--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে এক সুখবৰ৷ অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি পোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হল ড০ ৰূপম জ্যোতি শৰ্মা। ড০ শৰ্মাক হোৱাইট হাউছ প্ৰেচিডেন্সিয়েল ইনোভেচন ফেলো (পিআইএফ) হিচাপে নিযুক্তি দিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰিলে এগৰাকী অসমীয়াই৷ 

ৰাষ্ট্ৰপতি ইনোভেচন ফেলো (পিআইএফ) হৈছে কৌশলগত জ্যেষ্ঠ উপদেষ্টাৰ এটা গোট যিয়ে সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাৰ নেতাসকলৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰে। তেওঁলোক সাধাৰণতে এজেন্সীৰ অসামৰিক সেৱাৰ কৰ্মচাৰীৰ প্ৰতিষ্ঠানিক জ্ঞান থকা বিষয় বিশেষজ্ঞ। ডাঃ ৰূপম জ্যোতি শৰ্মাই “এডভান্সড ৰিচাৰ্চ প্ৰজেক্টছ এজেন্সী ফৰ হেল্থ” (ARPA-H)ৰ বাবে সংস্থাটোৰ দায়িত্বত আছে।

১০ এপ্ৰিলত শপত গ্ৰহণ কৰা ৰূপমে ১৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া “হোৱাইট হাউছ ৱেলকাম” অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ড° ৰূপম জ্যোতি শৰ্মাৰ ঘৰ অসমৰ যোৰহাটত। তেওঁ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। বৰ্তমান তেওঁ কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্টোৰ বাসিন্দা।

ৰূপমে আমেৰিকালৈ গৈ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ, ব্যৱস্থাপনাত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰি কৃত্ৰিম বুদ্ধিমত্তা আৰু অটিজিমৰ ওপৰত গৱেষণা কৰে। তেওঁ পিআইএফ ২০২৩ৰ বাবে নিযুক্তি পোৱাৰ পূৰ্বে কেলিফৰ্ণিয়াত মুখ্য তথ্য বিষয়া (চিআইঅ’) হিচাপে কাম কৰি আছিল।

উল্লেখযোগ্য যে ড° শৰ্মাৰ বাহিৰেও প্ৰযুক্তি, স্বাস্থ্যসেৱা সংস্থা, বিত্তীয় সেৱাকে ধৰি বহুতত বিভিন্ন ক্ষেত্ৰৰ পৰা আন ঊনৈশজন পিআইএফ ফেলোক নিৰ্বাচিত কৰা হৈছে।  ড° শৰ্মাই মানৱ স্বাস্থ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ক তথ্য প্ৰযুক্তি সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব। 

এয়া এগৰাকী অসমীয়াৰ বাবে এক ডাঙৰ সাফল্য হিচাবে বিবেচিত হৈছে৷ ড০ ৰূপম শৰ্মা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান শাখাৰ প্ৰাক্তন ছাত্ৰ। সংগীততো আছে তেওঁৰ প্ৰচুৰ দক্ষতা৷ ড০ ৰূপম শৰ্মাৰ এই সফলতাত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ও গৌৰৱান্বিত হৈ উঠিছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা