰ দিশত কোনো পানীপূৰ্ণ পাত্ৰত কাছৰ মূৰ্তি ৰাখিলেও একে শুভ ফলেই লাভ কৰা যায়। আপোনাৰ শোৱনি কোঠাটো যদি উত্তৰ দিশে স্থপন কৰা হয়, তেন্তে তেনে শোৱনি কোঠাৰ ভিতৰত পানীপূৰ্ণ পাত্ৰত কাছৰ মূৰ্তি ৰখাৰ সলনি মূৰ্তিটো এনেই ৰাখিলেও সুফল পোৱা যাব। 

কাৰণ শোৱনি কোঠাত কেতিয়াও পানী ৰাখিব নালাগে। যদি আপোনাৰ ঘৰৰ উত্তৰ দিশে কোনো মুকলি ঠাই থাকে তেন্তে সেই ঠাইত এটা সৰু পুখুৰী অথবা জলাশয় সৃষ্টি কৰি তাত কাছ পুহিব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু