--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু সময়ত ঘৰৰ বয়োজ্যেষ্ঠসকলে সন্ধিয়া হোৱাৰ পাছত কিছু কাম কৰিবলৈ বাধা দিয়ে। ইয়াৰ আঁৰৰ কাৰণসমূহ ধৰ্ম, বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰ অনুসৰি যদি সূৰ্যাস্তৰ পাছত এই কামসমূহ কৰা হয়, তেন্তে মালক্ষ্মী সোনকালে অসন্তুষ্ট হৈ পৰে। এনে ঘৰত দৰিদ্ৰতাই গ্ৰাস কৰে। সূৰ্যাস্তৰৰ পাছত কোনসমূহ কাম কৰিব নালাগে জানো আহক।

* সূৰ্যাস্তৰ পাছত ঝাড়ু আৰু ঘৰ মচাটো অতি অশুভ বুলি গণ্য কৰা হয়। গতিকে সূৰ্যাস্তৰৰ পাছত কেতিয়াও ঝাড়ু লগাব নালাগে। এই কাম কৰি মালক্ষ্মীৰ খং উঠে। ঘৰৰ সুখ-সমৃদ্ধি নোহোৱা হয়, সৌভাগ্যক দুৰ্ভাগ্যলৈ পৰিৱৰ্তন কৰে।

* সূৰ্যাস্তৰ পাছত তুলসী স্পৰ্শ নকৰিব, সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে মালক্ষ্মী সন্তুষ্ট হয়, কিন্তু সন্ধিয়া তুলসী স্পৰ্শ কৰিলে মালক্ষ্মীৰ খং উঠিব পাৰে। সেয়েহে সূৰ্যাস্তৰৰ পাছত তুলসীৰ পাত ছিঙিব বা স্পৰ্শ কৰিব  নালাগে।

* সূৰ্যাস্তৰ সময়ত কেতিয়াও শুব নালাগে। এই সময়ছোৱাত ঘৰলৈ মালক্ষ্মীৰ আগমন হয়, সেয়েহে সূৰ্যাস্তৰৰ পাছত শুলে মালক্ষ্মী অসন্তুষ্ট হৈ ঘৰৰ সুখ-সমৃদ্ধি প্ৰগতিত বাধা আহি পৰে।

* সূৰ্যাস্তৰ পাছত কেতিয়াও কাকো দৈ, আচাৰ, গাখীৰ আৰু নিমখৰ দৰে বস্তু নিদিব। জ্যোতিষশাস্ত্ৰৰ মতে এইসমূহ সামগ্ৰী চন্দ্ৰৰ লগত জড়িত আৰু সন্ধিয়া এইসমূহ সামগ্ৰী দান কৰিলে ৰাশিত চন্দ্ৰ দুৰ্বল হৈ পৰে। যিয়ে জীৱনত বহু সমস্যাৰ সৃষ্টি কৰে। সন্ধিয়া কাকো টকা ধাৰে নিদিব, ইয়াৰ ফলত অৰ্থনৈতিক অৱস্থাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।

* সূৰ্যাস্তৰ পাছত কেতিয়াও চুলি আৰু নখ কাটিব নালাগে। এনে কৰিলে জীৱনত নেতিবাচকতা বৃদ্ধি পায় আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক