ডিজিটেল ডেস্ক: কেঞ্চাৰ আৰু আন ৰোগৰ ঔষধৰ সৰ্বোচ্চ দাম (এম আৰ পি) আৰু খুচুৰা বিক্রেতাই ক্ৰয় কৰা দামৰ (পি টি আৰ) মাজত থকা বৃহৎ ব্যৱধানক লৈ উচ্চতম ন্যায়ালয়ে পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰে। উচ্চতম ন্যায়ালয়ে বিষয়টোক লৈ এইবুলি পৰামৰ্শ দিয়ে যে এম আৰ পি আৰু পি টি আৰৰ মাজত থকা ব্যৱধান ১৬%ৰ অধিক হ'ব নালাগে।
ন্যায়ালয়ে এইবুলি প্রশ্ন কৰে যে ঔষধৰ ক্ষেত্ৰত কিয় সুকীয়া সুকীয়া নিয়ম আছে। আদালতে এইক্ষেত্রত কেঞ্চাৰৰ এবিধ ঔষধৰ দামৰ বিষয়ে উল্লেখ কৰে আৰু কয় যে এই ঔষধবিধৰ খুচুৰা বিক্রেতাই ক্ৰয় কৰে ২,৭০০ টকাত, কিন্তু তাত এম আৰ পি লিখা থাকে ২৭ হাজাৰ টকা। যিসকল ৰোগীয়ে চৰকাৰী আঁচনিৰ অধীনত চিকিৎসা কৰে তেওঁলোকৰ ইমান দামী ঔষধৰ মূল্য কোনে পৰিশোধ কৰে। ইয়াৰ বোজা চৰকাৰ আৰু কৰদাতাই বহন কৰিব লাগে।
উল্লেখযোগ্য যে যোৱা সপ্তাহত এই গোচৰটোৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ বিক্রম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাক লৈ গঠিত বিচাৰপীঠে কয় যে এনেধৰণৰ ব্যৱধান ৰোগীক 'দিন-দুপৰতে ডকাইতি' আৰু 'ধন দাবী' কৰাৰ লেখীয়া হৈছে। বিচাৰপীঠে ঔষধৰ দাম নিয়ন্ত্রণ, জেনেৰিক ঔষধৰ প্ৰেছক্রিপশ্যন আৰু ২০১৩ চনৰ ড্ৰাগ প্ৰাইচেজ কন্ট্ৰ'ল অৰ্ডাৰৰ (ডি পি চি অ') অধীনত চিকিৎসা সামগ্রী তথা সঁজুলিত নিয়ন্ত্ৰণৰ সৈতে জড়িত আৱেদনৰ শুনানি গ্ৰহণৰ সময়ত এই মন্তব্য কৰে। ন্যায়াধীশ মেহতাই কেঞ্চাৰৰ ঔষধবিধৰ এম আৰ পি আৰু পি আৰ টিৰ মাজত থকা বৃহৎ ব্যৱধান দহ গুণতকৈ অধিক হোৱাত উদ্বেগ প্রকাশ কৰে।
বিচাৰপীঠখনে ডি চি পিৰ অধীনত অত্যাৱশ্যকীয় আৰু অনা-অত্যাৱশ্যকীয় ঔষধৰ মাজত থকা পাৰ্থক্যক লৈও প্ৰশ্নৰ অৱতাৰণা কৰে। আদালতে কয় যে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহে উদ্যোগৰ দৰে কাম কৰি আছে। এই চিকিৎসালয়সমূহে নিজৰ ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ ৰোগীক বাধ্য কৰে। চিকিৎসালয়ৰ লাভ আৰু ঔষধৰ দাম নির্ধাৰণ কৰাৰ ক্ষেত্ৰত এক সমান নিয়মৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত কয় যে ই এটা গুৰুত্বপূৰ্ণ বিষয়। তেওঁ কয় যে ইয়াৰ এনেকুৱা এটা সমাধানৰ প্ৰয়োজন য'ত ৰোগী, চৰকাৰ আৰু ঔষধ উৎপাদন কৰা কোম্পানীকে ধৰি সকলো পক্ষৰ স্বাৰ্থ সন্তুলিত হৈ থাকে। আৱেদনকাৰীৰ অধিবক্তাই আদালতত কয় যে যিবিলাক ঔষধৰ দাম চৰকাৰে নিৰ্ধাৰণ কৰে সেইবিলাক ঔষধৰ বজাৰৰ অংশ কম। ইয়াৰ বিপৰীতে যিবিলাক ঔষধৰ দাম চৰকাৰে নিৰ্ধাৰণ নকৰে সেইবিলাক ঔষধৰ বজাৰত অংশ হ'ল প্রায় ৮০% বা তাতকৈ অধিক। এই ঔষধবিলাকৰ প্ৰাৰম্ভিক এম আৰ পি নিৰ্ধাৰণ কৰাত কোম্পানীসমূহে অধিক ৰেহাই পায়।
উৎস: দৈনিক জনমভূমি