--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা প্ৰশাসনিক বিষয়াৰ ওপৰত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰা বিষয়টো সমগ্ৰ দেশতে চৰ্চাৰ বিষয় হৈ পৰিছে। ইফালে মধ্যপ্ৰদেশৰ দেৱাছতো একেধৰণৰ গোচৰ পোহৰলৈ আহিছে যদিও এইবাৰ প্ৰতাৰণাৰ অভিযোগ পত্নীৰ ওপৰত নহয় স্বামীৰ ওপৰতহে৷ এজন ব্যক্তিয়ে বাণিজ্যিক কৰ বিষয়া হোৱাৰ লগে লগে পুনৰ বেলেগ এগৰাকী মহিলাৰ লগত বিবাহপাশত আবদ্ধ হয়। এতিয়া ভুক্তভোগী মহিলাগৰাকীয়ে আদালতৰ ওচৰত ন্যায় বিচাৰি হাবাথুৰি খাইছে৷

দৰাচলতে দেৱাছ জিলাৰ বাগলী অঞ্চলত বাস কৰা মমতা বাইয়ে কয় যে প্ৰথম স্বামীৰ মৃত্যুৰ পাছত আলিৰাজপুৰৰ জোবাট অঞ্চলত বাস কৰা কামৰুৰ সৈতে তেওঁৰ চিনাকি হৈছিল। পৰৱৰ্তী সময়ত দুয়োৰে বন্ধুত্ব প্ৰেমলৈ পৰিণত হয়। মমতা বাই কামৰুৰ সৈতে ৩ বছৰ ধৰি লাইভ ইন ৰিলেচনত আছিল। এই সময়ত কামৰুৱে ইন্দোৰত পি এছ চিৰ বাবে প্ৰস্তুতি চলাইছিল। কামৰুৰ অৰ্থনৈতিক অৱস্থা আছিল অতি দুৰ্বল। ইয়াৰ বাবেই মমতা বাই মানুহৰ ঘৰত ঘৰুৱা সহায়িকা হৈ ধন সংগ্ৰহ কৰিছিল। কেৱল এয়াই নহয়, বাছত কণ্ডাক্টৰৰ কামো কৰি কামৰুক পঢ়া-শুনাত সহায় কৰিছিল৷

আনহাতে কামৰুৰ বাছনি পি এছ চি হোৱাৰ লগে লগে তেওঁৰ দৃষ্টিভংগী সলনি হৈ গ’ল। মমতা বাইৰ মতে কামৰুৱেও তেওঁৰ সৈতে আদালতত প্ৰেম বিবাহ কৰিছিল যদিও এতিয়া তেওঁক একেলগে ৰাখিবলৈ অস্বীকাৰ কৰিছে। এই সন্দৰ্ভত বাগলী আদালততো স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।তদুপৰি মমতা বাইৰ অভিযোগ মতে কামৰুৱে প্ৰতিমাহে ১২০০০ টকা মেইণ্টেনেন্স ভাট্টা দিব লাগিছিল যদিও দীৰ্ঘদিন ধৰি সেয়াও দিয়া  নাই।

মমতা বাইৰ মতে কামৰু চেল টেক্স বিভাগত চাকৰি নোপোৱালৈকে তেওঁৰ আচৰণ বহুত ভাল আছিল যদিও চিটিঅ’ৰ পদ পোৱাৰ লগে লগে তেওঁৰ মনোভাৱ সলনি হৈছিল। ভুক্তভোগী মমতা বাইয়ে কয় যে কামৰুৱে তেওঁক মাতৃৰ ঘৰত আৰু মোমায়েকৰ ঘৰত এৰি বহুবাৰ পলাই গৈছিল। 

উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বে যেতিয়া এনে ঘটনা সংঘটিত হৈছিল তেতিয়া ৰাজহুৱা শুনানিত প্ৰশাসনিক বিষয়াসকলৰ ওচৰত অভিযোগ দাখিল কৰা হৈছিল, তাৰ পাছত মহিলা আৰু শিশু বিকাশৰ দলে কামৰু আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক বুজাবলৈ চেষ্টা কৰিছিল। ইয়াৰ বাবেই দুয়োৰে মাজত বিবাদৰ সামৰণি  হৈছিল। কিন্তু ভৰণ-পোষণৰ বাবে প্ৰাক্তন স্বামীৰ পৰা মাহেকীয়া ধন নোপোৱাৰ বাবে এই ঘটনাটো পুনৰ চৰ্চালৈ আহিছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস