--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰৰ পিছত বছৰ ধৰি বাস্তুশাস্ত্ৰই আমাক নানান দিহা তথা বিধি আগঢ়াই আহিছে। বাস্তু প্ৰকৃততে এক বিজ্ঞান। বাস্তুৰ মতে  ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত সদায় দিশৰ প্ৰতি মন দিব লাগে। বিভিন্ন দিশে আমাৰ ওপৰত বেলেগ  বেলেগ ধৰণৰ প্ৰভাৱ পেলায়। 

সেয়ে দিশ নিৰ্বাচন সঠিক নহ’লে নানান নেতিবাচক ফলে দেখা দিব পাৰে। এক কথাত দিশ  অনুযায়ী বাস্তুৰ অৱস্থান নিৰ্ণয় কৰাটো অতি প্রয়োজনীয় কথা। পঞ্চ তত্ত্বৰ ওপৰত ভিত্তি কৰি বাস্তুৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰিব নোৱাৰিলে মানুহেবিভিন্ন ধৰণৰ আহুকালৰ সম্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে গৃহ আদি নিৰ্মাণ কৰাৰ সময়ত সদায় দিশ অনুযায়ী বাস্তুৰ স্থান নির্ণয় কৰি ল'ব লাগে। 

উত্তৰ-পূবঃ উত্তৰ-পূব দিশটো বাস্তু বিজ্ঞান অনুযায়ী পানীৰ স্থান। সেইবাবে উত্তৰ-পূব দিশত কুঁৱা, পুখুৰী, দমকল আদি স্থাপন কৰিব লাগে।

উত্তৰ-পশ্চিমঃ বাস্তু বিজ্ঞান অনুসৰি উত্তৰ-পশ্চিম দিশটো হৈছে বায়ু কোণ। সেয়ে এই দিশটো আবদ্ধ কৰি ৰাখিব নালাগে। এই দিশটো আবদ্ধ কৰি ৰাখিলে ঘৰৰ চৌহদত বায়ু ভালদৰে চলাচল কৰিব নোৱাৰিব। সেয়ে এই দিশটো সদায় খোলা অৱস্থাত ৰাখিব লাগে। এনে দিশত ভঁৰালঘৰ, অতিথিশালা আদি স্থাপন কৰিব পাৰি।

দক্ষিণ-পূব : বাস্তু বিজ্ঞান অনুসৰি দক্ষিণ-পূব দিশটো হৈছে অগ্নি স্থান। এই স্থানত সেয়ে ৰান্ধনি ঘৰ, হিটাৰ, হিট চেম্বাৰ, বয়লাৰ আদিকে ধৰি উত্তাপ সৃষ্টি কৰা গৃহ স্থাপন কৰিব লাগে ।
দক্ষিণ-পশ্চিম দক্ষিণ-পশ্চিম দিশটো বাস্তু বিজ্ঞানৰ মতে ভূমিৰ স্থান। এই স্থানত বাসভৱন আদি তৈয়াৰ কৰিব পাৰি। বাস্তু বিজ্ঞানৰ মতে ব্ৰহ্ম স্থান হৈছে বাসগৃহ এটাৰ কেন্দ্ৰ স্থল। এই কেন্দ্ৰস্থলত কোনোধৰণৰ প্ৰতিবন্ধকতা, যেনে- দেৱাল, খুঁটা আদি স্থাপন কৰিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু