--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদৰ সময়ত মানুহে মানুহক অৰ্থসাহায্য আগবঢ়াই সহায় কৰে। সেই টকা কোনোৱে কেতিয়াও ঘূৰাই পোৱাৰ আশাৰে নিদিয়ে। অৰ্থসাহায্য আগবঢ়োৱা মানুহে মুক্তমনে, মুক্তহস্তে বিপদগ্ৰস্ত মানুহক সহায় কৰে, সেয়া লাগিলে এটকাৰে সহায় নহওক কিয়। ছ’চিয়েল মিডিয়াত এটা প’ষ্ট ভাইৰেল হৈ পৰিছে। এই প’ষ্টে নেটিজেনৰ হৃদয় জয় কৰিছে। এই প’ষ্টটো পঢ়াৰ পাছত বহু নেটিজেনে কৈছে যে মানৱতা আৰু সততা কেৱল এনে মানুহৰ বাবেই জীয়াই আছে। প্ৰকৃত ঘটনাটো কি জানো আহক।  

কমল সিং নামৰ এজন যুৱকে ডেৰ বছৰ আগতে ২০১ টকা দি এজন অচিনাকি মানুহক সহায় কৰিছিল। যেতিয়া সেই অচিনাকি মানুহজনে হঠাতে সেই ধনখিনি তেওঁক ঘূৰাই দিলে কমল সিং আচৰিত হৈ পৰিল। প্ৰথমে টকাখিনি ঘূৰাই পাওঁতে তেওঁ ভাবিছিল যে কোনে পইচা পঠালে, পাছত তেওঁ যেতিয়া জানিলে, তেতিয়া তেওঁ ভাবিলে যে এই কথাটো সকলোকে জনোৱাটো উচিত হ’ব। 

কমল সিঙে তেওঁৰ প'ষ্টত জনাইছে যে তেওঁ PhonePeত এজন অচিনাকি ব্যক্তিৰ পৰা ২০১ টকা লাভ কৰিছিল। তেওঁ ভাবিছিল এই টকা ক’ৰ পৰা সোমাল। কমলে দেখিলে যে তেওঁ প্ৰায় ১.৫ বছৰ আগতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ক্ৰাউডফাণ্ডিঙৰ অনুৰোধত ব্যক্তিজনক এটা সৰু সহায় আগবঢ়াইছিল। এজন ব্যক্তিয়ে নিজ মাতৃৰ চিকিৎসাৰ বাবে অৰ্থসাহায্য বিচাৰিছিল আৰু কমল সিঙে ২০১টকা দি সহায় কৰিছিল। 

কমলে সেই ব্যক্তিজনৰ সৈতে কথোপকথনৰ বাৰ্তাও শ্বেয়াৰ কৰে। কমলে তেওঁক সুধিলে 'আপোনাৰ মাৰ এতিয়া কেনেকুৱা?' ইয়াৰ উত্তৰত ব্যক্তিজনে লিখিলে- 'তেওঁৰ ভাল আৰু মোৰ ব্যৱসায়ো ভালদৰে চলি আছে। প্ৰয়োজনৰ সময়ত ৰাইজৰ পৰা লোৱা ধনৰাশি বৰ্তমান মই উভতাই দিছোঁ।'  কমলে প'ষ্টটোত লিখে যে 'মানুহে টকাৰ পাছত দৌৰি থকা এই পৃথিৱীত তেওঁৰ সততা দেখি মই অভিভূত হৈ পৰিছোঁ।'


কমল সিঙৰ এই প'ষ্ট বৰ্তমান ভাইৰেল হৈ পৰিছে, যিটো সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে শ্বেয়াৰ হৈছে। প'ষ্টটোৰ প্ৰমাণ হিচাপে কমল সিঙে পেমেণ্টৰ স্ক্ৰীণশ্বটো শ্বেয়াৰ কৰিছে। নেটিজেনসকলে ব্যক্তিজনৰ উদাৰতা আৰু সততাৰ শলাগ লৈছে। বহুতে মন্তব্য কৰিছে যে এনে মানুহৰ বাবেই মানৱতা আৰু সততাৰ ওপৰত আস্থা ৰৈ যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement