--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কৰনা ভাইৰাছৰ সংক্ৰমণৰ ফলত নাকৰ পৰা ৰক্তক্ষৰণ হোৱাৰ বাবে দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ কালি পুৱা স্বাস্থ্যপৰীক্ষা কৰা হৈছিল৷ গংগাৰাম হাস্পতালৰ চিকিৎসকৰ এটি দলে আজি এই তথ্য সদৰী কৰে৷ দলটোৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, হাস্পতালত ভৰ্তিৰ পাছত তেওঁৰ তলৰ শ্বাসনলীত ভেঁকুৰৰ সংক্ৰমণো ধৰা পৰিছিল।

ছোনিয়া গান্ধীক ১২ জুনত গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যেতিয়া তেওঁৰ নাকৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল। তেওঁ জুনত ভিডত আক্ৰান্ত হৈছিল৷ তেওঁক বৰ্তমান শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ লগতে ভিডৰ পিছৰ অন্যান্য লক্ষণৰ বাবে চিকিৎসা কৰি থকা হৈছে বুলি ৰমেশে জানিবলৈ দিয়ে৷ সম্প্ৰতি গান্ধী পৰ্যবেক্ষণ আৰু চিকিৎসকৰ তত্ত্বাৱধানত আছে৷

তেওঁৰ পুত্ৰ-কন্যা ৰাহুল আৰু প্ৰিয়ংকাই নিয়মীয়াকৈ তেওঁৰ সৈতে আছে বুলি জানিব পৰা গৈছে। মাতৃৰ চোৱাচিতা কৰিবলৈ ৰাহুল গান্ধীয়ে কালি চিকিৎসালয়ত উপস্থিত হৈছিল৷ মাতৃৰ স্বাস্থ্যৰ কথা উল্লেখ কৰি ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীয়ে প্ৰৱৰ্তন সঞ্চালকালয়ক নেচনেল হেৰাল্ডৰ সৈতে সম্পৰ্কিত অবৈধ ধন সৰবৰাহৰ গোচৰত চলি থকা শুনানি স্থগিত ৰাখিবলৈ কৈছিল।

তিনি দিনধৰি ইতিমধ্যে ৩০ ঘণ্টাতকৈও অধিক সময় ধৰি সোধা-পোছা কৰা ৰাহুল গান্ধীক এতিয়া ২০ জুনত পুনৰ সোধা-পোছা কৰা ব। কংগ্ৰেছৰ সাংসদজনক আগতে শুকুৰবাৰৰ বাবে মাতি পঠোৱা হৈছিল।

ছোনিয়া গান্ধীকো সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছিল কিন্তু তেওঁৰ অসুস্থতাৰ বাবে ২৩ জুনত হাজিৰ বলৈ কোৱা হৈছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে