--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সূৰ্য্যৰ মৃত্যু হ'বনে? কিমান দিনৰ কথা বিজ্ঞানীসকলে ক’লে সূৰ্য্যৰ আয়ুস। সূৰ্য্যৰ বয়স অসীম নহয়। সময়ৰ নিয়ম অনুসৰি এদিন সূৰ্য্যৰো মৃত্যু হ’ব। সেই দিনটো কিমান দূৰত?যদিও এয়া আচৰিত যেন লাগে কিন্তু সচাকৈয়ে সূৰ্য্যৰ বয়স বাঢ়ি গৈ আছে। 

বিজ্ঞানীসকলে কয় যে পৃথিৱীৰ শক্তিৰ মূল উৎস সূৰ্য্য ক্ৰমান্বয়ে মধ্যবয়স পাৰ হৈ প্ৰাপ্তবয়স্কৰ দিশে আগবাঢ়িছে। ২০১৩ চনত ইউৰোপীয় মহাকাশ সংস্থাই গাইয়া (Gaia Spacecraft ) নামৰ এখন মহাকাশযান মহাকাশলৈ প্ৰেৰণ কৰিছিল। মহাকাশত থকা বিভিন্ন গ্ৰহ আৰু তৰাৰ বিষয়ে তথ্য সংৰক্ষণ কৰাটোৱেই হৈছে এই যানখনৰ প্ৰথম তথা প্ৰধান কাম। বিজ্ঞানীসকলে গাইয়াই প্ৰদান কৰা তথ্যসমূহ বিশ্লেষণ কৰি সূৰ্য্যৰ বয়সৰ অনুমান কৰে।

 ইউৰোপীয় মহাকাশ সংস্থাৰ বিজ্ঞানীসকলৰ মতে সূৰ্য্যৰ বয়স ৪৫ লাখ ৫৭০ কোটি বছৰ। সূৰ্য্যৰ ভিতৰত হাইড্ৰজেন পৰমাণুবোৰ একেৰাহে সংযুক্ত হৈ হিলিয়াম পৰমাণু সৃষ্টি কৰি আছে। বিজ্ঞানৰ ভাষাত এই প্ৰক্ৰিয়াটোক ‘পাৰমাণৱিক সংযোজন’ বোলা হয়। আৰু এই প্ৰক্ৰিয়াত বিপুল পৰিমাণৰ শক্তিৰ সৃষ্টি হয়। বিজ্ঞানীসকলে কয় যে যেতিয়া সূৰ্য্যৰ ভিতৰত হাইড্ৰ’জেনৰ পৰিমাণ কমি যাব তেতিয়া ইয়াৰ প্ৰভাৱ এই প্ৰক্ৰিয়াত পৰিব। আৰু তেতিয়াই সূৰ্য্যটো লাহে লাহে ম্লান হৈ যাব। কিন্তু এই ঘটনা কেতিয়া হ’ব ?
 
এটা নক্ষত্ৰ কিমান দিন জীয়াই থাকে সেয়া নক্ষত্ৰটোৰ ভৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। বিজ্ঞানীসকলে গাইয়াৰ পৰা আন বহু নক্ষত্ৰৰ বিষয়ে লাভ কৰা তথ্যসমূহ সূৰ্য্যৰ সৈতে তুলনা কৰিছে। আৰু সেই তথ্যই কৈছে যে ৮ বিলিয়ন বছৰৰ পাছত সূৰ্য্যই সৰ্বোচ্চ উষ্ণতাত উপনীত হ’ব। তেতিয়াৰ পৰা সূৰ্য্য ক্ৰমান্বয়ে ঠাণ্ডা হৈ পৰিব। উষ্ণতা কমি যোৱাৰ লগে লগে সূৰ্য্যৰ আয়তন বাঢ়িব। সূৰ্য্যটো ক্ৰমান্বয়ে এটা ৰঙা  তৰালৈ পৰিণত হ’ব। প্ৰায় ১১ বিলিয়ন বছৰ বয়সত সূৰ্য্যৰ সম্পূৰ্ণ মৃত্যু হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক