--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘কল হো না হো’ ছবিখনৰ বাবে প্ৰিয় বন্ধু কৰীনা কাপুৰৰ ওচৰলৈ লৰালৰিকৈ গৈছিল পৰিচালক কৰণ জোহৰ। কিন্তু অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ বাবে শ্বাহৰুখৰ দৰেই মাননি দাবী কৰে। হতাশ কৰণে তেতিয়া প্ৰীতি জিন্তাক বিকল্প অভিনেত্ৰী হিচাপে ভাবিলে। সিদ্ধান্ত অনুসৰি প্ৰীতিয়ে ‘নয়না’ৰ চৰিত্ৰত অভিনয় কৰিছিল। কিন্তু অভিনেত্ৰী দুগৰাকীৰ মাজত গুজৱৰ এক আণ্ডাৰকাৰেণ্ট বৈ যায়।

‘কফী উইথ কৰণ’ শ্ব’ৰ এটা খণ্ডত অতিথি হিচাপে উপস্থিত আছিল কৰীনা কাপুৰ আৰু ৰাণী মুখাৰ্জীয়ে। তাতে কৰণে প্ৰীতিৰ পুৰণি ভিডিঅ’ এটা দেখুৱাইছে। সেই ভিডিঅ’টোত প্ৰীতিয়ে কৰীনাক কৈছিল, “তাইৰ লগত মোৰ কোনো সমস্যা নাই। কিন্তু তেওঁ মোক যিদৰে আওকাণ কৰে তাৰ লগত মোৰ সমস্যা আছে।"

 প্ৰীতিয়েও ক’লে যে কৰীনাই কেৱল তাইৰ সন্মুখতে কৰ্ণক হাই-হেল্ল’ কৈছিল। একেটা উদ্যোগৰ সৈতে জড়িত হৈ থকাৰ বাবে প্ৰীতিয়ে তেওঁলোকৰ শত্ৰুতাৰ পৰা মুক্তি পাই একেলগে থাকিবলৈ আহ্বান জনায়।

ভিডিঅ’টো চোৱাৰ পিছত কৰীনাৰ কোনো প্ৰতিক্ৰিয়া নহ’লেও ৰাণীয়ে এককভাৱে প্ৰীতিৰ উদ্দেশ্যি ক’লে, “মই ভাবো প্ৰীতিয়ে বেছি কথা কয়। তেওঁ কম কথা ক’ব লাগে। সকলো কথাতে তেওঁ নিজৰ মতামত দিব বিচাৰে। এই অভ্যাস সলনি কৰাটো গুৰুত্বপূৰ্ণ।’’

‘কল হো না হো’ত প্ৰীতিক অভিনয় কৰাৰ পিছত প্ৰায় ৯ মাহ ধৰি বন্ধ আছিল কৰণ আৰু কৰীনাৰ সম্পৰ্ক। ২০০০ চনৰ আৰম্ভণিতে নিউয়ৰ্কত যশ জোহৰৰ চিকিৎসাৰ সময়ত তেওঁলোকৰ পুনৰ সংযোগ ঘটিছিল। বৰ্তমান প্ৰীতি আৰু কৰীনাৰ মাজত কোনো মতানৈক্য নাই। শেহতীয়াকৈ কৰীনা অভিনীত ‘ক্ৰু’ ছবিখন দেখি প্ৰীতি আনন্দিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ