--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু আহে সংগোপনে কিন্তু কিছুমান মৃত্যু ইমানেই আকস্মিকভাৱে আহে যে সকলোকে দুখৰ ধুমুহাই তচনচ কৰি থৈ যায়। এগৰাকী যুৱতীয়ে বিয়াৰ পাছত বহু সপোন, বহু আশা লৈ স্বামীগৃহত প্ৰৱেশ কৰে। জীৱনটো নতুনকৈ সজোৱাৰ ৰঙীন সপোনেৰে দুচকুত ভিৰ কৰেহি। 

ঠিকে একেদৰেই ৰাজেশ্বৰী নামৰ কইনাজনীয়েও হোমৰ জুইক সাক্ষী কৰি ৰবিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিয়া সমাপন হোৱাৰ পাছত স্বামীগৃহত প্ৰৱেশ কৰিছিল ৰাজেশ্বৰীয়ে। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। স্বামীগৃহত ভৰি দিয়াৰ পাছতেই মৃত্যুক আঁকোৱালি লয় ৰাজেশ্বৰীয়ে। ৰাজেশ্বৰীৰ মৃত্যুৰ খবৰ কইনাৰ পৰিয়ালৰ লোকক জনায় স্বামী ৰবি গংৱাৰে। 

এই ঘটনাৰ পাছতে কইনাগৰাকীৰ পিতৃ-মাতৃয়ে যৌতুকৰ বাবেই কন্যাক মাৰি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে। মৃত ন-কইনাৰ আত্মীয়ই ঘটনাটো আৰক্ষীক অৱগত কৰি ৰাজেশ্বৰীক হত্যা কৰাৰ অভিযোগত ৰবি আৰু তেওঁৰ পৰিয়ালক লৈ হুলস্থুলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দৰাৰ লগতে অন্য তিনিজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। বৃহস্পতিবাৰে আবেলি প্ৰায় ৪ মান বজাত বিবাহ সম্পন্ন হৈছিল। আৰু সন্ধিয়া ৭ মান বজাত মৃত্যু হয় কইনাগৰাকীৰ। 

উল্লেখ্য যে, আৰক্ষীয়ে সদৰী কৰা মতে মৃত্যুৰ সময়ত কইনাগৰাকী গৰ্ভৱতী আছিল। প্ৰেম বিবাহ হৈছিল দুয়োৰে। প্ৰেমৰ সম্পৰ্কৰ ফলতে বিবাহৰ পূৰ্বেই গৰ্ভৱতী হৈছিল কইনাগৰাকী। ৰাজেশ্বৰী ৰবিৰ সম্পৰ্কীয় ভগ্নী আছিল, যাৰবাবে এই বিয়াৰ ঘোৰ বিৰোধিতা কৰিছিল দুয়োটা পৰিয়ালে। কিন্তু ৰাজেশ্বৰী গৰ্ভৱতী বুলি জানিব পাৰি দুয়োটা পৰিয়ালৰ সন্মতিত এটা মন্দিৰত বিয়াখন সম্পন্ন হয়। কিন্তু দৰা ঘৰ পোৱাৰ পাছতেই হঠাতে ৰাজেশ্বৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁৰ মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰামপুৰত। ঘটনাৰ তদন্তত নামি পৰিছে উত্তৰ প্ৰদেশ আৰক্ষী। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী