--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰৰ পিছত বছৰ ধৰি বাস্তুশাস্ত্ৰই আমাক নানান দিহা তথা বিধি আগঢ়াই আহিছে। বাস্তু প্ৰকৃততে এক বিজ্ঞান। বাস্তুৰ মতে  ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত সদায় দিশৰ প্ৰতি মন দিব লাগে। বিভিন্ন দিশে আমাৰ ওপৰত বেলেগ  বেলেগ ধৰণৰ প্ৰভাৱ পেলায়। 

সেয়ে দিশ নিৰ্বাচন সঠিক নহ’লে নানান নেতিবাচক ফলে দেখা দিব পাৰে। এক কথাত দিশ  অনুযায়ী বাস্তুৰ অৱস্থান নিৰ্ণয় কৰাটো অতি প্রয়োজনীয় কথা। পঞ্চ তত্ত্বৰ ওপৰত ভিত্তি কৰি বাস্তুৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰিব নোৱাৰিলে মানুহেবিভিন্ন ধৰণৰ আহুকালৰ সম্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে গৃহ আদি নিৰ্মাণ কৰাৰ সময়ত সদায় দিশ অনুযায়ী বাস্তুৰ স্থান নির্ণয় কৰি ল'ব লাগে। 

উত্তৰ-পূবঃ উত্তৰ-পূব দিশটো বাস্তু বিজ্ঞান অনুযায়ী পানীৰ স্থান। সেইবাবে উত্তৰ-পূব দিশত কুঁৱা, পুখুৰী, দমকল আদি স্থাপন কৰিব লাগে।

উত্তৰ-পশ্চিমঃ বাস্তু বিজ্ঞান অনুসৰি উত্তৰ-পশ্চিম দিশটো হৈছে বায়ু কোণ। সেয়ে এই দিশটো আবদ্ধ কৰি ৰাখিব নালাগে। এই দিশটো আবদ্ধ কৰি ৰাখিলে ঘৰৰ চৌহদত বায়ু ভালদৰে চলাচল কৰিব নোৱাৰিব। সেয়ে এই দিশটো সদায় খোলা অৱস্থাত ৰাখিব লাগে। এনে দিশত ভঁৰালঘৰ, অতিথিশালা আদি স্থাপন কৰিব পাৰি।

দক্ষিণ-পূব : বাস্তু বিজ্ঞান অনুসৰি দক্ষিণ-পূব দিশটো হৈছে অগ্নি স্থান। এই স্থানত সেয়ে ৰান্ধনি ঘৰ, হিটাৰ, হিট চেম্বাৰ, বয়লাৰ আদিকে ধৰি উত্তাপ সৃষ্টি কৰা গৃহ স্থাপন কৰিব লাগে ।
দক্ষিণ-পশ্চিম দক্ষিণ-পশ্চিম দিশটো বাস্তু বিজ্ঞানৰ মতে ভূমিৰ স্থান। এই স্থানত বাসভৱন আদি তৈয়াৰ কৰিব পাৰি। বাস্তু বিজ্ঞানৰ মতে ব্ৰহ্ম স্থান হৈছে বাসগৃহ এটাৰ কেন্দ্ৰ স্থল। এই কেন্দ্ৰস্থলত কোনোধৰণৰ প্ৰতিবন্ধকতা, যেনে- দেৱাল, খুঁটা আদি স্থাপন কৰিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ