--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বছৰ হৈ গৈছে। সেই অনুসৰি লোকসভাৰো বয়স বৃদ্ধি পাইছে। কিন্তু লোকসভাত কমি আহিছে প্ৰশ্ন সোধা বা বিধেয়ক গৃহীত হোৱাৰ হাৰ। 

সংসদৰ প্ৰাৰম্ভিক বছৰবোৰতকৈ কম বয়সৰ সাংসদ, অধিক  মহিলাৰ প্ৰতিনিধিত্বত  আংশিক বৃদ্ধি পাইছে। তদুপৰি বৈঠকৰ সংখ্যা কমিছে আৰু কম বিধেয়ক হৈছে।  উল্লেখ্য  ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া  সংসদৰ পাঁচদিনীয়া বিশেষ অধিৱেশনত "সংবিধান সভাৰ পৰা আৰম্ভ হোৱা ৭৫ বছৰীয়া সংসদীয় যাত্ৰা – কৃতিত্ব, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষণ" সম্পৰ্কে আলোচনা কৰা হ'ব।দেশৰ মুঠ জনসংখ্যাত যুৱসকলৰ বৰ্ধিত অংশ থকা স্বত্বেও  লোকসভাত ৩৫  বছৰ বা তাতকৈ কম বয়সৰ সাংসদৰ সংখ্যা হ্ৰাসহে পাইছে।

লোকসভা পৰ্টেলত উপলব্ধ তথ্য সমূহে দেখুৱাইছে যে যদিও প্ৰথম লোকসভাত এই সংখ্যা আছিল ৮২  (এতিয়াও সৰ্বাধিক), চলিত সপ্তদশ লোকসভাত এয়া ২১ জনহে। এই সময়ছোৱাত নিম্ন সদনত মুঠ আসনৰ সংখ্যা ৪৯৯ ৰ পৰা ৫৪৫ লৈ বৃদ্ধি হোৱা স্বত্বেও তথা  দেশত যুৱ জনসংখ্যা বৃদ্ধি হোৱা স্বত্বেও সংসদত  তেওঁলোকৰ প্ৰতিনিধিত্বৰ সংখ্যা এক চতুৰ্থাংশ হ্ৰাস পাইছে।

২০১১  চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ প্ৰায় ৬৬ শতাংশ  ৩৫  বছৰৰ তলৰ আছিল। স্বাধীনতাৰ পিছত  ২০১৯  চনতে সংসদত  বেছিভাগ মহিলা সাংসদ আছিল। তেতিয়াও  মহিলা প্ৰতিনিধিৰ হাৰ মুঠ সাংসদৰ মাত্ৰ ১৪.৩৬ শতাংশ আছিল।
১৯৬২  চনৰ পৰা মহিলাৰ ভোটদান ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে। সেই বছৰটোত ৬২ শতাংশ পুৰুষ ভোটাৰ আৰু ৪৬.৬ শতাংশ  মহিলা ভোটাৰে ভোট দান কৰিছিল।২০১৯  চনৰ নিৰ্বাচনৰ সময়ত, মহিলাসকলে পুৰুষসকলক পিছ পেলাইছিল, ৬৭ শতাংশ মহিলাই দেশত ভোটদান  কৰিছিল।

সেই অনুসৰিৃ মহিলা প্ৰাৰ্থীৰ সংখ্যাও বৃদ্ধি পাইছে। ১৯৫৭ চনৰ লোকসভা নিৰ্বাচনত (দ্বিতীয়টো) মাত্ৰ ৪৫ গৰাকী মহিলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাকৰিছিল। প্ৰথম লোকসভা(১৯৫১)ত ২২  গৰাকী মহিলা সাংসদ আছিল, মুঠ ৪৮৯ জনৰ ৪.৪১ শতাংশ। ১৯৫৭  চনত, মুঠ ৪৯৪  খন আসমৰ ভিতৰত  ২৭ গৰাকী মহিলা নিৰ্বাচিত হৈছিল। ২০১৯ ৰ লোকসভা নিৰ্বাচনত  ৭৮  গৰাকী মহিলা সংসদলৈ নিৰ্বাচিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা