--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘তেজস’ক দৰ্শকে সৰ্বাত্মকৰূপত প্ৰত্যাখ্যান কৰাৰ পাছত হতাশ হৈ পৰিছে কংগনা ৰাণাৱট! মানসিকভাৱে ক্লান্ত, শ্ৰান্ত হৈ পৰিছে কংগনা৷ 

ভবা নাছিল এনে বিফলতাই আগভেটি ধৰিব বুলি তেওঁৰ চিনেমাক৷ আৰ্তসময়ত জনতাৰ সৈতে নাথাকি কেৱল মাত্ৰ চৰকাৰৰ পক্ষতেই অৱস্থান কৰাৰ বাবে যেন দৰ্শকে সমুচিত প্ৰত্যুত্তৰ দিলে কংগনাক৷ কংগনা ৰাণাৱটৰ চিনেমাৰ ফ্লপ ধাৰাটো ২০১৫ৰ পাছত আৰম্ভ হৈছিল। 

কংগনাই বিগত ৮ বছৰত দেখিছে এটাৰ পাছত এটা বিফলতা৷ কংগনাৰ অন্তিম হিট চিনেমা আছিল ‘তনু ৱেডছ মনু ৰিটাৰ্ণছ’। তাৰ পাছত কংগনাই ‘কাট্টি বাট্টি’, ‘চিমৰণ’, ‘জাজমেন্টেল হে ক্যা’, ‘পাঙ্গা’, ‘থালাইভি’, ‘ধাকাদ’, ‘চন্দ্ৰমুখী’ৰ দৰে চিনেমাত কাম কৰিছে। অৱশ্যে, ইয়াৰে এখনো চিনেমাই বক্স অফিচত প্ৰভাৱ পেলাব নোৱাৰিলে। কংগনাৰ নতুন চিনেমা ‘তেজস’ ২৭ অক্টোবৰত মুক্তি পাইছিল। 

অৱশ্যে, দৰ্শকে চিনেমাখন প্ৰত্যাখ্যান কৰে। চিনেমাখনৰ প্ৰচাৰৰ বাবে কংগনাই সামাজিক মাধ্যমৰ সহায় লৈছিল৷ তেওঁ দৰ্শকসকলক ছবিগৃহলৈ আহি চিনেমাখন চাবলৈ আহ্বান জনাইছিল। কংগনাই আনকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাবে বিশেষ স্ক্ৰীণিঙৰ ব্যৱস্থা কৰিছিল। ‘তেজস’ চোৱাৰ পাছত যোগীৰ চকুপানী ওলাইছিল। কিন্তু ‘তেজস’ক লৈ দৰ্শকৰ নাই কোনো উৎসাহ-উদ্দীপনা। চিনেমাখনৰ বিফলতাই কংগনাক মানসিক ভাৱে ভাঙি পেলাইছিল। সম্প্ৰতি বলীউডৰ ‘ৰাণী’ হতাশাত ডুব গৈ আছে!

অভিনেত্ৰীগৰাকীয়ে এতিয়া শান্তি বিচাৰি গৈছে ক’লৈ?

কংগনাই যোৱা কেইদিনমানধৰি মানসিক অস্থিৰতাত ভুগি আছে। গতিকে অভিনেত্ৰীগৰাকীয়ে শান্তি বিচাৰি গুজৰাটলৈ গৈছে আৰু কৃষ্ণাত আশ্ৰয় লৈছে। কংগনাই সদায় নিজকে কৃষ্ণৰ অনুৰাগী বুলি কৈ আহিছে। সেয়েহে, যেতিয়া তেওঁৰ মন বিচলিত হৈছিল, তেওঁ গুজৰাটৰ দ্বাৰকাধিশ মন্দিৰলৈ গৈছিল। কংগনাই তেওঁৰ ছ'চিয়েল মিডিয়া পৃষ্ঠাত লিখিছিল, মই যোৱা কেইদিনমান ধৰি মোৰ মনত চাপ অনুভৱ কৰি আছোঁ।

গতিকে বাৰে বাৰে মোৰ এনে লাগিছিল যেন মই দ্বাৰকাধিশ মন্দিৰলৈ যাম। ভগৱান কৃষ্ণৰ ঐশ্বৰিক চহৰ দ্বাৰকালৈ আহক। মই ইয়ালৈ অহাৰ লগে লগে এনে লাগিছিল যেন মোৰ সকলো চিন্তা নোহোৱা হৈ গৈছে। মোৰ মন শান্ত হৈছে আৰু মই সীমাহীন আনন্দ অনুভৱ কৰিছোঁ। হে দ্বাৰকাৰ ঈশ্বৰ, আপোনাৰ আশীৰ্বাদ এনেদৰে মোৰ সৈতে থাকক।’

কংগনাই তাত তেওঁৰ নৌকা বিহাৰৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু