--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহা সংকটত পৰিছে বাবা ৰামদেৱ। দৰবৰ বিভ্ৰান্তিকৰ  বিজ্ঞাপন প্ৰকাশ কৰি  উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰা ৰামদেৱক পুনৰ তিৰস্কাৰ কৰিলে আদালতে। উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয়-বাতৰি কাকতৰ গোটেই পৃষ্ঠাজুৰি  যিমান ডাঙৰকৈ দৰবৰ বিজ্ঞাপন দিছিল। আপুনি ইমান ডাঙৰকৈ  ক্ষমা বিচাৰিলেনে? বাতৰি কাকতৰ চুকত ক্ষমা বিচাৰি সৰুকৈ  বিজ্ঞাপন দিয়াৰ বাবে   উচ্চতম ন্যায়ালয়ে যোগ গুৰু ৰামদেৱক ভৰ্ৎসনা কৰিছে। একে সময়তে  ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ৰামদেৱৰ  এনেধৰণৰ ক্ষমা প্ৰাৰ্থনা নাকচ কৰা হৈছে। কিয়নো ৰামদেৱৰ এনে  ক্ষমা প্ৰাৰ্থনা একেবাৰে আন্তৰিক নাছিল।

ইয়াৰ পূৰ্বে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ ক্ষেত্ৰত ৰামদেৱে আদালতৰ পৰা ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে ৰামদেৱৰ ক্ষমা বিচৰাৰ ধৰণটো মানি লোৱা নাই।  আদালতৰ নিৰ্দেশত ৰামদেৱে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল।  মঙলবাৰে শুনানিৰ সময়ত ৰামদেৱৰ পৰামৰ্শদাতাই কয়  যে যোগ গুৰুজনে  ক্ষমা বিচাৰি ৬৭ খন বাতৰি কাকতত জাননী প্ৰকাশ  কৰিছে। ইয়াৰ বাবে মুঠ ১০ লাখ টকাও খৰচ কৰা হৈছে। ৰামদেৱ আৰু তেওঁৰ সহায়ক আচাৰ্য বালকৃষ্ণয়ো  আদালতত  ক্ষমা বিচাৰিছিল। 

কিন্তু এনে ঘোষণাৰ পিছতো   উচ্চতম ন্যায়ালয়ৰ সুৰ  একেবাৰে কোমল হোৱা  নাছিল। ন্যায়াধীশ হিমা কোহলীয়ে সোধে , "ৰামদেৱৰ ক্ষমা প্ৰাৰ্থনা অতি স্পষ্টকৈ  কৰা হৈছে নে? পতঞ্জলিৰ ক্ষমা প্ৰাৰ্থনাৰ জাননী বাতৰি কাকতৰ পৃষ্ঠাত ডাঙৰ আখৰত প্ৰকাশ  কৰা হৈছেনে? যিমানেই টকা খৰচ নহওঁক, আমি এই বিষয়ত  গুৰুত্ব নিদিওঁ। মঙলবাৰে শুনানিৰ কেইঘণ্টামান আগতে  ৰামদেৱে বাতৰি কাকতত  ক্ষমা বিচাৰি জাননী জাৰি প্ৰকাশ কৰিছিল । তেওঁ লগতে প্ৰতিশ্ৰুতি দিছিল যে ভৱিষ্যতে এনে ভুল নহ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ