--°C
Loading...
Listen to Article
2 min read
80%


২৪/০৬/২৪, সোমবাৰ

মেষ ৰাশি: আজি কৰ্মস্থলীত আপোনাৰ কামবোৰে সকলোকে সন্তুষ্ট কৰিব।  খং ত্যাগ কৰক অন্যথা পৰিয়ালত পৰিস্থিতি বেয়া হ’ব পাৰে ৷ ধৰ্মীয় স্থান ভ্ৰমণ কৰক ৷ আমিষ নাখাব।

বৃষ ৰাশি: দিনটো মধ্যমীয়া ৷শৰীৰত বিষ, অস্থিৰ মানসিক স্থিতি দূৰ হ'ব ৷ খোৱা আৰু শৰীৰৰ যত্ন লওক ৷ অদৰকাৰী কাম বাতিল কৰক ৷ যোগ আৰু ধ্যানে আপোনাৰ মনত শান্তি ঘূৰাই আনিব ৷


মিথুন ৰাশি:  আজিৰ দিনটো আপোনাৰ সকৰাত্মকভাৱে পাৰ হ’ব ৷ ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি ভাল পোৱা কামৰ মাজত আপোনাৰ দিন পাৰ হ’ব আৰু সামাজিক প্ৰতিষ্ঠা লাভ কৰিব ৷ 

কৰ্কট ৰাশি: কাৰ্যালয়ৰ পৰিবেশৰ দ্বাৰা প্ৰভাৱিত হ’ব ৷ সন্তান আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ হ’ব, খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, কিন্তু আপুনি সেইখিনি ভাল কামত খৰচ কৰিবলৈ পাই সন্তুষ্টি লাভ কৰিব ৷


সিংহ ৰাশি: কৰ্মক্ষেত্ৰত আৰু পাৰিবাৰিক জীৱনত এটা ভাগ্যশালী দিন বুলিব পাৰি ৷ লক্ষ্মীৰ কৃপা লাভ কৰিব ৷ ব্যৱসায়ত উন্নতি সাধন হ’ব আৰু ধাৰে দিয়া টকা ঘূৰাই পাব ৷ পিতৃৰ শুভকামনাৰ ফলত সমাজত আপোনাৰ স্থান উন্নত হ’ব ৷ শৰীৰৰ পৰা একো অসুবিধা নোপোৱাকৈ দিন পাৰ কৰিব পাৰিব ৷

কন্যা ৰাশি: আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় আৰু তাৰ ফলত আপুনি মানসিক অসুবিধা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজা বৃদ্ধি পাব পাৰে ৷


তুলা ৰাশি: নতুন আৰম্ভণি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণে আপোনাৰ ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক ভাল আৰু সন্তুষপূৰ্ণ কৰাত সহায় কৰিব ৷ নতুন ব্যৱসায় আৰম্ভণিৰ বাবে উত্তম সময়, বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ আপোনাৰ জমা টকা ভাল সুতত লাভ কৰিব ৷

বৃশ্চিক ৰাশি:আজি এটা মধ্যম দিন ৷ টকা-পইচাৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব আৰু ধৰ্মীয় ক্ষেত্ৰত টকা খৰচ হ’ব ৷ সকলোৰে ব্যৱহাৰৰ সলনিৰ ওপৰত চকু দিয়ক, কাৰণ তেওঁলোকে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল সময় নহয় ৷

ধনু ৰাশি:আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় আৰু তাৰ ফলত আপুনি মানসিক অসুবিধা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজা বৃদ্ধি পাব পাৰে ৷


মকৰ ৰাশি:খঙৰ ওপৰত কাবু ৰাখক ৷ দিনটোৰ বেছিভাগ সময় টকাৰ লোকচানৰ বাবে যন্ত্ৰণাৰ মাজত কটাব লাগিব ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব আৰু আইনী কাৰ্যই আপোনাক মানসিকভাৱে অপকাৰ সাধন কৰিব ৷ শান্ত থাকিবলৈ চেষ্টা কৰক ৷ ধ্যান কৰক ৷

কুম্ভ ৰাশি: গ্ৰহৰ দশা ভাল, আপুনি কৰা কামৰ বাবে উপহাৰ আশা কৰিব পাৰে ৷ পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব, নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ আপোনাৰ দক্ষতা বৃদ্ধি হ’ব আৰু সামাজিকভাৱে সন্মান লাভ কৰিব ৷ ভ্ৰমণৰ সুন্দৰ যোগ আছে ৷


মীন ৰাশি: এটা সম্পূৰ্ণ সুখেৰে ভৰা দিন ৷ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব যাৰ ফলত কামত আৰু আগবাঢ়িব পাৰিব ৷ আপোনাৰ কামে বচক সুখী কৰিব আৰু তেওঁৰ পৰা ভাল বাৰ্তা লাভ কৰিব পাৰে ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ