--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আকৌ এবাৰ চৰ্চালৈ আহিছে। এইবাৰ অভিনেত্ৰীগৰাকীয়ে লাইমলাইটলৈ অহাৰ কাৰণ কোনো ছবি বা বিতৰ্ক নহয়। হয়, আচলতে সুশান্ত সিং ৰাজপুতৰ পাছত আকৌ এবাৰ ৰিয়াৰ জীৱনলৈ আহিছে এক নতুন প্ৰেম। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিনেত্ৰীগৰাকীয়ে সীমা সজদেহৰ ভাতৃ বাণ্টী সজদেহৰ সৈতে ডেটিং কৰিছে। ২০২০ চনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ৰিয়া চক্ৰৱৰ্তী বিতৰ্কৰ মাজত সোমাই পৰে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰিয়া চক্ৰৱৰ্তীয়ে বাণ্টীৰ লগত ডেটিং কৰি আছে। দুয়োজনে নিজৰ সম্পৰ্কক ব্যক্তিগতভাৱে ৰাখিব বিচাৰে। তেওঁৰ এজন ঘনিষ্ঠ বন্ধুৱে দাবী কৰিছে যে- ‘তেওঁলোকক একেলগে সুখী হোৱা দেখি বৰ ভাল লাগে। যোৱা কেইবছৰমানৰ পৰা ৰিয়াই বহু অসুবিধাৰ সন্মুখীন হৈছে আৰু বন্টীয়ে সদায় ৰিয়াক সহায়ৰ হাত আগবঢ়ায় আহিছে।

সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত যেতিয়া ৰিয়াক সোধা-পোছা কৰা হৈছিল তেতিয়া তেওঁৰ অন্যতম ক্লায়েণ্ট আছিল বণ্টী। 

উল্লেখযোগ্য যে বণ্টী সজদেহ কৰ্ণাৰষ্টোন স্প’ৰ্টৰ এম ডি আৰু চি ই অ’। এই সংস্থাটোৱে বিৰাট কোহলী, ৰোহিত শৰ্মা, শিখৰ ধাৱনকে ধৰি ক্ৰীড়া জগতৰ একাংশ ডাঙৰ নামৰ ব্যক্তিৰ তথ্য আৰু জনসংযোগ বিভাগ চম্ভালে।

তেওঁ ধৰ্ম কৰ্ণাৰষ্টোন এজেন্সীৰ অংশও। ৰিয়াৰ পূৰ্বে বণ্টীৰ নাম বলীউডৰ  সোনাক্ষী সিনহাৰ সৈতেও জড়িত হৈ আছে। সোনাক্ষী-বণ্টীয়ে ইজনে সিজনৰ লগত ডেটিং কৰি থকা বুলি চৰ্চা চলিছিল।

২০১৩ চনত সুশান্তৰ সৈতে ৰিয়া চক্ৰৱৰ্তীৰ প্ৰথম সাক্ষাৎ হৈছিল। তাৰ পাছতে দুয়োজনে ইজনে সিজনৰ লগত ডেটিং আৰম্ভ কৰিছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement