--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপৰিচালক ৰামগোপাল বাৰ্মা। কেতিয়াবা যদি ৰাজনীতিকলৈ বিতৰ্কিত মন্তব্য, কেতিয়াবা আকৌ অভিনেত্ৰীৰ লগত হলি গলিৰ চৰ্চা। মুঠৰ ওপৰত কিবা নহয় কিবা এটা কৰি তেওঁ সদায় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। 

 এইবাৰ অভিনেত্ৰী আশু ৰেড্ডীৰ ভৰি চেলেকি দি সংবাদ শিৰোনাম দখল কৰিলে পৰিচালক বাৰ্মাই।  অভিনেত্ৰী আশু ৰেড্ডীয়ে আৰামেৰে এখন চকীত বহি আছিল। পিন্ধনত তেওঁৰ  চুটি হালধীয়া পোছাক । পৰিচালক ৰামগোপাল বৰ্মাই তেওঁৰ ভৰিৰ কাষতে টাইলছৰ মজিয়াত বহি আছে। হঠাতে পৰিচালক বাৰ্মাই   অভিনেত্ৰীগৰাকীৰ অ ভৰিত চুমা খাবলৈ ধৰিলে। অদ্ভূত ভিডিঅ'টো হঠাতে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। 

দেখা গৈছে যে ৰামগোপালে নিজেই প্ৰথমে অভিনেত্ৰীগৰাকীৰ ভৰি চুম্বন কৰা ফটো পোষ্ট কৰিছিল। পিছত, পৰিচালকজনে সমগ্ৰ ভিডিঅ'টোৰ ইউটিউব লিংকটো শ্বেয়াৰ কৰে। য'ত দেখা গৈছে যে আহিবলগীয়া ছবি 'ডেঞ্জাৰাছ'ৰ মুক্তিৰ আগতে আছুৱে তেওঁৰ সাক্ষাৎকাৰ লৈ আছে। ভিডিঅ'টোৰ শেষৰ ফালে ৰামগোপালে অভিনেত্ৰীগৰাকীৰ ভৰি চেলেকি দিয়া দেখা যায়।



"ৰামগোপালে জ্ঞান হেৰুৱাইছে নেকি? তেওঁ এই সকলোবোৰ কৰি আছে কিয়নো যদি তেওঁ কিবা বিতৰ্কিত কাম নকৰে তেন্তে তেওঁ শিৰোনাম দখল কৰিব নোৱাৰিব।"পৰিচালকজনে তেওঁৰ শেহতীয়া ছবি 'ডেঞ্জাৰাছ'ৰ প্ৰচাৰৰ বাবেই এনে কৰা বুলি বহুতে মন্তব্য কৰিছে।  বহুতে পৰিচালকগৰাকীৰ কাৰ্যৰ  বিৰোধিতা কৰি মাত মাতিছে।

দুগৰাকী মহিলাৰ সমকামী প্ৰেমকলৈ নিৰ্মিত  'ডেঞ্জাৰাছ' এই বছৰৰ মে’ মাহত মুক্তি পোৱাৰ কথা আছিল।  নয়না গংগোপাধ্যায় আৰু অপ্সৰা ৰাণী অভিনীত ছবি খনত যৌনতাৰ 'অত্যাধিকতা'ৰ বাবে ছবিখনৰ মুক্তি অনিশ্চিত হৈ পৰিছিল। ৰামগোপালৰ দ্বাৰা পৰিচালিত দেশৰ প্ৰথমখন সমকামী অপৰাধ চলচ্চিত্ৰ অৱশেষত ৯ ডিচেম্বৰত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু