--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সফল অভিনেতাৰ লগতে সফল প্ৰযোজকো শ্বাহৰুখ খান। ২০০২ চনত প্ৰডাকচন কোম্পানী ‘ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট’ শ্বাহৰুখ আৰু গৌৰী খানৰ সহ-মালিকত্ব আছিল। শ্বাহৰুখৰ প্ৰডাকচন কোম্পানীয়ে বহু হিট ছবি দিছে। শেহতীয়া সময়ৰ অন্যতম ডাঙৰ হিট ছবি হৈছে ‘জোৱান’। ইয়াৰ বাহিৰেও আছে ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ ভিএফএক্স কোম্পানী।

এইবাৰ শ্বাহৰুখৰ এই কোম্পানীটোৰ নাম ভঙা চাকৰিৰ বিজ্ঞাপন! যদিও শ্বাহৰুখ বা তেওঁৰ কোম্পানীৰ মুৰব্বীসকলেও এই বিষয়ে একো নাজানিছিল। এই প্ৰৱঞ্চনাৰ খবৰ শুনি শ্বাহৰুখৰ কোম্পানীয়ে সাধাৰণ মানুহক সকীয়াই দিছিল।

ৰেড চিলিজৰ এক বিবৃতিত কোৱা হৈছে যে, "আমি জানিব পাৰিছো যে বিভিন্ন ছ'চিয়েল মিডিয়াত বিশেষকৈ হোৱাটছএপত আমাৰ কোম্পানীৰ নাম বদনাম কৰি বিভিন্ন ভুৱা অফাৰ দিয়া হৈছে।" ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ সৈতে তেওঁলোক জড়িত বুলি দাবী কৰা হৈছে। কিন্তু আমি সকলোকে জনাইছো, Red Chillies Entertainment এ হোৱাটছএপৰ জৰিয়তে কোনো ধৰণৰ নিযুক্তি বা আনুষংগিক নীতি বা চাকৰি সম্পৰ্কীয় কোনো তথ্য প্ৰদান নকৰে। গতিকে এনে বিজ্ঞাপনৰ পৰা আঁতৰি থাকক।'' অৱশ্যে এই সন্দৰ্ভত এতিয়াও শ্বাহৰুখৰ কোনো বক্তব্য পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু