--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহা সংকটত পৰিছে বাবা ৰামদেৱ। দৰবৰ বিভ্ৰান্তিকৰ  বিজ্ঞাপন প্ৰকাশ কৰি  উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰা ৰামদেৱক পুনৰ তিৰস্কাৰ কৰিলে আদালতে। উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয়-বাতৰি কাকতৰ গোটেই পৃষ্ঠাজুৰি  যিমান ডাঙৰকৈ দৰবৰ বিজ্ঞাপন দিছিল। আপুনি ইমান ডাঙৰকৈ  ক্ষমা বিচাৰিলেনে? বাতৰি কাকতৰ চুকত ক্ষমা বিচাৰি সৰুকৈ  বিজ্ঞাপন দিয়াৰ বাবে   উচ্চতম ন্যায়ালয়ে যোগ গুৰু ৰামদেৱক ভৰ্ৎসনা কৰিছে। একে সময়তে  ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ৰামদেৱৰ  এনেধৰণৰ ক্ষমা প্ৰাৰ্থনা নাকচ কৰা হৈছে। কিয়নো ৰামদেৱৰ এনে  ক্ষমা প্ৰাৰ্থনা একেবাৰে আন্তৰিক নাছিল।

ইয়াৰ পূৰ্বে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ ক্ষেত্ৰত ৰামদেৱে আদালতৰ পৰা ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে ৰামদেৱৰ ক্ষমা বিচৰাৰ ধৰণটো মানি লোৱা নাই।  আদালতৰ নিৰ্দেশত ৰামদেৱে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল।  মঙলবাৰে শুনানিৰ সময়ত ৰামদেৱৰ পৰামৰ্শদাতাই কয়  যে যোগ গুৰুজনে  ক্ষমা বিচাৰি ৬৭ খন বাতৰি কাকতত জাননী প্ৰকাশ  কৰিছে। ইয়াৰ বাবে মুঠ ১০ লাখ টকাও খৰচ কৰা হৈছে। ৰামদেৱ আৰু তেওঁৰ সহায়ক আচাৰ্য বালকৃষ্ণয়ো  আদালতত  ক্ষমা বিচাৰিছিল। 

কিন্তু এনে ঘোষণাৰ পিছতো   উচ্চতম ন্যায়ালয়ৰ সুৰ  একেবাৰে কোমল হোৱা  নাছিল। ন্যায়াধীশ হিমা কোহলীয়ে সোধে , "ৰামদেৱৰ ক্ষমা প্ৰাৰ্থনা অতি স্পষ্টকৈ  কৰা হৈছে নে? পতঞ্জলিৰ ক্ষমা প্ৰাৰ্থনাৰ জাননী বাতৰি কাকতৰ পৃষ্ঠাত ডাঙৰ আখৰত প্ৰকাশ  কৰা হৈছেনে? যিমানেই টকা খৰচ নহওঁক, আমি এই বিষয়ত  গুৰুত্ব নিদিওঁ। মঙলবাৰে শুনানিৰ কেইঘণ্টামান আগতে  ৰামদেৱে বাতৰি কাকতত  ক্ষমা বিচাৰি জাননী জাৰি প্ৰকাশ কৰিছিল । তেওঁ লগতে প্ৰতিশ্ৰুতি দিছিল যে ভৱিষ্যতে এনে ভুল নহ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু