--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাংবাদিকতাৰ নামত একাংশ লোকে কৰি অহা কৰ্মকাণ্ডই সমগ্ৰ সাংবাদিকতা বৃত্তিটোকে প্ৰদূষিত কৰি তোলা দেখা গৈছে। একাংশ লোকৰ দায়িত্বহীনতাৰ বাবে লাঞ্ছনাৰ বলি হৈছে এই বৃত্তিৰ সৈতে জড়িত সকলো লোক। এইবাৰ অসামাজিক আচৰণৰ সকলো সীমা অতিক্ৰম কৰিলে এগৰাকীৰ সাংবাদিকে। লাইভ শ্ব’ত সুৰামত্ত অৱস্থাত অংশ লৈ তেওঁ একপ্ৰকাৰ নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি কৰিলে দেশৰ সাংবাদিকতাৰ ইতিহাসত। এই ঘটনাৰ পাছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।


নিউজ নেচন নামৰ চেনেলটোৰ সাংবাদিক তথা এংকৰ দীপক চৌৰাচিয়াৰ এক কাৰ্যই লকলোকে লজ্জানত কৰি তোলা পৰিলক্ষিত হৈছে। যি সময়ত দেশৰ চীফ অব ডিফেন্স ষ্টাফ, তেওঁৰ পত্নীকে ধৰি ১৩গৰাকীকৈ সেনা বিষয়া জোৱানক হেৰুওৱাৰ দুখে সমগ্ৰ দেশকে শোকাহত কৰি ৰাখিছিল সেই সময়ত এইগৰাকী একংৰে সুৰামত্ত অৱস্থাত লাইভ শ্ব’ত অংশ লোৱাৰ অভিযোগ উঠিছে।

তেওঁ অতি অপ্ৰকৃতিস্থ অৱস্থাত দেশৰ তিনিওটা সেনা বাহিনীৰ মুৰব্বীগৰাকীৰ বিষয়ে ব্যাখ্য কৰাৰ দৃশ্য হৈ পৰিছিল অতি দৃষ্টিকটু। অতি অপ্ৰকৃতিস্থ অৱস্থাত দীপক চৌৰাচিয়াই বিপিন ৰাৱটৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোণপটীয়া প্ৰচাৰৰ সময়ত তেওঁৰ বিষয়ে অসংলগ্ন মন্তব্য কৰি গৈছিল লাইভ টিভি শ্ব’ত। এই শ্ব’ প্ৰচাৰ হোৱাৰ পাছতে এতিয়া দেশজুৰি আলোড়নৰ সৃষ্টি হৈছে আৰু সকলোকে সাংবাদিকগৰাকীৰ ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে।

বিপিন ৰাৱটক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ তেওঁ চিডিএছগৰাকীৰ এবাৰ সাংবাদিক বুলিও সম্বোধন কৰে। এনে অবাঞ্চিত ঘটনাৰ পাছত ধিক্কাৰ ধ্বনিৰে এতিয়া তোলপাৰ লাগিছে ছ’চিয়েল মিডিয়াত। নিউড নেচন নামৰ চেনেলটোৱে এই ঘটনাৰ পাছতে শ্ব’টো পুনৰ প্ৰচাৰৰ পৰা বিৰত আছে আৰু আনকি শ্ব’টো ইউটিউবত আপলোড কৰাৰ পৰাও বিৰত আছে। আনহাতে, চেনেলটোৱে ‘দেশ কী বেহেছ’ নামৰ তেওঁৰ শ্ব’টোৰ পৰা তেওঁক আঁতৰোৱা হৈছে বুলিও জানিব পৰা গৈছে। বিপিন ৰাৱটৰ দৰে যোদ্ধাক হেৰুৱাই দেশ শোকাহত হৈ থকা অৱস্থাত এগৰাকী টিভি এংকৰৰ এই ধৃষ্টতা এতিয়া সহজভাৱে লোৱা নাই দেশবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু