--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাসক্তিত যে কেৱল মানুহেই আবদ্ধ হয় তেনে নহয়। কুকুৰো হ’ব পাৰে সুৰাৰ প্ৰতি আসক্ত । তেনে এচা সুৰাসক্ত কুকৰেই শেহতীয়াকৈ সুৰাৰ আসক্তিৰ পৰা মুক্তি লাভ কৰিছে। ব্ৰিটেইনৰ  প্লাইমাউথৰ লেব্ৰেডৰ প্ৰজাতিৰ  'কোকো' নামৰ কুকুৰটো সুৰাত আসক্ত হৈ পৰিছিল।

কোকোৰ গৰাকীয়ে প্ৰতিদিনে সুৰা পান কৰিছিল। গৰাকীয়ে পান  কৰি এৰি থৈ যোৱা সুৰা কুকুৰটোৱে পান কৰিছিল। এনেদৰে নিতৌ সুৰাপান কৰি কৰি কুকুৰটো সুৰাসক্ত হৈ পৰিছিল। সুৰা পান নকৰাকৈ থকাটো কুকুৰটোৰ বাবে অসহনীয় কথা হৈ পৰিছিল। কুকুৰটোৰগৰাকীয়ে কথাষাৰ মন কৰি কুকুৰটোৰ বাবেওসুৰা  গিলাচ ভৰ্তি কৰি ৰাখিছিল। 

কুকুৰটোৱে সেই সুৰা আনন্দ মনে পান কৰি গৈছিল। কুকুৰটোৰ মালিকৰ মৃত্যুৰ পিছত কোকোৰ অৱস্থা বেয়াৰ পিনে ঢাল খায়।সুৰাপান কৰিবলৈ নাপাই কুকুৰটো খীণাই যায়, ভৰি কঁপিবলৈ আৰম্ভ কৰে। এই কথা জানিব পাৰি ব্ৰিটেইনৰ এনিমেল ৱেলফেয়াৰ ট্ৰাষ্টে কুকুৰটোৰ যত্ন ল’বলৈ আৰম্ভ কৰে। 

কুকুৰটোক নিচামুক্তিৰ বাবে সকলো ধৰণৰ দৰব প্ৰয়োগ কৰা হয়। লাহে লাহে কুকুৰটোৱে   সুৰাৰ আসক্তিৰ পৰা মুক্ত হ’বলৈ সক্ষম হয়। এতিয়া 'কোকো' নামৰ কুকুৰটো সুৰাৰ আসক্তিৰ পৰা মুক্ত হোৱা বিশ্বৰ প্ৰথম কুকুৰ হৈ পৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস