প্ৰতিবছৰৰ দৰে এইবাৰো দীপাৱলীৰ পবিত্ৰ উৎসৱৰ আনন্দ স্থানীয় জনসাধাৰণৰ সৈতে ভাগ বতৰা কৰে অসম ৰাইফলছে। পোহৰৰ উৎসৱটিৰ ক্ষণত ৰাইজৰ মাজলৈ আনন্দ কঢ়িয়াই অনাৰ উদ্দেশ্যৰে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়।
নিৰাপত্তা বাহিনীৰ জোৱানসকলে স্থানীয় লোকসকলক মিঠাই বিতৰণ কৰাৰ লগতে তেওঁলোকৰ সৈতে শুভেচ্ছা বিনিময় কৰে। এই প্ৰচেষ্টাৰ জৰিয়তে সাধাৰণ ৰাইজৰ সৈতে নিৰাপত্তা বাহিনীৰ সম্পৰ্ক অধিক সুদৃঢ় হোৱাৰ পথ মুকলি হৈছে বুলি জানিব পৰা গৈছে।
বিভিন্ন গুৰুত্বপূৰ্ণ উৎসৱৰ সময়ত জনসাধাৰণৰ মাজত এইধৰণৰ সামূহিক মতবিনিময় কাৰ্যসূচী নিয়মীয়াকৈ অনুষ্ঠিত কৰি আহিছে বাহিনীটোৱে। ইয়াৰ দ্বাৰা অঞ্চলটোত এক সুহৃদয়পূৰ্ণ পৰিৱেশ বৰ্তি থকাত সহায়ক হৈছে।