--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২ নৱেম্বৰ আছিল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন৷ সেই উপলক্ষত ১ নৱেম্বৰৰ নিশাৰ পৰাই শ্বাহৰুখ খানৰ বাসভৱন ‘মান্নাত’ৰ সন্মুখত ভিৰ হৈছিল অনুৰাগীৰ৷ সময় যিমানে আগবাঢ়িছিল যিমানে বাঢ়িছিল জনস্ৰোত৷ ‘মান্নাত’ৰ সন্মুখত শ্বাহৰুখ খানক দেখিবলৈ পোৱাতো তেনেই দুৰুহ৷ কিন্তু জন্মদিনৰ নিশা তেওঁ নিজে আহি ধৰা দিয়ে অনুৰাগীৰ সন্মুখত৷ 

টিক্... টিক্... টিক্...
নিশা ১২ বাজিল৷ হেপ্পী বাৰ্থডে’ কিং খান৷ হৰ্ষোধ্বনিৰে মুখৰিত হৈ পৰিল ‘মান্নাত’ৰ চৌহদ৷ কিন্তু, তাতেই সংঘটিত হ’ল অঘটন!
‘মান্নাত’ৰ বাহিৰত শ্বাহৰুখ খানৰ জন্মদিনৰ নিশা চুৰি হ’ল ৩০টাকৈ স্মাৰ্টফোন৷

অৱশ্যে এদিনৰ ভিতৰতে ধৰা পৰিছে তিনিজনকৈ চোৰ৷ প্ৰতিবছৰে এই দিনটোত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলে শ্বাহৰুখৰ ঘৰৰ সন্মুখত একত্ৰিত হয়। এই বছৰটোও নাছিল ব্যতিক্ৰম৷ ৰজাৰ বয়স ৫৮ বছৰ হ’ল। তাৰ উপৰি ‘পাঠান’ আৰু ‘জোৱান’ৰ দ্বৈত সফলতা। স্বাভাৱিকতে সেইনিশা শ্বাহৰুখৰ ঘৰৰ বাহিৰত যথেষ্ট ভিৰ হৈছিল। গোটেই অঞ্চলটোত ইমানেই ভিৰ হৈছিল যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচাৰ্জ কৰিবলগীয়া হৈছিল। 

অনুৰাগীসকলৰ উন্মাদনাৰ মাজতে ‘মান্নাত’ৰ বাহিৰত চুৰি হৈছিল ৩০টাকৈ ফোন। মুঠ ১৭জন লোকে সেই নিশা বান্দ্ৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে তদন্তৰ এদিনৰ ভিতৰতে চোৰটোক আটক কৰিছিল। বান্দ্ৰা আৰু কাষৰীয়া অঞ্চলৰ চিচিটিভি ফুটেজৰ পৰীক্ষাৰ পাছত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক শুভম যমুনাপ্ৰসাদ, মহম্মদ আলী আৰু ইমৰাণ বুলি চিনাক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ