--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী মোদীৰ মাতৃ হীৰাবেন মোদীয়ে ১৮ জুনত শতায়ু গৰকিব৷ আৰু সেই উপলক্ষ্যত গান্ধীনগৰত তেওঁৰ বাবে নামকৰণ কৰা হ’ব এটি পথ৷

গান্ধীনগৰৰ মেয়ৰ হিতেশ মাকৱানাই ঘোষণা কৰে যে  যেতিয়া হীৰাবেনে ১০০ বছৰ বয়সত প্ৰৱেশ কৰিছে, আমি ৰায়চান অঞ্চলৰ এটা ৮০ মিটাৰ পথৰ নাম ‘পূজ্য হীৰাবা মাৰ্গ’ হিচাপে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ, যাতে পৰৱৰ্তী প্ৰজন্মই তেওঁৰ জীৱনৰ পৰা অনুপ্ৰেৰণা পাব পাৰে৷

হীৰাবেনে প্ৰধানমন্ত্ৰীৰ সৰু ভায়েক পংকজ মোদীৰ সৈতে গান্ধীনগৰ চহৰৰ উপকণ্ঠৰ ৰশ্বান গাঁৱত বাস কৰে। অঞ্চলটো বিজেপি শাসিত গান্ধীনগৰ পৌৰ নিগমৰ অন্তৰ্গত।

১৮ জুনত গুজৰাটত উপস্থিত হ’বলগীয়া প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মাতৃক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে বুলি শীৰ্ষ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷

মোডীয়ে ১৮ জুনত এদিনৰ গুজৰাট ভ্ৰমণত যাব, তেওঁ পাৱাগড় মন্দিৰ পৰিদৰ্শন কৰিব আৰু পিছত বদোদৰাত এখন জনসভা সম্বোধন কৰিব।

মোদী পৰিয়ালে সেইদিনা আহমেদাবাদৰ জগন্নাথ মন্দিৰত সামূহিক আহাৰ বিতৰণৰ পৰিকল্পনা কৰিছে।

ভাদনগৰৰ হাতকেশ্বৰ মহাদেৱ মন্দিৰে প্ৰধানমন্ত্ৰীৰ মাতৃৰ দীৰ্ঘজীৱন আৰু স্বাস্থ্যৰ বাবে বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে মোদীয়ে ১৮ জুনত পাৱাগড় পাহাৰত শ্ৰীকালিকা মাতাৰ পুনৰ্বিকশিত মন্দিৰ উদ্বোধন কৰিব, তাৰ পিছত বিৰাসাত ভান ভ্ৰমণ কৰিব।

তেওঁ বদোদৰাত গুজৰাট গৌৰৱ অভিযানতো অংশগ্ৰহণ কৰিব, য’ত তেওঁ ২১,০০০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী