--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল লাগে কিবা মাথো এটা অজুহাত। বিবাহৰ  অনুষ্ঠানটো ধুমধামেৰে আয়োজন কৰা হৈছিল। সকলোৱে আনন্দ মনেৰে নাচিছিল । বিয়াত  ডিজেও আছিল।  কিন্তু কইনাঘৰৰ মানুহে ভাবিবই পৰা কৰা নাছিল যে সেই ডিজেই  কাল  হ'ব। বিয়া ঘৰত ডিজেই নানা ধৰণৰ সংগীত বজাইছিল।  কইনাৰ  আত্মীয় একাংশই ডিজেই  বজোৱা সংগীত ভালপোৱা নাছিল। এই কথাকলৈয়ে তেওঁলোকে  কইনাৰ দেউতাকৰ সৈতে তৰ্কত লিপ্ত হৈছিল।   

এটা সময়ত সেই  তৰ্কই হতাহতিৰ ৰূপ লৈছিল। একাংশ  আত্মীয়ই কইনাৰ দেউতাকক গুৰুলা গুৰুলকৈ পিটিছিল। গুৰুতৰ ভাবে আহত হৈছিল কইনাৰ পিতৃ। অৱশেষত প্ৰহাৰৰ সন্মুখীন হোৱা কইনাৰ পিতৃৰ  মৃত্যু ঘটে। এই শোকাৱহ ঘটনাটো  ঘটিছে উত্তৰ প্ৰদেশৰ আগ্ৰাত । বিয়া ঘৰত  বহু মানুহৰ সমাগম ঘটিছিল।  খোৱাই খাইছিল, নচাই নাচিছিল। কিন্তু তাৰ মাজতে ডিজেই ভাল গীত নবজোৱাৰ কাৰণে কইনাৰ পিতৃৰ ওপৰত জঁপিয়াই পৰে একাংশ লোক।   কইনা ঘৰৰ লোকে প্ৰকাশ কৰা মতে  বিয়াৰ বাবে এজন ডিজে মতা  হৈছিল। এটাৰ পিছত এটা গান বজোৱা হৈছিল।

 কিন্তু  একাংশ সমবেত লোক ডিজিৰ  গান ভাল পোৱা নাছিল। তেওঁলোকে কইনাৰ দেউতাকক গান  সলনি কৰিবলৈ অনুৰোধ কৰিছিল। তাতেই সমস্যাৰ  আৰম্ভনি  হৈছিল।অভিযুক্ত আত্মীয়সকলে গানক লৈ কইনাৰ দেউতাকৰ সৈতে তৰ্ক কৰিছিল। পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছিল।  আৰু  আত্মীয়ৰ  প্ৰহাৰত কইনাৰ দেউতাক গুৰুতৰভাৱে আহত হৈছিল। অৱশেষ , তেওঁ প্ৰাণ হেৰুৱাইছিল । অভিযুক্তসকলে লগে  লগে বিয়াৰ ঘৰৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। কইনাৰ  পৰিয়ালে ফতেহাবাদ আৰক্ষী থানাত কমেও সাতজন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ