--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত ছাল শুকান হোৱাটো সাধাৰণ কথা। বাহিৰৰ তাপমাত্ৰা আৰু শীতকালত কম পানী খোৱাৰ ফলত ছাল অতি শুকান হৈ পৰে, যাৰ ফলত খজুৱতিও হয়। কিন্তু বহুতো মানুহ আছে যাৰ ছাল প্ৰতিটো ঋতুতে শুকান হৈ থাকে। বহুক্ষেত্ৰত ডিহাইড্ৰেচন আৰু শুকান বায়ুৰ বাবে ছালত শুষ্কতা বাহাল থাকে। বেছিভাগ মানুহে তেওঁলোকৰ শুকান ছালৰ বাবে বতৰক দোষাৰোপ কৰে। শুকান ছালক অৱহেলা নকৰিব। বহু লোকে নাজানে যে শুকান ছালৰ আঁৰৰ কাৰণ কেৱল বতৰ নহয়,আন বহুতো কাৰণ থাকিব পাৰে। ছাল সঘনাই শুকোৱাৰ আঁৰত বহুতো গুৰুতৰ ৰোগ থাকিব পাৰে, যাৰ ভিতৰত এটা হৈছে বৃক্ক বা কিডনীৰ ৰোগ। কি়ডনীৰ সমস্যা থাকিলে ছাল অতি শুকান হৈ থাকে। আমাৰ শৰীৰত কিডনীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিডনীয়ে আমাৰ শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে। কিডনীৰ মুখ্য কাম হৈছে তেজ ফিল্টাৰ কৰা আৰু কেলচিয়াম আৰু পটাছিয়ামৰ দৰে বহুতো পুষ্টিৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰা। একে সময়তে কিডনীয়ে আমাৰ শৰীৰৰ আন অংশবোৰে কাম কৰাৰ বাবে প্ৰয়োজনীয় হৰমনো মুকলি কৰে। শৰীৰত নিৰন্তৰ পুষ্টিৰ স্তৰৰ বাবে ছাল প্ৰাকৃতিকভাৱে হাইড্ৰেটেড আৰু স্বাস্থ্যৱান হৈ থাকে। অৱশ্যে যেতিয়া কিডনীয়ে সঠিকভাৱে কাম নকৰে তেতিয়া ই তেজত খনিজ আৰু পুষ্টিৰ পৰিমাণত ভাৰসাম্যহীনতাৰ সৃষ্টি কৰে। যাৰ ফলত বৃক্কৰ ৰোগ হ'ব পাৰে। কিডনীয়ে সঠিকভাৱে কাম নকৰাৰ এটা লক্ষণ হ'ল ছাল শুকান হোৱা আৰু ছাল শুকোৱাৰ সৈতে খজুৱতি হোৱা। আমেৰিকান একাডেমী অফ ডাৰ্মাটোলজীয়ে কয় যে ছাল সম্পৰ্কীয় কেইবাটাও লক্ষণ বৃক্কৰ ৰোগৰ লক্ষণ হ'ব পাৰে: -খহটা আৰু সাঁচ সাঁচ বহি থকা ছাল। -ছাল টান অনুভৱ কৰা আৰু সহজে ফাটি যোৱা। -মাছৰ বাকলিৰ দৰে ছালত সাঁচ বহা। এই সকলোবোৰ লক্ষণ শৰীৰৰ যিকোনো অংশত আৰু যিকোনো সময়তে দেখা যায়। এই লক্ষণবোৰ দেখা দিয়াৰ লগে লগে আপুনি চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত। যেতিয়া বৃক্কৰ সমস্যা হয় তেতিয়া ইয়াৰ প্ৰভাৱ সকলোৰে ক্ষেত্ৰত পৃথক হয়। শুষ্কতা আৰু খজুৱতিৰ সমস্যা শৰীৰৰ এক নিৰ্দিষ্ট স্থানত হ'ব পাৰে, যেনে পিঠি বা হাত। প্ৰাপ্তবয়স্কলোকৰ ক্ষেত্ৰত বৃক্কৰ ৰোগৰ আশংকা বহুত বেছি। গতিকে যদি আপুনি আপোনাৰ ছালত শুষ্কতা আৰু খজুৱতি অনুভৱ কৰে তেন্তে এই বিষয়ে আপুনি চিকিৎসকৰ সৈতে কথা পাতক। আৰু পঢ়কঃ বৃষৰ সংসাৰত শুভ,কন্যাৰ বিবাহৰ যোগ;আপোনাৰ কেনে যাব আজিৰ দিনটো

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰ’দৰ সংস্পৰ্শলৈ নাহিও ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পৰা যায়;  এই খাদ্যসমূহ খাব লাগিব
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা