--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটি কোটি টকা খৰচ কৰি ভাৰতৰ পৰা হেৰাই যোৱা চিতা পুনৰ ভাৰতৰ অৰণ্যত মেলি দিবলৈ কেন্দ্ৰীয় চৰকাৰে যি প্ৰকল্প হাতত লৈছে সেই প্ৰকল্প এতিয়া সমালোচনাৰ সন্মুখীন হৈছে।বিদেশৰ পৰা অনা বহুকেইটা চিতাৰ ইতিমধ্যে মৃত্যু ঘটিছে। ইয়াৰ মাজতে  ভাৰতীয় জনতা পাৰ্টিৰ  সাংসদ বৰুণ গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা চিতা আমদানিৰ চৰকাৰৰ  আঁচনিৰ বিৰুদ্ধে ক্ষুৰধাৰ  সমালোচনা কৰিছে আৰু  ইয়াক নিষ্ঠুৰতাৰ কাৰ্য বুলি অভিহিত কৰিছে। 

এক্সত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰুণ গান্ধীয়ে কয় যে  প্ৰকল্প চিতা হেডৰ অধীনত  দক্ষিণ আফ্ৰিকাৰ পৰা চিতা আমদানি কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰাটো হতাশাজনক কথা। সাংসদৰ গান্ধীয়ে সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যত এই আঁচনি প্ৰৱৰ্তন কৰাৰ কথাটোত  হতাশা ব্যক্ত কৰিছে। বৰুণ গান্ধীয়ে কয় "আফ্ৰিকাৰ পৰা চিতা আমদানি কৰা আৰু সেই প্ৰাণীবোৰক  বিদেশত মৰিবলৈ দিয়াটো কেৱল নিষ্ঠুৰতাই নহয়, ই অৱহেলাৰ এক ভয়ংকৰ প্ৰদৰ্শন। আমি এই বিষয়ত গুৰুত্ব দিয়া উচিত ’’। এই  প্ৰাণীবোৰৰ দুখ-কষ্টত অৰিহণা যোগোৱাৰ সলনি আমাৰ নিজৰ বিপদাপন্ন প্ৰজাতি আৰু বাসস্থান সংৰক্ষণ কৰা উচিৎ বুলি বৰুণ গান্ধীয়ে কয়। বিদেশী জন্তুৰ ওপৰত এনে অত্যাচাৰ  তৎক্ষণাৎ বন্ধ  হ'ব লাগিব, আৰু ইয়াৰ পৰিৱৰ্তে আমি আমাৰ স্থানীয় বন্যপ্ৰাণীৰ কল্যাণত গুৰুত্ব দিব লাগিব বুলিও বৰুণ গান্ধীয়ে কয়। 



নিজৰ দলৰেই এগৰাকী সাংসদে চৰকাৰৰ পদক্ষেপক কৰা এনে সমালোচনাই বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখ্য সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ শীত  প্ৰতিৰোধ ক্ষমতা থকা  চিতা দক্ষিণ আফ্ৰিকাৰ পৰা আমদানি কৰা হ'ব বুলি  প্ৰকল্পৰ মুৰব্বী এছ পি যাদৱে প্ৰকাশ কৰিছে।

 কেন্দ্ৰীয় চৰকাৰে ভাৰতত চিতাৰ সংৰক্ষণ আৰু সংখ্যা বৃদ্ধিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে যদিও মুঠেও সফল হোৱা নাই।উল্লেখ্য যোৱা বছৰ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা আঠটা চিতা  ভাৰতলৈ অনা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই কুনোৰ অৰণ্যত  চিতাবোৰক  পিঞ্জৰাৰ পৰা মুক্ত কৰি দিছিল। এই বছৰৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২  টা চিতা ভাৰতলৈ অনা হৈছিল। তাৰ পিছত মাৰ্চ মাহৰ পৰা চিতাৰ  মৃত্যু যাত্ৰা আৰম্ভ হৈছিল। 

কুনোৰ অৰণ্যত এটা চিতাই   চাৰিটা পোৱালিৰ জন্ম দিছিল। সেইবোৰৰ তিনিটা পোৱালিৰ  মৃতু্য ঘটিছে। ২৭ মাৰ্চত নামিবিয়াৰ চিতা ছাছাৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। দক্ষিণ আফ্ৰিকাৰ পৰা অনা  উদয়ৰ ১৩ এপ্ৰিলত মৃত্যু হয়। দক্ষ নামৰ চিতাটোও দক্ষিণ আফ্ৰিকাৰ পৰা অনা হৈছিল। আন এটা চিতাৰ বাঘৰ সৈতে হোৱা যুদ্ধত  আঘাতপ্ৰাপ্ত হোৱাৰ পিছত ৯ মে'ত সেই চিতাটোৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন