--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত কিবা বিষয় পোষ্ট কৰাৰ সময়ত তাৰকাসকলে প্ৰায়ে এনেকুৱা ভুল কৰে যে তেওঁলোকে ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হয়। ‘ৰামায়ণ’ত সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিখলিয়াৰ লগতো তেনে এক ঘটনাই ঘটিল। স্বাধীনতা দিৱস উদযাপন কৰা ফটো অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে তেওঁ এনেকুৱা এটা ভুল কৰিলে যে এতিয়া তেওঁ যথেষ্ট ট্ৰ’লৰ সন্মুখীন হৈছে। দীপিকাৰ এই পোষ্টটোৰ সংযোগ পাকিস্তানৰ সৈতে জড়িত, যাৰ বাবে ট্ৰ’লে ছ’চিয়েল মিডিয়াত তেওঁক হেঁচা মাৰি ধৰিছে।

সমগ্ৰ দেশতে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰা হৈছিল। দেশপ্ৰেমৰ ৰঙেৰে ৰঙীন হোৱা দেখা গ’ল দেশবাসীক। প্ৰতিখন ঘৰতে ত্ৰিৰংগা দেখা গ’ল। ইয়াৰ লগতে সাধাৰণ মানুহৰ পৰা চেলিব্ৰিটিলৈকে সকলোৱে ভাৰতীয় হোৱাৰ গৌৰৱ প্ৰকাশ কৰে। 'ৰামায়ণৰ সীতা' অৰ্থাৎ দীপিকা চিখলিয়াই স্বাধীনতা দিৱসৰ শুভেচ্ছাই দি পৰিল বিপদত। তেওঁৰ এটা ভুলৰ বাবেই ছ’চিয়েল মিডিয়াত দীপিকাক তীব্ৰ ঠাট্টা-মস্কৰা কৰা হৈছে। 

স্বাধীনতা দিৱসৰ দিনা বাকী তাৰকাসকলৰ দৰেই দীপিকা চিখলিয়াই টুইটাৰত এটা টুইট কৰিছিল। এই টুইটৰ সৈতে অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা ফটোখনত দেখা গৈছে বগা কাপোৰ এসাজ পিন্ধি তেওঁ হাতত ত্ৰিৰংগা লৈ আছে। এই ছবিখন পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে ভুলতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক টেগ কৰে। 

দীপিকা চিখলিয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰীক টেগ কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত তেওঁ ট্ৰ’ল খাবলৈ আৰম্ভ কৰে। নেটিজেনসকলে দীপিকাক নানা ধৰণে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিলে, যি এতিয়াও অন্ত পৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু