--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত কিবা বিষয় পোষ্ট কৰাৰ সময়ত তাৰকাসকলে প্ৰায়ে এনেকুৱা ভুল কৰে যে তেওঁলোকে ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হয়। ‘ৰামায়ণ’ত সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিখলিয়াৰ লগতো তেনে এক ঘটনাই ঘটিল। স্বাধীনতা দিৱস উদযাপন কৰা ফটো অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে তেওঁ এনেকুৱা এটা ভুল কৰিলে যে এতিয়া তেওঁ যথেষ্ট ট্ৰ’লৰ সন্মুখীন হৈছে। দীপিকাৰ এই পোষ্টটোৰ সংযোগ পাকিস্তানৰ সৈতে জড়িত, যাৰ বাবে ট্ৰ’লে ছ’চিয়েল মিডিয়াত তেওঁক হেঁচা মাৰি ধৰিছে।

সমগ্ৰ দেশতে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰা হৈছিল। দেশপ্ৰেমৰ ৰঙেৰে ৰঙীন হোৱা দেখা গ’ল দেশবাসীক। প্ৰতিখন ঘৰতে ত্ৰিৰংগা দেখা গ’ল। ইয়াৰ লগতে সাধাৰণ মানুহৰ পৰা চেলিব্ৰিটিলৈকে সকলোৱে ভাৰতীয় হোৱাৰ গৌৰৱ প্ৰকাশ কৰে। 'ৰামায়ণৰ সীতা' অৰ্থাৎ দীপিকা চিখলিয়াই স্বাধীনতা দিৱসৰ শুভেচ্ছাই দি পৰিল বিপদত। তেওঁৰ এটা ভুলৰ বাবেই ছ’চিয়েল মিডিয়াত দীপিকাক তীব্ৰ ঠাট্টা-মস্কৰা কৰা হৈছে। 

স্বাধীনতা দিৱসৰ দিনা বাকী তাৰকাসকলৰ দৰেই দীপিকা চিখলিয়াই টুইটাৰত এটা টুইট কৰিছিল। এই টুইটৰ সৈতে অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা ফটোখনত দেখা গৈছে বগা কাপোৰ এসাজ পিন্ধি তেওঁ হাতত ত্ৰিৰংগা লৈ আছে। এই ছবিখন পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে ভুলতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক টেগ কৰে। 

দীপিকা চিখলিয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰীক টেগ কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত তেওঁ ট্ৰ’ল খাবলৈ আৰম্ভ কৰে। নেটিজেনসকলে দীপিকাক নানা ধৰণে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিলে, যি এতিয়াও অন্ত পৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement