--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কৰনা ভাইৰাছৰ সংক্ৰমণৰ ফলত নাকৰ পৰা ৰক্তক্ষৰণ হোৱাৰ বাবে দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ কালি পুৱা স্বাস্থ্যপৰীক্ষা কৰা হৈছিল৷ গংগাৰাম হাস্পতালৰ চিকিৎসকৰ এটি দলে আজি এই তথ্য সদৰী কৰে৷ দলটোৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, হাস্পতালত ভৰ্তিৰ পাছত তেওঁৰ তলৰ শ্বাসনলীত ভেঁকুৰৰ সংক্ৰমণো ধৰা পৰিছিল।

ছোনিয়া গান্ধীক ১২ জুনত গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যেতিয়া তেওঁৰ নাকৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল। তেওঁ জুনত ভিডত আক্ৰান্ত হৈছিল৷ তেওঁক বৰ্তমান শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ লগতে ভিডৰ পিছৰ অন্যান্য লক্ষণৰ বাবে চিকিৎসা কৰি থকা হৈছে বুলি ৰমেশে জানিবলৈ দিয়ে৷ সম্প্ৰতি গান্ধী পৰ্যবেক্ষণ আৰু চিকিৎসকৰ তত্ত্বাৱধানত আছে৷

তেওঁৰ পুত্ৰ-কন্যা ৰাহুল আৰু প্ৰিয়ংকাই নিয়মীয়াকৈ তেওঁৰ সৈতে আছে বুলি জানিব পৰা গৈছে। মাতৃৰ চোৱাচিতা কৰিবলৈ ৰাহুল গান্ধীয়ে কালি চিকিৎসালয়ত উপস্থিত হৈছিল৷ মাতৃৰ স্বাস্থ্যৰ কথা উল্লেখ কৰি ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীয়ে প্ৰৱৰ্তন সঞ্চালকালয়ক নেচনেল হেৰাল্ডৰ সৈতে সম্পৰ্কিত অবৈধ ধন সৰবৰাহৰ গোচৰত চলি থকা শুনানি স্থগিত ৰাখিবলৈ কৈছিল।

তিনি দিনধৰি ইতিমধ্যে ৩০ ঘণ্টাতকৈও অধিক সময় ধৰি সোধা-পোছা কৰা ৰাহুল গান্ধীক এতিয়া ২০ জুনত পুনৰ সোধা-পোছা কৰা ব। কংগ্ৰেছৰ সাংসদজনক আগতে শুকুৰবাৰৰ বাবে মাতি পঠোৱা হৈছিল।

ছোনিয়া গান্ধীকো সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছিল কিন্তু তেওঁৰ অসুস্থতাৰ বাবে ২৩ জুনত হাজিৰ বলৈ কোৱা হৈছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ