--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়া গৰম হৈ পৰিছে দেশৰ ৰাজনীতি। সোমবাৰে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিৰোধী শক্তিসমূহক বিভিন্ন প্ৰসংগলৈ কটাক্ষ কৰাৰ সমান্তৰালকৈ বিৰোধীয়েও শাসকপক্ষক আক্ৰমণ কৰা দেখা গৈছিল। কালি সংসদত দেশত ক’ৰোনা সংক্ৰমণ বিয়পাৰ বাবে দিল্লীৰ কেজৰিৱাল চৰকাৰক চৰকাৰক পৰোক্ষভাৱে দোষাৰোপ কৰিছিল। তাৰ পাছত, দিল্লী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী দুজনে টুইটাৰত বাক যুদ্ধত লিপ্ত হয়। যোগী আদিত্যনাথ আৰু অৰবিন্দ কেজৰিৱালে টুইটাৰযোগে ইজনে সিজনক কথাৰে আক্ৰমণ কৰে। এফালে, যদি যোগী আদিত্যনাথে কেজৰিৱালক 'মিছাবাদী' বুলি অভিহিত কৰিছিল। আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰীয়ে যোগীক "নিষ্ঠুৰ শাসক" বুলি অভিহিত কৰে। কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা সকলো অভিযোগ খাৰিজ কৰি কয় যে, "দেশত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক তেওঁলোকৰ ঘৰলৈ ঘূৰলৈ উভতি যোৱাৰ বাবে দিল্লী চৰকাৰে উদগনি যোগাইছিল বুলি যি অভিযোগ আনিছে, সেইয়া সম্পূৰ্ণ মিছা বুলি কোৱাৰ বিপৰীতে প্ৰধানমন্ত্ৰীয়ে ক’ৰোনাৰ আত্মীয়সকলক লৈ ৰাজনীতি কৰিছে বুলি অভিযোগ আনিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আম আদমী পাৰ্টিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলেত কেজৰিৱালে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ বিৰুদ্ধে টুইট কৰি ইয়াক 'ভিত্তিহীন' বুলি দাবী কৰে। কেজৰিৱালৰ টুইটৰ পিছত, যোগীক কেজৰিৱালৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছিল। এক টুইটযোগে তেওঁ লিখিছিল, "প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কেজৰিৱালৰ টুইট ন্যায়সঙ্গত নহয়। তেওঁ ক্ষমা বিচাৰিব লাগে। তেওঁ লগতে লিখিছিল, "কেজৰিৱালৰ মিছা কোৱাৰ অভ্যাস আছে। যেতিয়া সমগ্ৰ দেশে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছিল, কেজৰিৱালে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক দিল্লীৰ পৰা বাহিৰলৈ যাবলৈ অনুপ্ৰাণিত কৰিছিল আনকি তেওঁ জল-বৈদ্যুতিক সেৱা বন্ধ কৰে আৰু শ্ৰমিকসকলক দিল্লী এৰিযাবলৈ বাধ্য কৰে। ৰাতিটোৰ ভিতৰতে শুই থকা শ্ৰমিকসকলক উঠাই উত্তৰ প্ৰদেশৰ বাছত উঠাই দিয়া হৈছিল। উত্তৰ প্ৰদেশ চৰকাৰে তেতিয়া নিজাববীয়াকৈ এই শ্ৰমিকসকলৰ বাবে বাছৰ ব্যৱস্থা কৰিছিল আৰু তেওঁলোকক তেওঁলোকৰ ঘৰলৈ ঘূৰাই আনিছিল। যোগীয়ে লগতে লিখিছে.,, কেজিৰৱালেহে শ্ৰমিকসকলক দিল্লী এৰি যাবলৈ বাধ্য কৰাইছিল। আপোনাৰ চৰকাৰে অগণতান্ত্ৰিক আৰু অমানৱীয় কাম কৰিছে। শিশু আৰু মহিলাসকলেও মাজনিশা অসহায়ৰ দৰে উভতি আহিব লগা হৈছিল। আপুনি এজন বিশ্বাসঘাতক। '' যোগীৰ টুইটৰ উত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে টুইটযোগে তেওঁক উত্তৰ দিয়ে। কেজৰিৱালে লিখিছিল, " যোগী, আপুনি কেৱল মিছা কৱলৈহে ৰাজনীতি কৰিছে। আপোনাৰ ৰাজ্যৰ গংগাতে কোভিডৰ মৃতদেহ ওপঙি থকা দেখা গৈছিল। মই কাহানিও আপোনাৰ দৰে নিষ্ঠুৰ শাসক কদাচিত দেখা নাই। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু