--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটি কোটি টকা খৰচ কৰি ভাৰতৰ পৰা হেৰাই যোৱা চিতা পুনৰ ভাৰতৰ অৰণ্যত মেলি দিবলৈ কেন্দ্ৰীয় চৰকাৰে যি প্ৰকল্প হাতত লৈছে সেই প্ৰকল্প এতিয়া সমালোচনাৰ সন্মুখীন হৈছে।বিদেশৰ পৰা অনা বহুকেইটা চিতাৰ ইতিমধ্যে মৃত্যু ঘটিছে। ইয়াৰ মাজতে  ভাৰতীয় জনতা পাৰ্টিৰ  সাংসদ বৰুণ গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা চিতা আমদানিৰ চৰকাৰৰ  আঁচনিৰ বিৰুদ্ধে ক্ষুৰধাৰ  সমালোচনা কৰিছে আৰু  ইয়াক নিষ্ঠুৰতাৰ কাৰ্য বুলি অভিহিত কৰিছে। 

এক্সত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰুণ গান্ধীয়ে কয় যে  প্ৰকল্প চিতা হেডৰ অধীনত  দক্ষিণ আফ্ৰিকাৰ পৰা চিতা আমদানি কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰাটো হতাশাজনক কথা। সাংসদৰ গান্ধীয়ে সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যত এই আঁচনি প্ৰৱৰ্তন কৰাৰ কথাটোত  হতাশা ব্যক্ত কৰিছে। বৰুণ গান্ধীয়ে কয় "আফ্ৰিকাৰ পৰা চিতা আমদানি কৰা আৰু সেই প্ৰাণীবোৰক  বিদেশত মৰিবলৈ দিয়াটো কেৱল নিষ্ঠুৰতাই নহয়, ই অৱহেলাৰ এক ভয়ংকৰ প্ৰদৰ্শন। আমি এই বিষয়ত গুৰুত্ব দিয়া উচিত ’’। এই  প্ৰাণীবোৰৰ দুখ-কষ্টত অৰিহণা যোগোৱাৰ সলনি আমাৰ নিজৰ বিপদাপন্ন প্ৰজাতি আৰু বাসস্থান সংৰক্ষণ কৰা উচিৎ বুলি বৰুণ গান্ধীয়ে কয়। বিদেশী জন্তুৰ ওপৰত এনে অত্যাচাৰ  তৎক্ষণাৎ বন্ধ  হ'ব লাগিব, আৰু ইয়াৰ পৰিৱৰ্তে আমি আমাৰ স্থানীয় বন্যপ্ৰাণীৰ কল্যাণত গুৰুত্ব দিব লাগিব বুলিও বৰুণ গান্ধীয়ে কয়। 



নিজৰ দলৰেই এগৰাকী সাংসদে চৰকাৰৰ পদক্ষেপক কৰা এনে সমালোচনাই বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখ্য সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ শীত  প্ৰতিৰোধ ক্ষমতা থকা  চিতা দক্ষিণ আফ্ৰিকাৰ পৰা আমদানি কৰা হ'ব বুলি  প্ৰকল্পৰ মুৰব্বী এছ পি যাদৱে প্ৰকাশ কৰিছে।

 কেন্দ্ৰীয় চৰকাৰে ভাৰতত চিতাৰ সংৰক্ষণ আৰু সংখ্যা বৃদ্ধিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে যদিও মুঠেও সফল হোৱা নাই।উল্লেখ্য যোৱা বছৰ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা আঠটা চিতা  ভাৰতলৈ অনা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই কুনোৰ অৰণ্যত  চিতাবোৰক  পিঞ্জৰাৰ পৰা মুক্ত কৰি দিছিল। এই বছৰৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২  টা চিতা ভাৰতলৈ অনা হৈছিল। তাৰ পিছত মাৰ্চ মাহৰ পৰা চিতাৰ  মৃত্যু যাত্ৰা আৰম্ভ হৈছিল। 

কুনোৰ অৰণ্যত এটা চিতাই   চাৰিটা পোৱালিৰ জন্ম দিছিল। সেইবোৰৰ তিনিটা পোৱালিৰ  মৃতু্য ঘটিছে। ২৭ মাৰ্চত নামিবিয়াৰ চিতা ছাছাৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। দক্ষিণ আফ্ৰিকাৰ পৰা অনা  উদয়ৰ ১৩ এপ্ৰিলত মৃত্যু হয়। দক্ষ নামৰ চিতাটোও দক্ষিণ আফ্ৰিকাৰ পৰা অনা হৈছিল। আন এটা চিতাৰ বাঘৰ সৈতে হোৱা যুদ্ধত  আঘাতপ্ৰাপ্ত হোৱাৰ পিছত ৯ মে'ত সেই চিতাটোৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ