--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ’অমুকৰ পত্নীলৈ চাবাচোন, সকলো কামতেই পাকৈত, আৰু তুমি? আজিৰ দিনতো ইমান বুৰ্বক মহিলা থাকেনে?’, ’অমুকৰ পত্নীৰ হাঁহিয়েই চাব নে ৰূপেই চাবা, আৰু তোমাৰ...’। পত্নীক এনে জাতীয় মন্তব্যৰে যদি কোনো স্বামীয়ে ঠাট্টা-বিদ্ৰুপ আদি কৰি আহিছে তেন্তে এতিয়াৰ পৰা তেনে পুৰুষসকল সাৱধান হওঁক। কাৰণ আন মহিলাৰ সৈতে তুলনা কৰি পত্নীক ঠাট্টা-বিদ্ৰুপ কৰাটো এক অপৰাধ বুলি মন্তব্য কৰিছে আদালতে।

কেৰালা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্যই বহু মহিলাক তেওঁলোকৰ স্বামীৰ মানসিক অত্যাচাৰৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি আশা কৰা হৈছে।দৰাচলতে এক স্বাস্থ্যকৰ বৈবাহিক সম্পৰ্ক গঢ়ি তুলিবলৈ ইজনে সিজনৰ প্ৰতি সন্মান আৰু বিশ্বাসৰ এক শক্তিশালী ভেঁটি থকাটো অতি গুৰুত্বপূৰ্ণ। আজি কেৰালা উচ্চ ন্যায়ালয়ে এনে বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। 

কেৰালা উচ্চ ন্যায়ালয়ত এখন বৈবাহিক গোচৰৰ শুনানি চলি আছিল। এগৰাকী মহিলাই তেওঁৰ স্বামীৰ ওপৰত নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি নিম্ন আদালতত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছিল।  নিম্ন আদালতে তেওঁৰ বিবাহ বিচ্ছেদৰ আবেদন মঞ্জুৰ কৰিছিল। স্বামীয়ে নিম্ন আদালতৰ ৰায়টোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। শেহতীয়াকৈ সেই ক্ষেত্ৰত ন্যায়াধীশ অনিল কে নৰেন্দ্ৰন আৰু ন্যায়াধীশ চি এছ সুধাৰ এখন খণ্ড বিচাৰপীঠে গোচৰটো সন্দৰ্ভত শুনানি গ্ৰহণ কৰি স্পষ্ট ভাবে কয় যে আন মহিলাৰ সৈতে তুলনা কৰি নিজৰ পত্নীক ককৰ্থনা কৰাটো এক অপৰাধ। মহিলাগৰাকীয়ে আদালতত অভিযোগ কৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁক নিৰন্তৰ অসন্মান কৰিছিল। 

স্বামীয়ে তেওঁক আন মহিলাৰ সৈতে তুলনা কৰি তেওঁৰ  পত্নী হোৱাৰ  যোগ্য নহয় বুলি কৈ আহিছিল। স্বামীয়ে মহিলাগৰাকীৰ  চেহেৰা, শ্ৰৱণ শক্তি আৰু আনকি গুণগত মানৰ ক্ষেত্ৰতো  স্বামীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অক্ষম বুলি ককৰ্থনা কৰিছিল। আবেদনকাৰী মহিলাগৰাকীয়ে  আদালতত অভিযোগ কৰিছিল যে আন মহিলাৰ সৈতে তুলনা কৰি তেওঁক বাৰে বাৰে অপমান কৰা হৈছিল। ফলস্বৰূপে তেওঁ মানসিকভাৱে ভাগি পৰিছিল। সেই ক্ষেত্ৰত বিবাহ বিচ্ছেদৰ আবেদন পাৰিবাৰিক আদালতৰ দ্বাৰা মঞ্জুৰ কৰা হৈছিল। কেৰালা উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ স্বামীক কঠোৰ ভাৱে ভৰ্ৎসনা কৰে। 

খণ্ডপীঠ খনে কয়  যে পত্নীক আন কোনো মহিলাৰ সৈতে তুলনা কৰি উপহাস বা অসন্মান কৰাটো গ্ৰহণযোগ্য নহয়। এয়া আনকি এটা অপৰাধ। বিচাৰকসকলৰ খণ্ড বিচাৰপীঠে কয় যে আন যিকোনো মহিলাৰ সৈতে তুলনা কৰি অসন্মান আৰু নিৰন্তৰ উপহাসক  মানসিক অত্যাচাৰ বুলি গণ্য কৰা হ'ব। আদালতে এইটোও স্পষ্ট কৰি দিয়ে যে পত্নীয়ে এনে মানসিক অত্যাচাৰৰ অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিব পাৰে। আৰু আদালতে ইয়াক গ্ৰহণ কৰিব।  উচ্চ ন্যায়ালয়ে আজি স্বামীয়ে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই  কৰা আবেদন  খাৰিজ কৰে। খণ্ড বিচাৰপীঠে নিম্ন আদালতৰ সিদ্ধান্ত বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ