--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা প্ৰশাসনিক বিষয়াৰ ওপৰত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰা বিষয়টো সমগ্ৰ দেশতে চৰ্চাৰ বিষয় হৈ পৰিছে। ইফালে মধ্যপ্ৰদেশৰ দেৱাছতো একেধৰণৰ গোচৰ পোহৰলৈ আহিছে যদিও এইবাৰ প্ৰতাৰণাৰ অভিযোগ পত্নীৰ ওপৰত নহয় স্বামীৰ ওপৰতহে৷ এজন ব্যক্তিয়ে বাণিজ্যিক কৰ বিষয়া হোৱাৰ লগে লগে পুনৰ বেলেগ এগৰাকী মহিলাৰ লগত বিবাহপাশত আবদ্ধ হয়। এতিয়া ভুক্তভোগী মহিলাগৰাকীয়ে আদালতৰ ওচৰত ন্যায় বিচাৰি হাবাথুৰি খাইছে৷

দৰাচলতে দেৱাছ জিলাৰ বাগলী অঞ্চলত বাস কৰা মমতা বাইয়ে কয় যে প্ৰথম স্বামীৰ মৃত্যুৰ পাছত আলিৰাজপুৰৰ জোবাট অঞ্চলত বাস কৰা কামৰুৰ সৈতে তেওঁৰ চিনাকি হৈছিল। পৰৱৰ্তী সময়ত দুয়োৰে বন্ধুত্ব প্ৰেমলৈ পৰিণত হয়। মমতা বাই কামৰুৰ সৈতে ৩ বছৰ ধৰি লাইভ ইন ৰিলেচনত আছিল। এই সময়ত কামৰুৱে ইন্দোৰত পি এছ চিৰ বাবে প্ৰস্তুতি চলাইছিল। কামৰুৰ অৰ্থনৈতিক অৱস্থা আছিল অতি দুৰ্বল। ইয়াৰ বাবেই মমতা বাই মানুহৰ ঘৰত ঘৰুৱা সহায়িকা হৈ ধন সংগ্ৰহ কৰিছিল। কেৱল এয়াই নহয়, বাছত কণ্ডাক্টৰৰ কামো কৰি কামৰুক পঢ়া-শুনাত সহায় কৰিছিল৷

আনহাতে কামৰুৰ বাছনি পি এছ চি হোৱাৰ লগে লগে তেওঁৰ দৃষ্টিভংগী সলনি হৈ গ’ল। মমতা বাইৰ মতে কামৰুৱেও তেওঁৰ সৈতে আদালতত প্ৰেম বিবাহ কৰিছিল যদিও এতিয়া তেওঁক একেলগে ৰাখিবলৈ অস্বীকাৰ কৰিছে। এই সন্দৰ্ভত বাগলী আদালততো স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।তদুপৰি মমতা বাইৰ অভিযোগ মতে কামৰুৱে প্ৰতিমাহে ১২০০০ টকা মেইণ্টেনেন্স ভাট্টা দিব লাগিছিল যদিও দীৰ্ঘদিন ধৰি সেয়াও দিয়া  নাই।

মমতা বাইৰ মতে কামৰু চেল টেক্স বিভাগত চাকৰি নোপোৱালৈকে তেওঁৰ আচৰণ বহুত ভাল আছিল যদিও চিটিঅ’ৰ পদ পোৱাৰ লগে লগে তেওঁৰ মনোভাৱ সলনি হৈছিল। ভুক্তভোগী মমতা বাইয়ে কয় যে কামৰুৱে তেওঁক মাতৃৰ ঘৰত আৰু মোমায়েকৰ ঘৰত এৰি বহুবাৰ পলাই গৈছিল। 

উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বে যেতিয়া এনে ঘটনা সংঘটিত হৈছিল তেতিয়া ৰাজহুৱা শুনানিত প্ৰশাসনিক বিষয়াসকলৰ ওচৰত অভিযোগ দাখিল কৰা হৈছিল, তাৰ পাছত মহিলা আৰু শিশু বিকাশৰ দলে কামৰু আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক বুজাবলৈ চেষ্টা কৰিছিল। ইয়াৰ বাবেই দুয়োৰে মাজত বিবাদৰ সামৰণি  হৈছিল। কিন্তু ভৰণ-পোষণৰ বাবে প্ৰাক্তন স্বামীৰ পৰা মাহেকীয়া ধন নোপোৱাৰ বাবে এই ঘটনাটো পুনৰ চৰ্চালৈ আহিছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন