--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ইন্দোৰ ভাৰতৰ স্বচ্ছ চহৰৰ যেন সমাৰ্থক হৈ পৰিছে। স্বচ্ছ সুৰক্ষা ২০২৩ত ইন্দোৰে পুনৰবাৰ দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। ইন্দোৰ সপ্তমবাৰৰ বাবে দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে পৰিগণিত হৈছে। ৰাজধানী দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ টীম ইন্দোৰৰ হৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, ইন্দোৰৰ বিধায়ক কৈলাশ বিজয়বৰ্গীয়াৰ সৈতে ইন্দোৰৰ মেয়ৰ পূষ্যমিত্ৰ ভাৰ্গৱ উপস্থিত হয়। ইন্দোৰক আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে আৰু মধ্যপ্ৰদেশক দ্বিতীয় স্বচ্ছ ৰাজ্য হিচাপে নিৰ্বাচিত কৰা হৈছে।

মধ্যপ্ৰদেশৰ ইন্দোৰ একেৰাহে ৭বাৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে দখল কৰিছে। অৱশ্যে এইবাৰ ইন্দোৰৰ লগতে গুজৰাটৰ চুৰাটেও প্ৰথম স্থান লাভ কৰিছে। স্বচ্ছ ভাৰত জৰীপত এইবাৰ প্ৰথম স্থান লাভ কৰিছে দুখন চহৰে। ইন্দোৰৰ উপৰিও বৰ্তমান গুজৰাটৰ চুৰাটও যৌথভাৱে দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে পৰিগণিত হৈছে। আটাইতকৈ পৰিষ্কাৰ চহৰৰ বঁটা লাভ কৰাৰ পাছত কৈলাশ বিজয়বৰ্গীয়াইও টুইটৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰি কয় যে ইন্দোৰে একেৰাহে সপ্তমবাৰৰ বাবে এই সন্মান লাভ কৰিছে।

ইন্দোৰৰ সমান্তৰালকৈ মধ্যপ্ৰদেশকো স্বচ্ছ সুৰক্ষা ২০২৩ত দেশৰ দ্বিতীয় স্বচ্ছ ৰাজ্য হিচাপে নিৰ্বাচিত কৰা হৈছে। দেশৰ ভিতৰতে স্বচ্ছ ৰাজ্য হিচাপে পৰিগণিত হৈছে মহাৰাষ্ট্ৰ। মধ্যপ্ৰদেশে লাভ কৰা স্বচ্ছতাৰ বঁটা গ্ৰহণৰ বাবে মঞ্চত উপস্থিত হয় মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে। দেশৰ ভিতৰতে তৃতীয় স্বচ্ছ ৰাজ্য হিচাপে পৰিগণিত হৈছে ছত্তীশগড়।

স্বচ্ছ সুৰক্ষা ২০২৩ য়ে মধ্যপ্ৰদেশৰ ৰাইজক গৌৰৱৰ মুহূৰ্ত প্ৰদান কৰিছে।উল্লেখ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা কৈলাশ বিজয়বৰ্গীয়াই ইতিমধ্যে ঘোষণা কৰিছিল যে এইবাৰ ইন্দোৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হ’ব। এনে পৰিস্থিতিত তেওঁ টীম ইন্দোৰৰ হৈ দিল্লীত আয়োজন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল। এই সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীও উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু