--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপৰিচালক ৰামগোপাল বাৰ্মা। কেতিয়াবা যদি ৰাজনীতিকলৈ বিতৰ্কিত মন্তব্য, কেতিয়াবা আকৌ অভিনেত্ৰীৰ লগত হলি গলিৰ চৰ্চা। মুঠৰ ওপৰত কিবা নহয় কিবা এটা কৰি তেওঁ সদায় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। 

 এইবাৰ অভিনেত্ৰী আশু ৰেড্ডীৰ ভৰি চেলেকি দি সংবাদ শিৰোনাম দখল কৰিলে পৰিচালক বাৰ্মাই।  অভিনেত্ৰী আশু ৰেড্ডীয়ে আৰামেৰে এখন চকীত বহি আছিল। পিন্ধনত তেওঁৰ  চুটি হালধীয়া পোছাক । পৰিচালক ৰামগোপাল বৰ্মাই তেওঁৰ ভৰিৰ কাষতে টাইলছৰ মজিয়াত বহি আছে। হঠাতে পৰিচালক বাৰ্মাই   অভিনেত্ৰীগৰাকীৰ অ ভৰিত চুমা খাবলৈ ধৰিলে। অদ্ভূত ভিডিঅ'টো হঠাতে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। 

দেখা গৈছে যে ৰামগোপালে নিজেই প্ৰথমে অভিনেত্ৰীগৰাকীৰ ভৰি চুম্বন কৰা ফটো পোষ্ট কৰিছিল। পিছত, পৰিচালকজনে সমগ্ৰ ভিডিঅ'টোৰ ইউটিউব লিংকটো শ্বেয়াৰ কৰে। য'ত দেখা গৈছে যে আহিবলগীয়া ছবি 'ডেঞ্জাৰাছ'ৰ মুক্তিৰ আগতে আছুৱে তেওঁৰ সাক্ষাৎকাৰ লৈ আছে। ভিডিঅ'টোৰ শেষৰ ফালে ৰামগোপালে অভিনেত্ৰীগৰাকীৰ ভৰি চেলেকি দিয়া দেখা যায়।



"ৰামগোপালে জ্ঞান হেৰুৱাইছে নেকি? তেওঁ এই সকলোবোৰ কৰি আছে কিয়নো যদি তেওঁ কিবা বিতৰ্কিত কাম নকৰে তেন্তে তেওঁ শিৰোনাম দখল কৰিব নোৱাৰিব।"পৰিচালকজনে তেওঁৰ শেহতীয়া ছবি 'ডেঞ্জাৰাছ'ৰ প্ৰচাৰৰ বাবেই এনে কৰা বুলি বহুতে মন্তব্য কৰিছে।  বহুতে পৰিচালকগৰাকীৰ কাৰ্যৰ  বিৰোধিতা কৰি মাত মাতিছে।

দুগৰাকী মহিলাৰ সমকামী প্ৰেমকলৈ নিৰ্মিত  'ডেঞ্জাৰাছ' এই বছৰৰ মে’ মাহত মুক্তি পোৱাৰ কথা আছিল।  নয়না গংগোপাধ্যায় আৰু অপ্সৰা ৰাণী অভিনীত ছবি খনত যৌনতাৰ 'অত্যাধিকতা'ৰ বাবে ছবিখনৰ মুক্তি অনিশ্চিত হৈ পৰিছিল। ৰামগোপালৰ দ্বাৰা পৰিচালিত দেশৰ প্ৰথমখন সমকামী অপৰাধ চলচ্চিত্ৰ অৱশেষত ৯ ডিচেম্বৰত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক