--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু আহে সংগোপনে কিন্তু কিছুমান মৃত্যু ইমানেই আকস্মিকভাৱে আহে যে সকলোকে দুখৰ ধুমুহাই তচনচ কৰি থৈ যায়। এগৰাকী যুৱতীয়ে বিয়াৰ পাছত বহু সপোন, বহু আশা লৈ স্বামীগৃহত প্ৰৱেশ কৰে। জীৱনটো নতুনকৈ সজোৱাৰ ৰঙীন সপোনেৰে দুচকুত ভিৰ কৰেহি। 

ঠিকে একেদৰেই ৰাজেশ্বৰী নামৰ কইনাজনীয়েও হোমৰ জুইক সাক্ষী কৰি ৰবিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিয়া সমাপন হোৱাৰ পাছত স্বামীগৃহত প্ৰৱেশ কৰিছিল ৰাজেশ্বৰীয়ে। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। স্বামীগৃহত ভৰি দিয়াৰ পাছতেই মৃত্যুক আঁকোৱালি লয় ৰাজেশ্বৰীয়ে। ৰাজেশ্বৰীৰ মৃত্যুৰ খবৰ কইনাৰ পৰিয়ালৰ লোকক জনায় স্বামী ৰবি গংৱাৰে। 

এই ঘটনাৰ পাছতে কইনাগৰাকীৰ পিতৃ-মাতৃয়ে যৌতুকৰ বাবেই কন্যাক মাৰি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে। মৃত ন-কইনাৰ আত্মীয়ই ঘটনাটো আৰক্ষীক অৱগত কৰি ৰাজেশ্বৰীক হত্যা কৰাৰ অভিযোগত ৰবি আৰু তেওঁৰ পৰিয়ালক লৈ হুলস্থুলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দৰাৰ লগতে অন্য তিনিজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। বৃহস্পতিবাৰে আবেলি প্ৰায় ৪ মান বজাত বিবাহ সম্পন্ন হৈছিল। আৰু সন্ধিয়া ৭ মান বজাত মৃত্যু হয় কইনাগৰাকীৰ। 

উল্লেখ্য যে, আৰক্ষীয়ে সদৰী কৰা মতে মৃত্যুৰ সময়ত কইনাগৰাকী গৰ্ভৱতী আছিল। প্ৰেম বিবাহ হৈছিল দুয়োৰে। প্ৰেমৰ সম্পৰ্কৰ ফলতে বিবাহৰ পূৰ্বেই গৰ্ভৱতী হৈছিল কইনাগৰাকী। ৰাজেশ্বৰী ৰবিৰ সম্পৰ্কীয় ভগ্নী আছিল, যাৰবাবে এই বিয়াৰ ঘোৰ বিৰোধিতা কৰিছিল দুয়োটা পৰিয়ালে। কিন্তু ৰাজেশ্বৰী গৰ্ভৱতী বুলি জানিব পাৰি দুয়োটা পৰিয়ালৰ সন্মতিত এটা মন্দিৰত বিয়াখন সম্পন্ন হয়। কিন্তু দৰা ঘৰ পোৱাৰ পাছতেই হঠাতে ৰাজেশ্বৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁৰ মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰামপুৰত। ঘটনাৰ তদন্তত নামি পৰিছে উত্তৰ প্ৰদেশ আৰক্ষী। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু