--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২ নৱেম্বৰ আছিল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন৷ সেই উপলক্ষত ১ নৱেম্বৰৰ নিশাৰ পৰাই শ্বাহৰুখ খানৰ বাসভৱন ‘মান্নাত’ৰ সন্মুখত ভিৰ হৈছিল অনুৰাগীৰ৷ সময় যিমানে আগবাঢ়িছিল যিমানে বাঢ়িছিল জনস্ৰোত৷ ‘মান্নাত’ৰ সন্মুখত শ্বাহৰুখ খানক দেখিবলৈ পোৱাতো তেনেই দুৰুহ৷ কিন্তু জন্মদিনৰ নিশা তেওঁ নিজে আহি ধৰা দিয়ে অনুৰাগীৰ সন্মুখত৷ 

টিক্... টিক্... টিক্...
নিশা ১২ বাজিল৷ হেপ্পী বাৰ্থডে’ কিং খান৷ হৰ্ষোধ্বনিৰে মুখৰিত হৈ পৰিল ‘মান্নাত’ৰ চৌহদ৷ কিন্তু, তাতেই সংঘটিত হ’ল অঘটন!
‘মান্নাত’ৰ বাহিৰত শ্বাহৰুখ খানৰ জন্মদিনৰ নিশা চুৰি হ’ল ৩০টাকৈ স্মাৰ্টফোন৷

অৱশ্যে এদিনৰ ভিতৰতে ধৰা পৰিছে তিনিজনকৈ চোৰ৷ প্ৰতিবছৰে এই দিনটোত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলে শ্বাহৰুখৰ ঘৰৰ সন্মুখত একত্ৰিত হয়। এই বছৰটোও নাছিল ব্যতিক্ৰম৷ ৰজাৰ বয়স ৫৮ বছৰ হ’ল। তাৰ উপৰি ‘পাঠান’ আৰু ‘জোৱান’ৰ দ্বৈত সফলতা। স্বাভাৱিকতে সেইনিশা শ্বাহৰুখৰ ঘৰৰ বাহিৰত যথেষ্ট ভিৰ হৈছিল। গোটেই অঞ্চলটোত ইমানেই ভিৰ হৈছিল যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচাৰ্জ কৰিবলগীয়া হৈছিল। 

অনুৰাগীসকলৰ উন্মাদনাৰ মাজতে ‘মান্নাত’ৰ বাহিৰত চুৰি হৈছিল ৩০টাকৈ ফোন। মুঠ ১৭জন লোকে সেই নিশা বান্দ্ৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে তদন্তৰ এদিনৰ ভিতৰতে চোৰটোক আটক কৰিছিল। বান্দ্ৰা আৰু কাষৰীয়া অঞ্চলৰ চিচিটিভি ফুটেজৰ পৰীক্ষাৰ পাছত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক শুভম যমুনাপ্ৰসাদ, মহম্মদ আলী আৰু ইমৰাণ বুলি চিনাক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু