--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ইন্দোৰ ভাৰতৰ স্বচ্ছ চহৰৰ যেন সমাৰ্থক হৈ পৰিছে। স্বচ্ছ সুৰক্ষা ২০২৩ত ইন্দোৰে পুনৰবাৰ দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। ইন্দোৰ সপ্তমবাৰৰ বাবে দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে পৰিগণিত হৈছে। ৰাজধানী দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ টীম ইন্দোৰৰ হৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, ইন্দোৰৰ বিধায়ক কৈলাশ বিজয়বৰ্গীয়াৰ সৈতে ইন্দোৰৰ মেয়ৰ পূষ্যমিত্ৰ ভাৰ্গৱ উপস্থিত হয়। ইন্দোৰক আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে আৰু মধ্যপ্ৰদেশক দ্বিতীয় স্বচ্ছ ৰাজ্য হিচাপে নিৰ্বাচিত কৰা হৈছে।

মধ্যপ্ৰদেশৰ ইন্দোৰ একেৰাহে ৭বাৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে দখল কৰিছে। অৱশ্যে এইবাৰ ইন্দোৰৰ লগতে গুজৰাটৰ চুৰাটেও প্ৰথম স্থান লাভ কৰিছে। স্বচ্ছ ভাৰত জৰীপত এইবাৰ প্ৰথম স্থান লাভ কৰিছে দুখন চহৰে। ইন্দোৰৰ উপৰিও বৰ্তমান গুজৰাটৰ চুৰাটও যৌথভাৱে দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে পৰিগণিত হৈছে। আটাইতকৈ পৰিষ্কাৰ চহৰৰ বঁটা লাভ কৰাৰ পাছত কৈলাশ বিজয়বৰ্গীয়াইও টুইটৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰি কয় যে ইন্দোৰে একেৰাহে সপ্তমবাৰৰ বাবে এই সন্মান লাভ কৰিছে।

ইন্দোৰৰ সমান্তৰালকৈ মধ্যপ্ৰদেশকো স্বচ্ছ সুৰক্ষা ২০২৩ত দেশৰ দ্বিতীয় স্বচ্ছ ৰাজ্য হিচাপে নিৰ্বাচিত কৰা হৈছে। দেশৰ ভিতৰতে স্বচ্ছ ৰাজ্য হিচাপে পৰিগণিত হৈছে মহাৰাষ্ট্ৰ। মধ্যপ্ৰদেশে লাভ কৰা স্বচ্ছতাৰ বঁটা গ্ৰহণৰ বাবে মঞ্চত উপস্থিত হয় মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে। দেশৰ ভিতৰতে তৃতীয় স্বচ্ছ ৰাজ্য হিচাপে পৰিগণিত হৈছে ছত্তীশগড়।

স্বচ্ছ সুৰক্ষা ২০২৩ য়ে মধ্যপ্ৰদেশৰ ৰাইজক গৌৰৱৰ মুহূৰ্ত প্ৰদান কৰিছে।উল্লেখ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা কৈলাশ বিজয়বৰ্গীয়াই ইতিমধ্যে ঘোষণা কৰিছিল যে এইবাৰ ইন্দোৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হ’ব। এনে পৰিস্থিতিত তেওঁ টীম ইন্দোৰৰ হৈ দিল্লীত আয়োজন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল। এই সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীও উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক