--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ হৈছে প্ৰাক্তন অসামৰিক বিমান পৰিবহণ মন্ত্ৰী অশোক গজাপতি ৰাজুৰ এখন ছবি। এই ফটোখনত তেওঁক পৰিয়ালৰ সৈতে হায়দৰাবাদ ৰেলৱে ষ্টেচনত ৰেলৰ বাবে অপেক্ষা কৰি থকা দেখা গৈছে। ছবিখনত তেওঁৰ সৰলতাক মানুহে ভাল পাইছে, আৰু মানুহে কমেণ্টত তেওঁৰ সৰলতাক প্ৰশংসা কৰিছে।

ভাইৰেল ফটোখনত আপুনি দেখা পাব অশোক গজাপতিক নীলা জেকেট পিন্ধি থকা। পিছফালে হায়দৰাবাদ ৰেল ষ্টেচনৰ বৰ্ড এখন। প্লেটফৰ্মত চৌপাশে আন মানুহৰ ভিৰ। ‘তেলেগু দেশম পাৰ্টি’ৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ‘এক্স’ত এই ছবিখন শ্বেয়াৰ কৰিছে। ইয়াৰ কেপচনত লিখা আছে - হায়দৰাবাদ ৰেলৱে ষ্টেচনত সাধাৰণ মানুহৰ দৰে ঘৰলৈ উভতি যাবলৈ ৰেলখনলৈ অপেক্ষা কৰি থকা নিজৰ অধিকাৰত ৰজা অশোক গজপতি ৰাজু। তেওঁ সততা আৰু সত্যৰ প্ৰতীক। তেওঁ সদায় ৰাইজৰ বাবে যি ভাল তাকেই কৰে। ক্ষমতাই তেওঁক কেতিয়াও দুৰ্নীতিগ্ৰস্ত কৰিব নোৱাৰিলে। এয়া আপোনাৰ বাবে তেলেগু দেশম!

মন্ত্ৰী গজপতি ৰাজুৰ এই ছবিখন শ্বেয়াৰ কৰাৰ কেইঘণ্টামানৰ ভিতৰতে হাজাৰৰো অধিক লাইক লাভ কৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কয় যে তেওঁ অতি সহজ আৰু নম্ৰ কেইজনমান নেতাৰ ভিতৰত এজন। একাংশ লোকে মন্তব্যত কয় যে মন্ত্ৰী গজপতি ৰাজুক কোনো নিৰাপত্তাৰ আৱৰণ নোহোৱাকৈ বিজিয়ানগৰত ঘূৰি ফুৰা দেখিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে – এজন সাধাৰণ মানুহ, এজন ডাউন টু আৰ্থ নেতা। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে – তেওঁ এটা ৰাজপৰিয়ালৰ, ইয়াৰ পিছতো তেওঁ ৰাজহুৱা জীৱনতো সৰলতা ভাল পায়। তৃতীয় ব্যক্তিয়ে লিখিছে – সাধাৰণ মানুহৰ আকাংক্ষা পূৰণৰ বাবে নেতাসকলৰ এনে গুণৰ অতি প্ৰয়োজন।

ৰাজপৰিয়ালৰ সৈতে সম্পৰ্ক

বিজিয়ানগৰৰ শেষৰজন মহাৰাজৰ কনিষ্ঠ পুত্ৰ গজপতি ৰাজুৱে দীৰ্ঘদিন ধৰি অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত ডাঙৰ নেতা হিচাপে কাম কৰি আহিছে। ২৫ বছৰতকৈও অধিক সময় ধৰি অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৩ বছৰ ধৰি অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি বাণিজ্যিক কৰ, আবকাৰী, বিধান পৰিক্ৰমা, বিত্ত, পৰিকল্পনা আৰু ৰাজহ বিভাগৰ দায়িত্বত আছিল। ২৫ বছৰতকৈ অধিক সময় অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক বিধানসভাৰ সদস্য আছিল। ২০১৪ চনৰ মে’ৰ পৰা ২০১৮ চনৰ মাৰ্চলৈকে নৰেন্দ্ৰ মোদী চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু