--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ’অমুকৰ পত্নীলৈ চাবাচোন, সকলো কামতেই পাকৈত, আৰু তুমি? আজিৰ দিনতো ইমান বুৰ্বক মহিলা থাকেনে?’, ’অমুকৰ পত্নীৰ হাঁহিয়েই চাব নে ৰূপেই চাবা, আৰু তোমাৰ...’। পত্নীক এনে জাতীয় মন্তব্যৰে যদি কোনো স্বামীয়ে ঠাট্টা-বিদ্ৰুপ আদি কৰি আহিছে তেন্তে এতিয়াৰ পৰা তেনে পুৰুষসকল সাৱধান হওঁক। কাৰণ আন মহিলাৰ সৈতে তুলনা কৰি পত্নীক ঠাট্টা-বিদ্ৰুপ কৰাটো এক অপৰাধ বুলি মন্তব্য কৰিছে আদালতে।

কেৰালা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্যই বহু মহিলাক তেওঁলোকৰ স্বামীৰ মানসিক অত্যাচাৰৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি আশা কৰা হৈছে।দৰাচলতে এক স্বাস্থ্যকৰ বৈবাহিক সম্পৰ্ক গঢ়ি তুলিবলৈ ইজনে সিজনৰ প্ৰতি সন্মান আৰু বিশ্বাসৰ এক শক্তিশালী ভেঁটি থকাটো অতি গুৰুত্বপূৰ্ণ। আজি কেৰালা উচ্চ ন্যায়ালয়ে এনে বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। 

কেৰালা উচ্চ ন্যায়ালয়ত এখন বৈবাহিক গোচৰৰ শুনানি চলি আছিল। এগৰাকী মহিলাই তেওঁৰ স্বামীৰ ওপৰত নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি নিম্ন আদালতত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছিল।  নিম্ন আদালতে তেওঁৰ বিবাহ বিচ্ছেদৰ আবেদন মঞ্জুৰ কৰিছিল। স্বামীয়ে নিম্ন আদালতৰ ৰায়টোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। শেহতীয়াকৈ সেই ক্ষেত্ৰত ন্যায়াধীশ অনিল কে নৰেন্দ্ৰন আৰু ন্যায়াধীশ চি এছ সুধাৰ এখন খণ্ড বিচাৰপীঠে গোচৰটো সন্দৰ্ভত শুনানি গ্ৰহণ কৰি স্পষ্ট ভাবে কয় যে আন মহিলাৰ সৈতে তুলনা কৰি নিজৰ পত্নীক ককৰ্থনা কৰাটো এক অপৰাধ। মহিলাগৰাকীয়ে আদালতত অভিযোগ কৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁক নিৰন্তৰ অসন্মান কৰিছিল। 

স্বামীয়ে তেওঁক আন মহিলাৰ সৈতে তুলনা কৰি তেওঁৰ  পত্নী হোৱাৰ  যোগ্য নহয় বুলি কৈ আহিছিল। স্বামীয়ে মহিলাগৰাকীৰ  চেহেৰা, শ্ৰৱণ শক্তি আৰু আনকি গুণগত মানৰ ক্ষেত্ৰতো  স্বামীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অক্ষম বুলি ককৰ্থনা কৰিছিল। আবেদনকাৰী মহিলাগৰাকীয়ে  আদালতত অভিযোগ কৰিছিল যে আন মহিলাৰ সৈতে তুলনা কৰি তেওঁক বাৰে বাৰে অপমান কৰা হৈছিল। ফলস্বৰূপে তেওঁ মানসিকভাৱে ভাগি পৰিছিল। সেই ক্ষেত্ৰত বিবাহ বিচ্ছেদৰ আবেদন পাৰিবাৰিক আদালতৰ দ্বাৰা মঞ্জুৰ কৰা হৈছিল। কেৰালা উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ স্বামীক কঠোৰ ভাৱে ভৰ্ৎসনা কৰে। 

খণ্ডপীঠ খনে কয়  যে পত্নীক আন কোনো মহিলাৰ সৈতে তুলনা কৰি উপহাস বা অসন্মান কৰাটো গ্ৰহণযোগ্য নহয়। এয়া আনকি এটা অপৰাধ। বিচাৰকসকলৰ খণ্ড বিচাৰপীঠে কয় যে আন যিকোনো মহিলাৰ সৈতে তুলনা কৰি অসন্মান আৰু নিৰন্তৰ উপহাসক  মানসিক অত্যাচাৰ বুলি গণ্য কৰা হ'ব। আদালতে এইটোও স্পষ্ট কৰি দিয়ে যে পত্নীয়ে এনে মানসিক অত্যাচাৰৰ অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিব পাৰে। আৰু আদালতে ইয়াক গ্ৰহণ কৰিব।  উচ্চ ন্যায়ালয়ে আজি স্বামীয়ে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই  কৰা আবেদন  খাৰিজ কৰে। খণ্ড বিচাৰপীঠে নিম্ন আদালতৰ সিদ্ধান্ত বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু