--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহিদ কাপুৰ আৰু কিয়াৰা আদৱানীৰ ছবি কবীৰ সিং চাগে আপুনি নিশ্চয় চাইছে। ইয়াত শ্বাহিদক খঙাল যুৱক হিচাপে দেখুওৱা হৈছে। চিনেমাখনত এটা বস্তু দেখুওৱা হৈছে যে এজন ব্যক্তি যিমানেই শিক্ষিত নহওক কিয়, তেওঁ যদি নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে তেওঁ যিকোনো সময়তে চয়তান হ’ব পাৰে। আমাৰ জীৱনতো এই কথা বহু পৰিমাণে সত্য হিচাপে প্ৰমাণিত হয়। 

যদি আমি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰো আৰু সৰু সৰু কথাবোৰৰ ওপৰত নিয়ন্ত্ৰণৰ বাহিৰ হ’বলৈ আৰম্ভ কৰো তেন্তে আমি নিজে নিজৰ ক্ষতি কৰি আছো। খং এটা আৱেগ হ’ব পাৰে, কিন্তু বিপদজনক স্তৰত উপনীত হ’লে ই সকলো শেষ কৰি দিব পাৰে। আপোনাৰো সৰু সৰু কথাতে খং উঠে নেকি? খং নিয়ন্ত্ৰণৰ বাবে কোনবোৰ পদ্ধতি গ্ৰহণ কৰিব পাৰি জানো আহক।

খং কেনেকৈ দূৰ কৰিব পাৰি?

১)ব্যায়াম কৰাঃ সাধাৰণতে খং কমোৱাৰ বাবে ব্যায়ামক আটাইতকৈ ফলপ্ৰসূ উপায় বুলি গণ্য কৰা হয়। ইয়াৰ ফলত মনত ইতিবাচকতা আহে আৰু আমাৰ মনটো বহু পৰিমাণে সজীৱ হৈ পৰে। যদিও সকলোৰে বাবে তৎক্ষণাত ৱৰ্কআউট কৰাটো সম্ভৱ নহয়, এনে পৰিস্থিতিত আপুনি আন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

২)আপোনজনক মনৰ কথা কওকঃ বহু সময়ত আপুনি নিশ্চয় অনুভৱ কৰিছে যে যেতিয়া আপুনি আপোনাৰ খং বা কষ্টৰ কথা কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত শ্বেয়াৰ কৰে তেতিয়া আপোনাৰ খং বহু পৰিমাণে ঠাণ্ডা হৈ পৰে। এইটো এটা যুগ যুগ ধৰি চলি থকা খং নিয়ন্ত্ৰণৰ ফৰ্মূলা।

৩)গভীৰ উশাহ লোৱাঃ যেতিয়াই আপুনি অনুভৱ কৰে যে খং নিয়ন্ত্ৰণ হোৱা নাই, তেতিয়াই দীঘল দীঘল উশাহ লওক, এই প্ৰক্ৰিয়াটো কৰি থাকিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ শিথিল নহয়।

৪)পাঞ্চিং বেগত আঘাত কৰকঃ জাপানৰ বহু অফিচত পাঞ্চিং বেগ বা মেনেকিন বা পাঞ্চিং বৰ্ড ৰখা হয়, অৰ্থাৎ যদি আপোনাৰ কোনো চিনিয়ৰ বা বছৰ ওপৰত অতিশয় খং উঠে, তেন্তে আপুনি পাঞ্চিং বেগত আঘাত কৰি আপোনাৰ খং বাহিৰ কৰিব পাৰে। আপুনিও ঘৰতে এই কৌশল চেষ্টা কৰিব পাৰে। ই খং শান্ত কৰাত সহায় কৰে।

৫) যোগ আৰু ধ্যানঃ যোগ বা ধ্যান আমাৰ মানসিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ, যিসকলে প্ৰায়ে খঙত থাকে, তেওঁলোকৰ বাবে ই মানসিক শান্তি লাভ কৰাৰ এক গুৰুত্বপূৰ্ণ উপায়। এইদৰে আপুনি নিজকে শান্ত অনুভৱ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ