--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদৰ সময়ত মানুহে মানুহক অৰ্থসাহায্য আগবঢ়াই সহায় কৰে। সেই টকা কোনোৱে কেতিয়াও ঘূৰাই পোৱাৰ আশাৰে নিদিয়ে। অৰ্থসাহায্য আগবঢ়োৱা মানুহে মুক্তমনে, মুক্তহস্তে বিপদগ্ৰস্ত মানুহক সহায় কৰে, সেয়া লাগিলে এটকাৰে সহায় নহওক কিয়। ছ’চিয়েল মিডিয়াত এটা প’ষ্ট ভাইৰেল হৈ পৰিছে। এই প’ষ্টে নেটিজেনৰ হৃদয় জয় কৰিছে। এই প’ষ্টটো পঢ়াৰ পাছত বহু নেটিজেনে কৈছে যে মানৱতা আৰু সততা কেৱল এনে মানুহৰ বাবেই জীয়াই আছে। প্ৰকৃত ঘটনাটো কি জানো আহক।  

কমল সিং নামৰ এজন যুৱকে ডেৰ বছৰ আগতে ২০১ টকা দি এজন অচিনাকি মানুহক সহায় কৰিছিল। যেতিয়া সেই অচিনাকি মানুহজনে হঠাতে সেই ধনখিনি তেওঁক ঘূৰাই দিলে কমল সিং আচৰিত হৈ পৰিল। প্ৰথমে টকাখিনি ঘূৰাই পাওঁতে তেওঁ ভাবিছিল যে কোনে পইচা পঠালে, পাছত তেওঁ যেতিয়া জানিলে, তেতিয়া তেওঁ ভাবিলে যে এই কথাটো সকলোকে জনোৱাটো উচিত হ’ব। 

কমল সিঙে তেওঁৰ প'ষ্টত জনাইছে যে তেওঁ PhonePeত এজন অচিনাকি ব্যক্তিৰ পৰা ২০১ টকা লাভ কৰিছিল। তেওঁ ভাবিছিল এই টকা ক’ৰ পৰা সোমাল। কমলে দেখিলে যে তেওঁ প্ৰায় ১.৫ বছৰ আগতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ক্ৰাউডফাণ্ডিঙৰ অনুৰোধত ব্যক্তিজনক এটা সৰু সহায় আগবঢ়াইছিল। এজন ব্যক্তিয়ে নিজ মাতৃৰ চিকিৎসাৰ বাবে অৰ্থসাহায্য বিচাৰিছিল আৰু কমল সিঙে ২০১টকা দি সহায় কৰিছিল। 

কমলে সেই ব্যক্তিজনৰ সৈতে কথোপকথনৰ বাৰ্তাও শ্বেয়াৰ কৰে। কমলে তেওঁক সুধিলে 'আপোনাৰ মাৰ এতিয়া কেনেকুৱা?' ইয়াৰ উত্তৰত ব্যক্তিজনে লিখিলে- 'তেওঁৰ ভাল আৰু মোৰ ব্যৱসায়ো ভালদৰে চলি আছে। প্ৰয়োজনৰ সময়ত ৰাইজৰ পৰা লোৱা ধনৰাশি বৰ্তমান মই উভতাই দিছোঁ।'  কমলে প'ষ্টটোত লিখে যে 'মানুহে টকাৰ পাছত দৌৰি থকা এই পৃথিৱীত তেওঁৰ সততা দেখি মই অভিভূত হৈ পৰিছোঁ।'


কমল সিঙৰ এই প'ষ্ট বৰ্তমান ভাইৰেল হৈ পৰিছে, যিটো সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে শ্বেয়াৰ হৈছে। প'ষ্টটোৰ প্ৰমাণ হিচাপে কমল সিঙে পেমেণ্টৰ স্ক্ৰীণশ্বটো শ্বেয়াৰ কৰিছে। নেটিজেনসকলে ব্যক্তিজনৰ উদাৰতা আৰু সততাৰ শলাগ লৈছে। বহুতে মন্তব্য কৰিছে যে এনে মানুহৰ বাবেই মানৱতা আৰু সততাৰ ওপৰত আস্থা ৰৈ যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু