--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে এক সুখবৰ৷ অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি পোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হল ড০ ৰূপম জ্যোতি শৰ্মা। ড০ শৰ্মাক হোৱাইট হাউছ প্ৰেচিডেন্সিয়েল ইনোভেচন ফেলো (পিআইএফ) হিচাপে নিযুক্তি দিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰিলে এগৰাকী অসমীয়াই৷ 

ৰাষ্ট্ৰপতি ইনোভেচন ফেলো (পিআইএফ) হৈছে কৌশলগত জ্যেষ্ঠ উপদেষ্টাৰ এটা গোট যিয়ে সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাৰ নেতাসকলৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰে। তেওঁলোক সাধাৰণতে এজেন্সীৰ অসামৰিক সেৱাৰ কৰ্মচাৰীৰ প্ৰতিষ্ঠানিক জ্ঞান থকা বিষয় বিশেষজ্ঞ। ডাঃ ৰূপম জ্যোতি শৰ্মাই “এডভান্সড ৰিচাৰ্চ প্ৰজেক্টছ এজেন্সী ফৰ হেল্থ” (ARPA-H)ৰ বাবে সংস্থাটোৰ দায়িত্বত আছে।

১০ এপ্ৰিলত শপত গ্ৰহণ কৰা ৰূপমে ১৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া “হোৱাইট হাউছ ৱেলকাম” অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ড° ৰূপম জ্যোতি শৰ্মাৰ ঘৰ অসমৰ যোৰহাটত। তেওঁ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। বৰ্তমান তেওঁ কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্টোৰ বাসিন্দা।

ৰূপমে আমেৰিকালৈ গৈ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ, ব্যৱস্থাপনাত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰি কৃত্ৰিম বুদ্ধিমত্তা আৰু অটিজিমৰ ওপৰত গৱেষণা কৰে। তেওঁ পিআইএফ ২০২৩ৰ বাবে নিযুক্তি পোৱাৰ পূৰ্বে কেলিফৰ্ণিয়াত মুখ্য তথ্য বিষয়া (চিআইঅ’) হিচাপে কাম কৰি আছিল।

উল্লেখযোগ্য যে ড° শৰ্মাৰ বাহিৰেও প্ৰযুক্তি, স্বাস্থ্যসেৱা সংস্থা, বিত্তীয় সেৱাকে ধৰি বহুতত বিভিন্ন ক্ষেত্ৰৰ পৰা আন ঊনৈশজন পিআইএফ ফেলোক নিৰ্বাচিত কৰা হৈছে।  ড° শৰ্মাই মানৱ স্বাস্থ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ক তথ্য প্ৰযুক্তি সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব। 

এয়া এগৰাকী অসমীয়াৰ বাবে এক ডাঙৰ সাফল্য হিচাবে বিবেচিত হৈছে৷ ড০ ৰূপম শৰ্মা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান শাখাৰ প্ৰাক্তন ছাত্ৰ। সংগীততো আছে তেওঁৰ প্ৰচুৰ দক্ষতা৷ ড০ ৰূপম শৰ্মাৰ এই সফলতাত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ও গৌৰৱান্বিত হৈ উঠিছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ