--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেওবাৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা কেৰালাৰ পৰা বিজেপিৰ প্ৰথমজন সাংসদ সুৰেশ গোপীয়ে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা আছে। শপতগ্ৰহণৰ পিছত হোৱা এক সাক্ষাৎকাৰত তেওঁ মন্ত্ৰী পদ বিচৰা নাই বুলি উল্লেখ কৰি শীঘ্ৰে এই পদৰ পৰা মুক্তি পাব বুলি আশাবাদী বুলি ব্যক্ত কৰে।


মন্ত্ৰী পদ ত্যাগ কৰিব বিচৰাৰ কাৰণ হিচাপে তেওঁ কৈছিল যে মই চিনেমাত চহী কৰিছো আৰু মই চিনেমাখন কৰিব লাগিব। সুৰেশ গোপীয়ে কয়, ‘মই থ্ৰিছুৰৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিম।’ সুৰেশ গোপীয়ে ত্ৰিছুৰ সংসদীয় সমষ্টিৰ পৰা জয়লাভ কৰি কেৰালাৰ প্ৰথমজন বিজেপি সাংসদ হিচাপে ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী ভি এছ সুনীলকুমাৰক ৭৪৬৮৬ ভোটত পৰাস্ত কৰে সুৰেশ গোপীয়ে।

সুৰেশ গোপীয়ে কয়, ‘মোৰ উদ্দেশ্য সাংসদ হিচাপে কাম কৰা। মই একো বিচৰা নাছিলো, কলো এই পোষ্টটোৰ প্ৰয়োজন নাই। পোষ্টটোৰ পৰা সোনকালে সকাহ পাম বুলি ভাবো। থ্ৰিছুৰৰ ভোটাৰৰ কোনো সমস্যা নাই। তেওঁলোকে এই কথা জানে আৰু এজন সাংসদ হিচাপে মই তেওঁলোকৰ বাবে সঁচাকৈয়ে ভাল কাম কৰিম। যিকোনো মূল্যৰ বিনিময়ত মোৰ ছবিবোৰ কৰিব লাগিব।


যিখন আসনৰ পৰা সুৰেশ গোপীয়ে জয়লাভ কৰিছিল, সেইখন আসন বিগত নিৰ্বাচনত কংগ্ৰেছলৈ গৈছিল। সুৰেশ গোপী লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদো আছিল। ২০১৬ চনত তেওঁ ৰাজ্যসভালৈ মনোনীত হৈছিল। ৰাজ্যসভাত তেওঁৰ কাৰ্যকাল ২০২২ চনলৈকে আছিল।


সুৰেশ গোপী মূলত কেৰালাৰ আলাপ্পুঝাৰ। তেখেতৰ জন্ম হৈছিল ১৯৫৮ চনত। কোল্লামৰ পৰা বিজ্ঞান বিষয়ত ডিগ্ৰী লৈ ইংৰাজীত স্নাতকোত্তৰ কৰিছিল। সুৰেশ ছবিৰ লগতো সম্পৰ্কিত। শিশু শিল্পী হিচাপে ছবিত কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছত বহু ছবিত কাম কৰিছিল। সুৰেশ গোপীয়ে বহু ছবিতো মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ১৯৯৮ চনৰ কলিয়াট্টম ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ দীৰ্ঘদিন ধৰি টিভি শ্ব’ও আয়োজন কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ