--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাংবাদিকতাৰ নামত একাংশ লোকে কৰি অহা কৰ্মকাণ্ডই সমগ্ৰ সাংবাদিকতা বৃত্তিটোকে প্ৰদূষিত কৰি তোলা দেখা গৈছে। একাংশ লোকৰ দায়িত্বহীনতাৰ বাবে লাঞ্ছনাৰ বলি হৈছে এই বৃত্তিৰ সৈতে জড়িত সকলো লোক। এইবাৰ অসামাজিক আচৰণৰ সকলো সীমা অতিক্ৰম কৰিলে এগৰাকীৰ সাংবাদিকে। লাইভ শ্ব’ত সুৰামত্ত অৱস্থাত অংশ লৈ তেওঁ একপ্ৰকাৰ নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি কৰিলে দেশৰ সাংবাদিকতাৰ ইতিহাসত। এই ঘটনাৰ পাছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।


নিউজ নেচন নামৰ চেনেলটোৰ সাংবাদিক তথা এংকৰ দীপক চৌৰাচিয়াৰ এক কাৰ্যই লকলোকে লজ্জানত কৰি তোলা পৰিলক্ষিত হৈছে। যি সময়ত দেশৰ চীফ অব ডিফেন্স ষ্টাফ, তেওঁৰ পত্নীকে ধৰি ১৩গৰাকীকৈ সেনা বিষয়া জোৱানক হেৰুওৱাৰ দুখে সমগ্ৰ দেশকে শোকাহত কৰি ৰাখিছিল সেই সময়ত এইগৰাকী একংৰে সুৰামত্ত অৱস্থাত লাইভ শ্ব’ত অংশ লোৱাৰ অভিযোগ উঠিছে।

তেওঁ অতি অপ্ৰকৃতিস্থ অৱস্থাত দেশৰ তিনিওটা সেনা বাহিনীৰ মুৰব্বীগৰাকীৰ বিষয়ে ব্যাখ্য কৰাৰ দৃশ্য হৈ পৰিছিল অতি দৃষ্টিকটু। অতি অপ্ৰকৃতিস্থ অৱস্থাত দীপক চৌৰাচিয়াই বিপিন ৰাৱটৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোণপটীয়া প্ৰচাৰৰ সময়ত তেওঁৰ বিষয়ে অসংলগ্ন মন্তব্য কৰি গৈছিল লাইভ টিভি শ্ব’ত। এই শ্ব’ প্ৰচাৰ হোৱাৰ পাছতে এতিয়া দেশজুৰি আলোড়নৰ সৃষ্টি হৈছে আৰু সকলোকে সাংবাদিকগৰাকীৰ ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে।

বিপিন ৰাৱটক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ তেওঁ চিডিএছগৰাকীৰ এবাৰ সাংবাদিক বুলিও সম্বোধন কৰে। এনে অবাঞ্চিত ঘটনাৰ পাছত ধিক্কাৰ ধ্বনিৰে এতিয়া তোলপাৰ লাগিছে ছ’চিয়েল মিডিয়াত। নিউড নেচন নামৰ চেনেলটোৱে এই ঘটনাৰ পাছতে শ্ব’টো পুনৰ প্ৰচাৰৰ পৰা বিৰত আছে আৰু আনকি শ্ব’টো ইউটিউবত আপলোড কৰাৰ পৰাও বিৰত আছে। আনহাতে, চেনেলটোৱে ‘দেশ কী বেহেছ’ নামৰ তেওঁৰ শ্ব’টোৰ পৰা তেওঁক আঁতৰোৱা হৈছে বুলিও জানিব পৰা গৈছে। বিপিন ৰাৱটৰ দৰে যোদ্ধাক হেৰুৱাই দেশ শোকাহত হৈ থকা অৱস্থাত এগৰাকী টিভি এংকৰৰ এই ধৃষ্টতা এতিয়া সহজভাৱে লোৱা নাই দেশবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ