--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুটোৱে পেটত তীব্ৰ বিষ অনুভৱ কৰিছিল৷ সেয়ে শিশুটিক  চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল অভিভাৱকে। প্ৰথমতে তেওঁৰ পেটৰ সমস্যা কিহৰ বাবে হৈছে সেয়া চিকিৎসকে নিৰ্ণয় কৰিব পৰা নাছিল। পিছত  পেটৰ বিষৰ কাৰণ জানিবলৈ এটা আল্ট্ৰাচোনোগ্ৰাফী কৰাৰ সিদ্ধান্ত লোৱা হয়। চিকিৎসকসকলে আল্ট্ৰাচোনোগ্ৰাফীৰ প্ৰতিবেদন দেখি আচৰিত হৈ পৰে৷ 

ঘটনাটো 'জাৰ্নেল অফ পেডিয়াট্ৰিক চাৰ্জাৰী কেছ ৰিপ'ৰ্ট' শীৰ্ষক এখন চিকিৎসা আলোচনীত প্ৰকাশ পাইছে৷ চাৰি বছৰীয়া শিশুটোৰ আল্ট্ৰাচোনোগ্ৰাফীয়ে দেখুৱায় যে তেওঁৰ পেটত কেইবাটাও সৰু ঘূৰণীয়া চুম্বক আছে। শিশুটোৱে খেলি থাকোতে সেইবোৰ  গিলি পেলাইছিল। ফলত শিশুটিৰ পেটৰ অসহনীয় বিষ আৰম্ভ হয়।প্ৰতিবেদনত উল্লেখ কৰা  অনুসৰি শিশুটোৱে  দুদিন ধৰি পেটৰ বিষত ভুগি আছিল। 

শিশুটিয়ে বাৰে বাৰে বমি কৰিছিল৷চিকিৎসকসকলে প্ৰথমতে ভাবিছিল যে শিশুটো এপেণ্ডিক্সৰ সংক্ৰমণত  আক্ৰান্ত হৈছে । সেই অনুসৰি তেওঁলোকৰ চিকিৎসা কৰা হয়। কিন্তু চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পাছতো তেওঁৰ পেটৰ বিষ কমা  নাছিল। নিৰন্তৰ বমি হৈ আছিল।ইয়াৰ পিছত আল্ট্ৰাচোনোগ্ৰাফী কৰা হয়। চিকিৎসকে দেখিলে যে শিশুটোৱে গিলি দিয়া সৰু চুম্বকবোৰ, পেটৰ ভিতৰত গোট খাই এডাল  ঘূৰণীয়া নেকলেসৰ ৰূপ লৈছে। 

চিকিৎসকসকলে অস্ত্ৰোপচাৰৰ কৰি   চুম্বকবোৰ উলিয়াই আনিবলৈ সক্ষম হয়। তেওঁলোকে পেটৰ ভিতৰত ১৮ টা চুম্বক বিচাৰি পায়। অস্ত্ৰোপচাৰৰ পিছত শিশুটো আৰোগ্য হৈছে। অৱশ্যে এই ঘটনাৰ কথা উল্লেখ কৰি, চিকিৎসকসকলে অভিভাৱকসকলক সাৱধান হ'বলৈ পৰামৰ্শ দিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু