--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ আম্বানী পৰিয়ালৰ বাবে আহিছে সুখবৰ। ককাক হ’ল মুকেশ আম্বানী । আম্বানীৰ  জীয়ৰী ঈশা আম্বানীয়ে জন্ম দিছে  যমজ সন্তানৰ । আম্বানী পৰিয়ালে প্ৰকাশ কৰা  অনুসৰি ঈশা আম্বানীয়ে শেহতীয়াকৈ   যমজ সন্তান জন্ম দিছে, দুয়োটা সন্তান স্বাস্থ্যৱান আৰু বৰ্তমানে সুস্থ হৈ আছে। 

ঈশা আম্বানীয়ে এটি ল’ৰা আৰু এটি কন্যা সন্তানৰ  জন্ম দিছে। আম্বানীৰ পৰিয়ালে লগতে এই কথাও প্ৰকাশ কৰিছে যে কন্যা সন্তানৰ নাম আদিয়া ৰখা হৈছে, আনহাতে পুত্ৰ সন্তানৰ নাম কৃষ্ণ ৰখা হৈছে। উল্লেখ্য ঈশা আম্বানীয়ে পিৰামল গ্ৰুপৰ আনন্দ পিৰামলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পিছত তেওঁলোক দুয়ো এতিয়া যমজ সন্তানৰ পিতৃ-মাতৃ হৈছে।

মাৰ্কেট কেপ অনুসৰি দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে নতুন প্ৰজন্মক ব্যৱসায়িক দায়িত্ব অৰ্পণ কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰা দেখিবলৈ পোৱা গৈছে। ৰিলায়েন্স জিঅ’ৰ ব্যৱসায়িক দায়িত্ব পুত্ৰ আকাশ আম্বানীক অৰ্পণ কৰাৰ পিছত এতিয়া কন্যা ঈশা আম্বানীক দিয়া হৈছে ৰিলায়েন্স ৰিটেইলৰ দায়িত্ব। ঈশাক ৰিলায়েন্সৰ খুচুৰা ইউনিটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমান ঈশা ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ সঞ্চালিকা।

কিছুদিন পূৰ্বে আকাশ আম্বানীক ৰিলায়েন্স জিঅ’ৰ কমাণ্ড অৰ্পণ কৰা হৈছিল। তেওঁক ৰিলায়েন্সৰ টেলিকম শাখা জিঅ’ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। আকাশৰ পূৰ্বে জিঅ’ৰ অধ্যক্ষ আছিল মুকেশ আম্বানী। আকাশ আম্বানীয়ে ইতিমধ্যে ৰিলায়েন্স জিঅ’ত পৰিচালক হিচাপে কাম কৰি আছিল আৰু এতিয়া তেওঁক অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে।

 জিঅ’ক আগুৱাই নিয়াৰ ক্ষেত্ৰত আকাশ আৰু ঈশাৰ ভূমিকা অনস্বীকাৰ্য। দুয়ো মেটা প্লেটফৰ্মৰ পৰা (পূৰ্বতে ফেচবুক) বৃহৎ বিনিয়োগ লাভ কৰা এটা দলৰ অংশ আছিল। ৩০ বছৰীয়া ঈশাই ঈয়েল বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে। আকাশ আৰু ঈশাৰ পিছত তেওঁলোকৰ ২৭ বছৰীয়া সৰু ভাতৃ অনন্ত আম্বানীৰ ক্ষেত্ৰতো মুকেশ আম্বানীয়ে কিবা সিদ্ধান্ত ল’ব নেকি তাক লৈয়ো হৈছে চৰ্চা।

উল্লেখ্য যে, ৰিলায়েন্স ৰিটেইল আৰু ৰিলায়েন্স জিঅ’ দুয়োটা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সহযোগী কোম্পানী। মুকেশ আম্বানী ৰিলায়েন্সৰ অধ্যক্ষ আৰু এমডি। মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ কোম্পানী। ইয়াৰ মাৰ্কেট কেপ ১৭ লাখ কোটিতকৈ অধিক। ৰিলায়েন্স জিঅ’ৰ ব্যৱসায়িক দায়িত্ব পুত্ৰ আকাশ আম্বানীক অৰ্পণ কৰাৰ পিছত এতিয়া কন্যা ঈশা আম্বানীক দিয়া হ’ব ৰিলায়েন্স ৰিটেইলৰ দায়িত্ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement