--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল লাগে কিবা মাথো এটা অজুহাত। বিবাহৰ  অনুষ্ঠানটো ধুমধামেৰে আয়োজন কৰা হৈছিল। সকলোৱে আনন্দ মনেৰে নাচিছিল । বিয়াত  ডিজেও আছিল।  কিন্তু কইনাঘৰৰ মানুহে ভাবিবই পৰা কৰা নাছিল যে সেই ডিজেই  কাল  হ'ব। বিয়া ঘৰত ডিজেই নানা ধৰণৰ সংগীত বজাইছিল।  কইনাৰ  আত্মীয় একাংশই ডিজেই  বজোৱা সংগীত ভালপোৱা নাছিল। এই কথাকলৈয়ে তেওঁলোকে  কইনাৰ দেউতাকৰ সৈতে তৰ্কত লিপ্ত হৈছিল।   

এটা সময়ত সেই  তৰ্কই হতাহতিৰ ৰূপ লৈছিল। একাংশ  আত্মীয়ই কইনাৰ দেউতাকক গুৰুলা গুৰুলকৈ পিটিছিল। গুৰুতৰ ভাবে আহত হৈছিল কইনাৰ পিতৃ। অৱশেষত প্ৰহাৰৰ সন্মুখীন হোৱা কইনাৰ পিতৃৰ  মৃত্যু ঘটে। এই শোকাৱহ ঘটনাটো  ঘটিছে উত্তৰ প্ৰদেশৰ আগ্ৰাত । বিয়া ঘৰত  বহু মানুহৰ সমাগম ঘটিছিল।  খোৱাই খাইছিল, নচাই নাচিছিল। কিন্তু তাৰ মাজতে ডিজেই ভাল গীত নবজোৱাৰ কাৰণে কইনাৰ পিতৃৰ ওপৰত জঁপিয়াই পৰে একাংশ লোক।   কইনা ঘৰৰ লোকে প্ৰকাশ কৰা মতে  বিয়াৰ বাবে এজন ডিজে মতা  হৈছিল। এটাৰ পিছত এটা গান বজোৱা হৈছিল।

 কিন্তু  একাংশ সমবেত লোক ডিজিৰ  গান ভাল পোৱা নাছিল। তেওঁলোকে কইনাৰ দেউতাকক গান  সলনি কৰিবলৈ অনুৰোধ কৰিছিল। তাতেই সমস্যাৰ  আৰম্ভনি  হৈছিল।অভিযুক্ত আত্মীয়সকলে গানক লৈ কইনাৰ দেউতাকৰ সৈতে তৰ্ক কৰিছিল। পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছিল।  আৰু  আত্মীয়ৰ  প্ৰহাৰত কইনাৰ দেউতাক গুৰুতৰভাৱে আহত হৈছিল। অৱশেষ , তেওঁ প্ৰাণ হেৰুৱাইছিল । অভিযুক্তসকলে লগে  লগে বিয়াৰ ঘৰৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। কইনাৰ  পৰিয়ালে ফতেহাবাদ আৰক্ষী থানাত কমেও সাতজন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু