--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুটোৱে পেটত তীব্ৰ বিষ অনুভৱ কৰিছিল৷ সেয়ে শিশুটিক  চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল অভিভাৱকে। প্ৰথমতে তেওঁৰ পেটৰ সমস্যা কিহৰ বাবে হৈছে সেয়া চিকিৎসকে নিৰ্ণয় কৰিব পৰা নাছিল। পিছত  পেটৰ বিষৰ কাৰণ জানিবলৈ এটা আল্ট্ৰাচোনোগ্ৰাফী কৰাৰ সিদ্ধান্ত লোৱা হয়। চিকিৎসকসকলে আল্ট্ৰাচোনোগ্ৰাফীৰ প্ৰতিবেদন দেখি আচৰিত হৈ পৰে৷ 

ঘটনাটো 'জাৰ্নেল অফ পেডিয়াট্ৰিক চাৰ্জাৰী কেছ ৰিপ'ৰ্ট' শীৰ্ষক এখন চিকিৎসা আলোচনীত প্ৰকাশ পাইছে৷ চাৰি বছৰীয়া শিশুটোৰ আল্ট্ৰাচোনোগ্ৰাফীয়ে দেখুৱায় যে তেওঁৰ পেটত কেইবাটাও সৰু ঘূৰণীয়া চুম্বক আছে। শিশুটোৱে খেলি থাকোতে সেইবোৰ  গিলি পেলাইছিল। ফলত শিশুটিৰ পেটৰ অসহনীয় বিষ আৰম্ভ হয়।প্ৰতিবেদনত উল্লেখ কৰা  অনুসৰি শিশুটোৱে  দুদিন ধৰি পেটৰ বিষত ভুগি আছিল। 

শিশুটিয়ে বাৰে বাৰে বমি কৰিছিল৷চিকিৎসকসকলে প্ৰথমতে ভাবিছিল যে শিশুটো এপেণ্ডিক্সৰ সংক্ৰমণত  আক্ৰান্ত হৈছে । সেই অনুসৰি তেওঁলোকৰ চিকিৎসা কৰা হয়। কিন্তু চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পাছতো তেওঁৰ পেটৰ বিষ কমা  নাছিল। নিৰন্তৰ বমি হৈ আছিল।ইয়াৰ পিছত আল্ট্ৰাচোনোগ্ৰাফী কৰা হয়। চিকিৎসকে দেখিলে যে শিশুটোৱে গিলি দিয়া সৰু চুম্বকবোৰ, পেটৰ ভিতৰত গোট খাই এডাল  ঘূৰণীয়া নেকলেসৰ ৰূপ লৈছে। 

চিকিৎসকসকলে অস্ত্ৰোপচাৰৰ কৰি   চুম্বকবোৰ উলিয়াই আনিবলৈ সক্ষম হয়। তেওঁলোকে পেটৰ ভিতৰত ১৮ টা চুম্বক বিচাৰি পায়। অস্ত্ৰোপচাৰৰ পিছত শিশুটো আৰোগ্য হৈছে। অৱশ্যে এই ঘটনাৰ কথা উল্লেখ কৰি, চিকিৎসকসকলে অভিভাৱকসকলক সাৱধান হ'বলৈ পৰামৰ্শ দিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক