--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বছৰ হৈ গৈছে। সেই অনুসৰি লোকসভাৰো বয়স বৃদ্ধি পাইছে। কিন্তু লোকসভাত কমি আহিছে প্ৰশ্ন সোধা বা বিধেয়ক গৃহীত হোৱাৰ হাৰ। 

সংসদৰ প্ৰাৰম্ভিক বছৰবোৰতকৈ কম বয়সৰ সাংসদ, অধিক  মহিলাৰ প্ৰতিনিধিত্বত  আংশিক বৃদ্ধি পাইছে। তদুপৰি বৈঠকৰ সংখ্যা কমিছে আৰু কম বিধেয়ক হৈছে।  উল্লেখ্য  ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া  সংসদৰ পাঁচদিনীয়া বিশেষ অধিৱেশনত "সংবিধান সভাৰ পৰা আৰম্ভ হোৱা ৭৫ বছৰীয়া সংসদীয় যাত্ৰা – কৃতিত্ব, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষণ" সম্পৰ্কে আলোচনা কৰা হ'ব।দেশৰ মুঠ জনসংখ্যাত যুৱসকলৰ বৰ্ধিত অংশ থকা স্বত্বেও  লোকসভাত ৩৫  বছৰ বা তাতকৈ কম বয়সৰ সাংসদৰ সংখ্যা হ্ৰাসহে পাইছে।

লোকসভা পৰ্টেলত উপলব্ধ তথ্য সমূহে দেখুৱাইছে যে যদিও প্ৰথম লোকসভাত এই সংখ্যা আছিল ৮২  (এতিয়াও সৰ্বাধিক), চলিত সপ্তদশ লোকসভাত এয়া ২১ জনহে। এই সময়ছোৱাত নিম্ন সদনত মুঠ আসনৰ সংখ্যা ৪৯৯ ৰ পৰা ৫৪৫ লৈ বৃদ্ধি হোৱা স্বত্বেও তথা  দেশত যুৱ জনসংখ্যা বৃদ্ধি হোৱা স্বত্বেও সংসদত  তেওঁলোকৰ প্ৰতিনিধিত্বৰ সংখ্যা এক চতুৰ্থাংশ হ্ৰাস পাইছে।

২০১১  চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ প্ৰায় ৬৬ শতাংশ  ৩৫  বছৰৰ তলৰ আছিল। স্বাধীনতাৰ পিছত  ২০১৯  চনতে সংসদত  বেছিভাগ মহিলা সাংসদ আছিল। তেতিয়াও  মহিলা প্ৰতিনিধিৰ হাৰ মুঠ সাংসদৰ মাত্ৰ ১৪.৩৬ শতাংশ আছিল।
১৯৬২  চনৰ পৰা মহিলাৰ ভোটদান ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে। সেই বছৰটোত ৬২ শতাংশ পুৰুষ ভোটাৰ আৰু ৪৬.৬ শতাংশ  মহিলা ভোটাৰে ভোট দান কৰিছিল।২০১৯  চনৰ নিৰ্বাচনৰ সময়ত, মহিলাসকলে পুৰুষসকলক পিছ পেলাইছিল, ৬৭ শতাংশ মহিলাই দেশত ভোটদান  কৰিছিল।

সেই অনুসৰিৃ মহিলা প্ৰাৰ্থীৰ সংখ্যাও বৃদ্ধি পাইছে। ১৯৫৭ চনৰ লোকসভা নিৰ্বাচনত (দ্বিতীয়টো) মাত্ৰ ৪৫ গৰাকী মহিলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাকৰিছিল। প্ৰথম লোকসভা(১৯৫১)ত ২২  গৰাকী মহিলা সাংসদ আছিল, মুঠ ৪৮৯ জনৰ ৪.৪১ শতাংশ। ১৯৫৭  চনত, মুঠ ৪৯৪  খন আসমৰ ভিতৰত  ২৭ গৰাকী মহিলা নিৰ্বাচিত হৈছিল। ২০১৯ ৰ লোকসভা নিৰ্বাচনত  ৭৮  গৰাকী মহিলা সংসদলৈ নিৰ্বাচিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন