--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত কেইটামান বৰ্ষৰ পৰা দেখিবলৈ পোৱা গৈছে চৰকাৰী বাজেটসমূহ এখনৰ পাছত আনখনকৈ চকুত লগা হৈ আহি আছে। কোনে কি নতুনত্বৰে অভিলেখ গঢ়িব পাৰি, তাক লৈ ব্যস্ত হৈ পৰিছে। কোনে বাজেট উত্থাপন কৰি চুটি ভাষণ দিলে, কোনে দীৰ্ঘতম ভাষণ দি অভিলেখ গঢ়িলে আদি বিষয়হে এতিয়া যেন গুৰুত্বপূৰ্ণ। কিন্তু কোনখন বাজেট এতিয়ালৈকে অধিক কল্যাণমুখী হ’ল, কোনখন বাজেটৰ কাৰ্যকৰীকৰণৰ হাৰ বেছি আদি বিষয়বোৰ এতিয়া গৌণ হৈ পৰিল। বাজেট উত্থাপন এতিয়া প্ৰতিযোগিতাহে যেন! কিন্তু কেতিয়াৰ পৰা এই বাজেটবোৰ প্ৰতিযোগিতামুখী হৈ পৰিল? দেশে স্বাধীনতা লাভৰ পাছত উত্থাপন কৰা প্ৰথমখন বাজেটত কি কি আছিল? স্বাধীন ভাৰতৰ প্ৰথমখন বাজেট উত্থাপন কৰা হৈছিল ১৯৪৭ চনৰ ২৬ নৱেম্বৰত। অৰ্থাৎ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ১০৩ দিন পাছতেই সংসদত উত্থাপন কৰা হৈছিল ইউনিয়ন বাজেট। প্ৰথমখন বাজেট সংসদত উত্থাপন কৰিছিল তদানীন্তন বিত্তমন্ত্ৰী আৰ কে শান্তমুখম ছেত্ৰীয়ে। বাজেট উত্থাপন কৰি তেওঁ এনেদৰে সম্বোধন কৰিছিল, ‘মই এখন মুক্ত আৰু স্বাধীন ভাৰতৰ প্ৰথম বাজেট উপস্থাপন কৰিবলৈ অগ্ৰসৰ হৈছোঁ। এই অনুষ্ঠানটোক এক ঐতিহাসিক অনুষ্ঠান হিচাপে গণ্য কৰা হ'ব পাৰে, আৰু মই ইয়াক এক বিৰল বিশেষাধিকাৰ হিচাপে গণ্য কৰোঁ, কাৰণ বিত্তমন্ত্ৰী হিচাপে এই বাজেট উপস্থাপন কৰাৰ দায়িত্ব মোৰ ওপৰত পৰিছে।’ আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে বাজেটৰ ডিজিটেল কপি লৈ সংসদত প্ৰৱেশ কৰিছিল। কিন্তু স্বাধীনতাৰ পাছৰ প্ৰথমখন বাজেট উত্থাপন কৰিবলৈ তদানীন্তন বিত্তমন্ত্ৰীয়ে হাতত এটা চামৰাৰ ব্ৰিফকেচ লৈ প্ৰৱেশ কৰিছিল আৰু তাতেই তেওঁ বাজেটৰ কপী লৈ আহিছিল। সেই বাজেটে ১৯৪৭ চনৰ আগষ্টৰ পৰা ১৯৪৮ চনৰ মাৰ্চ মাহলৈকে প্ৰায় চাৰে সাত মাহৰ সময় সামৰি লৈছিল। বিত্তীয় বৰ্ষটোৰ মুঠ ৰাজহ আছিল ১৭১.১৫ কোটি টকা আৰু মুঠ ব্যয় আছিল ১৯৭.২৯ কোটি টকা। সেই বৰ্ষত বিত্তীয় ঘাটিৰ পৰিমাণ আছিল ২৬.১৪ কোটি টকা। প্ৰতিৰক্ষা সেৱাৰ বাবে বাজেটত মুঠ ধনৰ ভিতৰত প্ৰায় ৯২.৭৪ কোটি আৱণ্টন কৰা হৈছিল। অৰ্থাৎ প্ৰতিৰক্ষাৰ বাবে সেই বৰ্ষত ধাৰ্য কৰা ধন মুঠ বাজেটৰ ৫৪ শতাংশ আছিল। বাজেটত সেই সময়ত কোনো চমক সৃষ্টিকাৰী উদ্দেশ্য নাছিল। লগতে আজিৰ দিনত বিৰোধীয়ে উল্লেখ কৰা ধৰণে সেই বাজেটবোৰ নিৰ্বাচনকেন্দ্ৰিকো নাছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে চামৰাৰ ব্ৰিফকেচৰ পৰা ডিজিটেল কপীলৈ বাজেট ৰূপান্তৰ হোৱা, বাজেট উত্থাপনৰ সময় পৰিৱৰ্তন হোৱাৰ লগতে উদ্দেশ্যও ফালৰি কাটিছে বুলি নানা সময়ত অভিযোগ উত্থাপন হৈ আহিছে। উন্নয়ণশীল দেশ হিচাপে দেশখনৰ কেন্দ্ৰীয় বাজেটৰ প্ৰতিটো লক্ষ্যই আন্তঃগাঠনি নিৰ্মাণ, স্বাস্থ্যসেৱাৰ উন্নয়ণ, প্ৰতিৰক্ষা সেৱাত গুৰুত্বৰ লগতে জনসাধাৰণৰ জীৱনধাৰণৰ মান উন্নীতকৰণৰ বাবে স্থিৰ হোৱাটো বাঞ্চনীয়। প্ৰতিখন বাজেটত চমক সৃষ্টিৰ বাবে অভিলেখ গঢ়িলে তাৰ সুফল জনতাৰ ভোগ্য নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ