--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যৰ বিষয়া-আমোলাই কিদৰে কাম কৰে? বিষয়া-আমোলাৰ কামে পূৰণ কৰিব পাৰিছেনে সাধাৰণ জনতাৰ স্বাৰ্থ? বিষয়া-আমোলা কিমান দায়বদ্ধ নিজৰ কামৰ প্ৰতি? এনে বহু প্ৰশ্নৰ এতিয়া উদ্ৰেক হৈছে বিভিন্নজনৰ মনত। কিয়নো স্বয়ং মুখ্যমন্ত্ৰীয়েই বিষয়া-আমোলাক সোঁৱৰাই দিবলগীয়া হৈছে দায়িত্ব। খোদ মুখ্য সচিবক কাষত বহুৱাই লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিকালে কাম কৰাৰ ধৰণ-কৰণ। সোঁৱৰালে কামৰ দায়িত্ব। সোঁৱৰালে তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰত দায়বদ্ধ হোৱাতকৈ বেছি দায়বদ্ধ হ’ব লাগে জনতা জনাৰ্দনৰ ওচৰত। মুখ ফুটাই নক’লেও তেওঁৰ কথাই এই ইংগিতকে দিলে যে, মু্খ্যমন্ত্ৰীক ভালৰি বোলাই কাম কৰি থকাতেই তেওঁৰ দায়িত্ব শেষ নহয়। বৰং তেওঁ অধিক দায়বদ্ধ হ’ব লাগে জনতাৰ ওচৰতহে। শক্তি বিভাগৰ ফাইলৰ উদাহৰণ দি মুখ্য সচিবক সন্মুখত বহুৱাই প্ৰতিমাহৰ শেষত ফাইলৰ কামৰ বাবে মুখ্য সচিবে মুখ্যমন্ত্ৰীক ফোন কৰাক লৈ মুখ্য সচিবক বুজনি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ তাৎপৰ্যপূৰ্ণভাৱে ক’লে, মুখ্য সচিবে মোক সন্মান কৰাটো ভাল কিন্তু ই ৰাজ্যখনৰ কাৰণে বেয়া। সন্মুখতে বহি মুখ্যমন্ত্ৰীৰ এই বুজনি শুনি থাকিল মুখ্য সচিবে। ইফালে জিলাসমূহৰ প্রশাসন সন্দৰ্ভতো তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। জিলা উপায়ুক্তই সকলো কাম কাম অতিৰিক্ত উপায়ুক্ত বা তলতীয়া বিষয়াক গতাই দিয়া দিয়াৰ ব্যৱস্থা বাহাল ৰাখিলে নহ’ব বুলি সোঁৱৰাই দিলে মুখ্যমন্ত্ৰীয়ে। এই ব্যৱস্থা সলনি কৰি তেওঁ জিলা প্ৰশাসনক অধিক সক্ৰিয় আৰু গতিশীল কৰাৰ সপক্ষে মত পোষণ কৰে। তেওঁ তাৎপৰ্যপূৰ্ণভাৱে কয়, উপ-সচিবৰ কাম ফুটবলৰ পাছ খেলাৰ দৰে বুলি বিষয়াসকলে ভাবি লৈছে। কিন্তু এনেদৰে নহ'ব। এজন সিদ্ধান্ত গ্ৰহণকাৰী বিষয়াই এই ধাৰণা লৈ থাকিলে নহ'ব। ইফালে, গৃহ বিভাগৰ বাহনৰ পেট্ৰ'ল ,ডিজেলক লৈ লগা খেলিমেলিক লৈও মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰাই তিনিমাহৰ মূৰে মূৰে তেওঁলৈ পেট্ৰ'ল-ডিজেলৰ খৰচৰ ফাইলটো চাই দিবলৈ ফোন আহে বুলি তেওঁ মন্তব্য কৰে। স্মৰ্তব্য যে, সেই সময়ত তেওঁ আছিল বিত্তমন্ত্ৰীৰ দায়িত্বত। তেওঁ কয়, এইটো কাম আমাক দিয়াৰ কি দৰকাৰ আছে? আৰক্ষী সঞ্চালক প্ৰধানক এইবোৰ কাম দি দিয়াৰ তেওঁ পোষকতা কৰে। তেওঁ কয় যে, ৩ হাজাৰ কোটি টকা ৰাজকোষত আছে, কিন্তু তাৰ পাছতো পুলিচৰ গাড়ীত, মন্ত্ৰীৰ গাড়ীত তেল নিদিয়াক লৈয়েই বাতৰি ওলাল বিত্তীয় অৱস্থা সংকটজনক বুলি। কিন্তু আচল কথাটো আমিহে জানো। ৩ হাজাৰ কোটি টকা থকাৰ পাছত বিত্তীয় সংকট হ’ব নোৱাৰে। বিষয়াৰ ভুলৰ বাবেহে এনে বেমেজালিৰ সৃষ্টি হ’ল বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে, মু্খ্যমন্ত্ৰী স্বৰ্গত বহি থকা অনুষ্ঠান নহয়। আমাৰ কাৰোবাৰ কথা পেপাৰত ওলালে কিহৰ কাৰণে ওলাইছে সেইটো পৰস্পৰে উপলব্ধি কৰিব লাগিব। শিক্ষামন্ত্ৰীক টুইটাৰত বহু শিক্ষকে গালি পাৰি আছে টকা নাই পোৱা বুলি। মইও গালি শুনি আছোঁ কিন্তু কোনো কাৰ্যব্যৱস্থা লোৱা নাই। কিন্তু তেওঁ অচিৰেই কাৰ্যব্যৱস্থা  ল'ব বুলি মন্তব্য কৰে। তেওঁ কয়, কোটিল্যৰ দিনৰ পৰাই কোৱা হৈছে চৰকাৰৰ ৰাজভঁৰাল অক্ষয় কৰি ৰখাৰ দায়িত্ব সকলোৰে। আমি কৰা কামে যাতে মানুহৰ অন্যায় নকৰে তাৰ ওপৰত যদি আমি লক্ষ্য ৰাখোঁ অসম তেতিয়া উন্নতিৰ পথলৈ যাব। আমি কৰা কামে মানুহৰ অন্যায় যাতে নহয়, চকু ৰাখিব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ প্ৰভাৱ; ৬ সপ্তাহৰ পাছত বিমান সেৱা বন্ধ হ’ব ইউৰোপত
গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন
৩খন টোলগে'টে শোধাব মাধমাৰ, বিশ্বনাথ-গহপুৰ-খোৱাঙত যান-বাহনে ভৰিব মাচুল
যুদ্ধত ৩৯ মার্কিন যুঁজাৰু বিমান ধ্বংস