--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ আম্বানী পৰিয়ালৰ বাবে আহিছে সুখবৰ। ককাক হ’ল মুকেশ আম্বানী । আম্বানীৰ  জীয়ৰী ঈশা আম্বানীয়ে জন্ম দিছে  যমজ সন্তানৰ । আম্বানী পৰিয়ালে প্ৰকাশ কৰা  অনুসৰি ঈশা আম্বানীয়ে শেহতীয়াকৈ   যমজ সন্তান জন্ম দিছে, দুয়োটা সন্তান স্বাস্থ্যৱান আৰু বৰ্তমানে সুস্থ হৈ আছে। 

ঈশা আম্বানীয়ে এটি ল’ৰা আৰু এটি কন্যা সন্তানৰ  জন্ম দিছে। আম্বানীৰ পৰিয়ালে লগতে এই কথাও প্ৰকাশ কৰিছে যে কন্যা সন্তানৰ নাম আদিয়া ৰখা হৈছে, আনহাতে পুত্ৰ সন্তানৰ নাম কৃষ্ণ ৰখা হৈছে। উল্লেখ্য ঈশা আম্বানীয়ে পিৰামল গ্ৰুপৰ আনন্দ পিৰামলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পিছত তেওঁলোক দুয়ো এতিয়া যমজ সন্তানৰ পিতৃ-মাতৃ হৈছে।

মাৰ্কেট কেপ অনুসৰি দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে নতুন প্ৰজন্মক ব্যৱসায়িক দায়িত্ব অৰ্পণ কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰা দেখিবলৈ পোৱা গৈছে। ৰিলায়েন্স জিঅ’ৰ ব্যৱসায়িক দায়িত্ব পুত্ৰ আকাশ আম্বানীক অৰ্পণ কৰাৰ পিছত এতিয়া কন্যা ঈশা আম্বানীক দিয়া হৈছে ৰিলায়েন্স ৰিটেইলৰ দায়িত্ব। ঈশাক ৰিলায়েন্সৰ খুচুৰা ইউনিটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমান ঈশা ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ সঞ্চালিকা।

কিছুদিন পূৰ্বে আকাশ আম্বানীক ৰিলায়েন্স জিঅ’ৰ কমাণ্ড অৰ্পণ কৰা হৈছিল। তেওঁক ৰিলায়েন্সৰ টেলিকম শাখা জিঅ’ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। আকাশৰ পূৰ্বে জিঅ’ৰ অধ্যক্ষ আছিল মুকেশ আম্বানী। আকাশ আম্বানীয়ে ইতিমধ্যে ৰিলায়েন্স জিঅ’ত পৰিচালক হিচাপে কাম কৰি আছিল আৰু এতিয়া তেওঁক অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে।

 জিঅ’ক আগুৱাই নিয়াৰ ক্ষেত্ৰত আকাশ আৰু ঈশাৰ ভূমিকা অনস্বীকাৰ্য। দুয়ো মেটা প্লেটফৰ্মৰ পৰা (পূৰ্বতে ফেচবুক) বৃহৎ বিনিয়োগ লাভ কৰা এটা দলৰ অংশ আছিল। ৩০ বছৰীয়া ঈশাই ঈয়েল বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে। আকাশ আৰু ঈশাৰ পিছত তেওঁলোকৰ ২৭ বছৰীয়া সৰু ভাতৃ অনন্ত আম্বানীৰ ক্ষেত্ৰতো মুকেশ আম্বানীয়ে কিবা সিদ্ধান্ত ল’ব নেকি তাক লৈয়ো হৈছে চৰ্চা।

উল্লেখ্য যে, ৰিলায়েন্স ৰিটেইল আৰু ৰিলায়েন্স জিঅ’ দুয়োটা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সহযোগী কোম্পানী। মুকেশ আম্বানী ৰিলায়েন্সৰ অধ্যক্ষ আৰু এমডি। মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ কোম্পানী। ইয়াৰ মাৰ্কেট কেপ ১৭ লাখ কোটিতকৈ অধিক। ৰিলায়েন্স জিঅ’ৰ ব্যৱসায়িক দায়িত্ব পুত্ৰ আকাশ আম্বানীক অৰ্পণ কৰাৰ পিছত এতিয়া কন্যা ঈশা আম্বানীক দিয়া হ’ব ৰিলায়েন্স ৰিটেইলৰ দায়িত্ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু