--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আকৌ এবাৰ চৰ্চালৈ আহিছে। এইবাৰ অভিনেত্ৰীগৰাকীয়ে লাইমলাইটলৈ অহাৰ কাৰণ কোনো ছবি বা বিতৰ্ক নহয়। হয়, আচলতে সুশান্ত সিং ৰাজপুতৰ পাছত আকৌ এবাৰ ৰিয়াৰ জীৱনলৈ আহিছে এক নতুন প্ৰেম। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিনেত্ৰীগৰাকীয়ে সীমা সজদেহৰ ভাতৃ বাণ্টী সজদেহৰ সৈতে ডেটিং কৰিছে। ২০২০ চনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ৰিয়া চক্ৰৱৰ্তী বিতৰ্কৰ মাজত সোমাই পৰে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰিয়া চক্ৰৱৰ্তীয়ে বাণ্টীৰ লগত ডেটিং কৰি আছে। দুয়োজনে নিজৰ সম্পৰ্কক ব্যক্তিগতভাৱে ৰাখিব বিচাৰে। তেওঁৰ এজন ঘনিষ্ঠ বন্ধুৱে দাবী কৰিছে যে- ‘তেওঁলোকক একেলগে সুখী হোৱা দেখি বৰ ভাল লাগে। যোৱা কেইবছৰমানৰ পৰা ৰিয়াই বহু অসুবিধাৰ সন্মুখীন হৈছে আৰু বন্টীয়ে সদায় ৰিয়াক সহায়ৰ হাত আগবঢ়ায় আহিছে।

সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত যেতিয়া ৰিয়াক সোধা-পোছা কৰা হৈছিল তেতিয়া তেওঁৰ অন্যতম ক্লায়েণ্ট আছিল বণ্টী। 

উল্লেখযোগ্য যে বণ্টী সজদেহ কৰ্ণাৰষ্টোন স্প’ৰ্টৰ এম ডি আৰু চি ই অ’। এই সংস্থাটোৱে বিৰাট কোহলী, ৰোহিত শৰ্মা, শিখৰ ধাৱনকে ধৰি ক্ৰীড়া জগতৰ একাংশ ডাঙৰ নামৰ ব্যক্তিৰ তথ্য আৰু জনসংযোগ বিভাগ চম্ভালে।

তেওঁ ধৰ্ম কৰ্ণাৰষ্টোন এজেন্সীৰ অংশও। ৰিয়াৰ পূৰ্বে বণ্টীৰ নাম বলীউডৰ  সোনাক্ষী সিনহাৰ সৈতেও জড়িত হৈ আছে। সোনাক্ষী-বণ্টীয়ে ইজনে সিজনৰ লগত ডেটিং কৰি থকা বুলি চৰ্চা চলিছিল।

২০১৩ চনত সুশান্তৰ সৈতে ৰিয়া চক্ৰৱৰ্তীৰ প্ৰথম সাক্ষাৎ হৈছিল। তাৰ পাছতে দুয়োজনে ইজনে সিজনৰ লগত ডেটিং আৰম্ভ কৰিছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু