--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহিদ কাপুৰ আৰু কিয়াৰা আদৱানীৰ ছবি কবীৰ সিং চাগে আপুনি নিশ্চয় চাইছে। ইয়াত শ্বাহিদক খঙাল যুৱক হিচাপে দেখুওৱা হৈছে। চিনেমাখনত এটা বস্তু দেখুওৱা হৈছে যে এজন ব্যক্তি যিমানেই শিক্ষিত নহওক কিয়, তেওঁ যদি নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে তেওঁ যিকোনো সময়তে চয়তান হ’ব পাৰে। আমাৰ জীৱনতো এই কথা বহু পৰিমাণে সত্য হিচাপে প্ৰমাণিত হয়। 

যদি আমি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰো আৰু সৰু সৰু কথাবোৰৰ ওপৰত নিয়ন্ত্ৰণৰ বাহিৰ হ’বলৈ আৰম্ভ কৰো তেন্তে আমি নিজে নিজৰ ক্ষতি কৰি আছো। খং এটা আৱেগ হ’ব পাৰে, কিন্তু বিপদজনক স্তৰত উপনীত হ’লে ই সকলো শেষ কৰি দিব পাৰে। আপোনাৰো সৰু সৰু কথাতে খং উঠে নেকি? খং নিয়ন্ত্ৰণৰ বাবে কোনবোৰ পদ্ধতি গ্ৰহণ কৰিব পাৰি জানো আহক।

খং কেনেকৈ দূৰ কৰিব পাৰি?

১)ব্যায়াম কৰাঃ সাধাৰণতে খং কমোৱাৰ বাবে ব্যায়ামক আটাইতকৈ ফলপ্ৰসূ উপায় বুলি গণ্য কৰা হয়। ইয়াৰ ফলত মনত ইতিবাচকতা আহে আৰু আমাৰ মনটো বহু পৰিমাণে সজীৱ হৈ পৰে। যদিও সকলোৰে বাবে তৎক্ষণাত ৱৰ্কআউট কৰাটো সম্ভৱ নহয়, এনে পৰিস্থিতিত আপুনি আন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

২)আপোনজনক মনৰ কথা কওকঃ বহু সময়ত আপুনি নিশ্চয় অনুভৱ কৰিছে যে যেতিয়া আপুনি আপোনাৰ খং বা কষ্টৰ কথা কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত শ্বেয়াৰ কৰে তেতিয়া আপোনাৰ খং বহু পৰিমাণে ঠাণ্ডা হৈ পৰে। এইটো এটা যুগ যুগ ধৰি চলি থকা খং নিয়ন্ত্ৰণৰ ফৰ্মূলা।

৩)গভীৰ উশাহ লোৱাঃ যেতিয়াই আপুনি অনুভৱ কৰে যে খং নিয়ন্ত্ৰণ হোৱা নাই, তেতিয়াই দীঘল দীঘল উশাহ লওক, এই প্ৰক্ৰিয়াটো কৰি থাকিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ শিথিল নহয়।

৪)পাঞ্চিং বেগত আঘাত কৰকঃ জাপানৰ বহু অফিচত পাঞ্চিং বেগ বা মেনেকিন বা পাঞ্চিং বৰ্ড ৰখা হয়, অৰ্থাৎ যদি আপোনাৰ কোনো চিনিয়ৰ বা বছৰ ওপৰত অতিশয় খং উঠে, তেন্তে আপুনি পাঞ্চিং বেগত আঘাত কৰি আপোনাৰ খং বাহিৰ কৰিব পাৰে। আপুনিও ঘৰতে এই কৌশল চেষ্টা কৰিব পাৰে। ই খং শান্ত কৰাত সহায় কৰে।

৫) যোগ আৰু ধ্যানঃ যোগ বা ধ্যান আমাৰ মানসিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ, যিসকলে প্ৰায়ে খঙত থাকে, তেওঁলোকৰ বাবে ই মানসিক শান্তি লাভ কৰাৰ এক গুৰুত্বপূৰ্ণ উপায়। এইদৰে আপুনি নিজকে শান্ত অনুভৱ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু