--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়া গৰম হৈ পৰিছে দেশৰ ৰাজনীতি। সোমবাৰে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিৰোধী শক্তিসমূহক বিভিন্ন প্ৰসংগলৈ কটাক্ষ কৰাৰ সমান্তৰালকৈ বিৰোধীয়েও শাসকপক্ষক আক্ৰমণ কৰা দেখা গৈছিল। কালি সংসদত দেশত ক’ৰোনা সংক্ৰমণ বিয়পাৰ বাবে দিল্লীৰ কেজৰিৱাল চৰকাৰক চৰকাৰক পৰোক্ষভাৱে দোষাৰোপ কৰিছিল। তাৰ পাছত, দিল্লী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী দুজনে টুইটাৰত বাক যুদ্ধত লিপ্ত হয়। যোগী আদিত্যনাথ আৰু অৰবিন্দ কেজৰিৱালে টুইটাৰযোগে ইজনে সিজনক কথাৰে আক্ৰমণ কৰে। এফালে, যদি যোগী আদিত্যনাথে কেজৰিৱালক 'মিছাবাদী' বুলি অভিহিত কৰিছিল। আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰীয়ে যোগীক "নিষ্ঠুৰ শাসক" বুলি অভিহিত কৰে। কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা সকলো অভিযোগ খাৰিজ কৰি কয় যে, "দেশত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক তেওঁলোকৰ ঘৰলৈ ঘূৰলৈ উভতি যোৱাৰ বাবে দিল্লী চৰকাৰে উদগনি যোগাইছিল বুলি যি অভিযোগ আনিছে, সেইয়া সম্পূৰ্ণ মিছা বুলি কোৱাৰ বিপৰীতে প্ৰধানমন্ত্ৰীয়ে ক’ৰোনাৰ আত্মীয়সকলক লৈ ৰাজনীতি কৰিছে বুলি অভিযোগ আনিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আম আদমী পাৰ্টিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলেত কেজৰিৱালে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ বিৰুদ্ধে টুইট কৰি ইয়াক 'ভিত্তিহীন' বুলি দাবী কৰে। কেজৰিৱালৰ টুইটৰ পিছত, যোগীক কেজৰিৱালৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছিল। এক টুইটযোগে তেওঁ লিখিছিল, "প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কেজৰিৱালৰ টুইট ন্যায়সঙ্গত নহয়। তেওঁ ক্ষমা বিচাৰিব লাগে। তেওঁ লগতে লিখিছিল, "কেজৰিৱালৰ মিছা কোৱাৰ অভ্যাস আছে। যেতিয়া সমগ্ৰ দেশে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছিল, কেজৰিৱালে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক দিল্লীৰ পৰা বাহিৰলৈ যাবলৈ অনুপ্ৰাণিত কৰিছিল আনকি তেওঁ জল-বৈদ্যুতিক সেৱা বন্ধ কৰে আৰু শ্ৰমিকসকলক দিল্লী এৰিযাবলৈ বাধ্য কৰে। ৰাতিটোৰ ভিতৰতে শুই থকা শ্ৰমিকসকলক উঠাই উত্তৰ প্ৰদেশৰ বাছত উঠাই দিয়া হৈছিল। উত্তৰ প্ৰদেশ চৰকাৰে তেতিয়া নিজাববীয়াকৈ এই শ্ৰমিকসকলৰ বাবে বাছৰ ব্যৱস্থা কৰিছিল আৰু তেওঁলোকক তেওঁলোকৰ ঘৰলৈ ঘূৰাই আনিছিল। যোগীয়ে লগতে লিখিছে.,, কেজিৰৱালেহে শ্ৰমিকসকলক দিল্লী এৰি যাবলৈ বাধ্য কৰাইছিল। আপোনাৰ চৰকাৰে অগণতান্ত্ৰিক আৰু অমানৱীয় কাম কৰিছে। শিশু আৰু মহিলাসকলেও মাজনিশা অসহায়ৰ দৰে উভতি আহিব লগা হৈছিল। আপুনি এজন বিশ্বাসঘাতক। '' যোগীৰ টুইটৰ উত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে টুইটযোগে তেওঁক উত্তৰ দিয়ে। কেজৰিৱালে লিখিছিল, " যোগী, আপুনি কেৱল মিছা কৱলৈহে ৰাজনীতি কৰিছে। আপোনাৰ ৰাজ্যৰ গংগাতে কোভিডৰ মৃতদেহ ওপঙি থকা দেখা গৈছিল। মই কাহানিও আপোনাৰ দৰে নিষ্ঠুৰ শাসক কদাচিত দেখা নাই। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু