--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাজাৰ হাজাৰ বছৰ পুৰণি ফেংছুইত কাছই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। কাছ হৈছে বিশ্বৰ দীৰ্ঘজীৱী প্রাণীসমূহৰ ভিতৰত অন্যতম। কাছৰ আয়ুস সৰ্বাধিক ৩০০ বছৰ অথবা তাতোকৈয়ো বেছি হ'ব পাৰে। অৰ্থাৎ কাছই মানুহৰ কেইবাটাও প্ৰজন্মৰ সংস্পৰ্শলৈ আহিব পাৰে।

সেয়ে কাছক দীর্ঘায়ুৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ফেংছুইৰ মতে কাছৰ দেহৰ পৰা বিচ্ছুৰিত শক্তিয়ে মানুহৰ আয়ুস বৃদ্ধি কৰে। জীৱন্ত কাছ যিহেতু মানুহে ঘৰত ৰখাটো সম্ভৱ নহয়, সেয়ে কাছৰ মূৰ্তি ঘৰত ৰাখিলেও মানুহে সুফল লাভ কৰিব পাৰে। 


কাঠ, বাঁহ, ধাতু আদিৰে নিৰ্মাণ কৰা কাছৰ মূৰ্তি ঘৰৰ নিৰ্দিষ্ট স্থানত ৰাখিব লাগে। ফেংছুইৰ মতে উত্তৰ দিশটো হ'ল জল তথা সৌভাগ্যৰ অৱস্থানৰ দিশ।  কাছ যিহেতু পানীত থাকে, সেইবাবে ঘৰৰ উত্তৰ দিশত কাছৰ মূৰ্তি স্থাপন কৰিলে ঘৰৰ সদস্যসকলে দীর্ঘজীৱন লাভ কৰাৰ লগতে সৌভাগ্য বৃদ্ধি পায়। 

একেদৰে ঘৰৰ ভিতৰৰ উত্তৰ দিশত কোনো পানীপূৰ্ণ পাত্ৰত কাছৰ মূৰ্তি ৰাখিলেও একে শুভ ফলেই লাভ কৰা যায়। আপোনাৰ শোৱনি কোঠাটো যদি উত্তৰ দিশে স্থপন কৰা হয়, তেন্তে তেনে শোৱনি কোঠাৰ ভিতৰত পানীপূৰ্ণ পাত্ৰত কাছৰ মূৰ্তি ৰখাৰ সলনি মূৰ্তিটো এনেই ৰাখিলেও সুফল পোৱা যাব। 

কাৰণ শোৱনি কোঠাত কেতিয়াও পানী ৰাখিব নালাগে। যদি আপোনাৰ ঘৰৰ উত্তৰ দিশে কোনো মুকলি ঠাই থাকে তেন্তে সেই ঠাইত এটা সৰু পুখুৰী অথবা জলাশয় সৃষ্টি কৰি তাত কাছ পুহিব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ