--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে নিৰ্বাচন কিমান নিকা হ’ব তাকেলৈ দলৰ ভিতৰতে বহুতৰে মনত সন্দেহ উপজিছে। এনে সময়তে দলৰ ভোটাৰ তালিকা ৰাজহুৱা কৰিবলৈ বহু জ্যেষ্ঠ নেতাই দাবী উত্থাপন কৰি আহিছে।দলৰ সভাপতি পদৰ বাবে আগন্তুক নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশৰ বাবে কংগ্ৰেছৰ ভিতৰৰ পৰা  উঠা এনে দাবী ক্ৰমাৎ তীব্ৰতৰ হৈ  উঠিছে।

শেহতীয়াকৈ  অসমৰ লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংগঠনটোৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ  মুৰব্বী মধুসূদন মিস্ত্ৰীলৈ এখন পত্ৰ লিখিছে। লোকসভাৰ সাংসদ শশী থাৰুৰেও মিস্ত্ৰীলৈ একে  দাবী উত্থাপন কৰি পত্ৰ লিখিছে বুলি জানিব পৰা গৈছে।  নগাঁৱৰ কংগ্ৰেছ  সাংসদ বৰদলৈয়ে এই প্ৰসংগত  কয়: "হয়, মই কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষলৈ এখন পত্ৰ লিখিছো যাতে তেওঁ নিৰ্বাচন প্ৰক্ৰিয়া মুক্ত আৰু নিৰপেক্ষতথা  স্বচ্ছ হয় সেয়া  নিশ্চিত কৰিবলৈ ভোটাৰ তালিকা ৰাজহুৱা কৰে।" 

শশী থাৰুৰেও  নিৰ্বাচনী  স্বচ্ছতা নিশ্চিত কৰিবলৈ ভোটাৰ তালিকা ৰাজহুৱা কৰাৰ দাবী জনাই পত্ৰ লিখিছে। কংগ্ৰেছৰ আন এগৰাকী নেতা মনীষ তিৱাৰীয়েও এইবুলি  প্ৰশ্ন কৰিছে যে ভোটাৰ তালিকা  ৰাজহুৱা নহ'লে নিৰ্বাচন প্ৰক্ৰিয়াটো কেনেকৈ নিৰপেক্ষ হ'ব? ইয়াৰ পূৰ্বে লোকসভাৰ সাংসদ কাৰ্তি চিদাম্বৰম আৰু থাৰুৰে তিৱাৰীৰ দাবীক সমৰ্থনত জনাইছিল। কাৰ্তি আৰু বৰদলৈ কংগ্ৰেছৰ বিসম্বাদী  জি ২৩ গোটৰ সদস্য নহয়। বৰদলৈয়ে নিৰ্বাচন কৰ্তৃপক্ষক কংগ্ৰেছৰ ৱেবছাইটত ৰাজ্য অনুসৰি ভোটাৰ তালিকা আপলোড কৰিবলৈ কৈছে বুলি জানিব পৰা গৈছে। যেতিয়া পাঁচ বছৰ আগতে দলীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল, নিৰ্বাচনী কলেজিয়ামত  ৯,৫৩১  জন পিচিচিৰ প্ৰতিনিধি আছিল। কংগ্ৰেছ নেতৃত্বই   ভোটাৰৰ সঠিক সংখ্যা প্ৰকাশ কৰিবলৈ এতিয়াও বাকী আছে। 

২০১৭ চনত, ৰাহুল গান্ধী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল। এইবাৰ নিৰ্বাচন  হ'ব পাৰে । মনোনয়ন দাখিল কৰাৰ বাবে প্ৰাৰ্থীসকলে তেওঁলোকৰ নাম প্ৰস্তাৱ কৰিবলৈ  কমেও ১০  জন পিচিচি প্ৰতিনিধিৰ অনুমোদন লাভ কৰিব লাগিব। মনীষ তিৱাৰীক সমৰ্থন কৰি কাৰ্তি চিদাম্বৰমে  কৈছিল যে "প্ৰতিটো নিৰ্বাচনৰ বাবে এখন সুনিৰ্ধাৰিত আৰু স্পষ্ট নিৰ্বাচনী কলেজিয়ামৰ  প্ৰয়োজন"।

শশী  থাৰুৰেও তিৰুৱন্তপুৰমত সাংবাদিকসকলক এই বুলি কয় , "নিশ্চিতভাৱে, মই ভাবো যে ভোটাৰ তালিকাত সকলোৰে স্বচ্ছতা থকাটো গুৰুত্বপূৰ্ণ। যদি মনীষ তিৱাৰীয়ে  সেইটো বিচাৰিছে, মই নিশ্চিত ভাবে সেয়া সমৰ্থন কৰো।প্ৰাৰ্থী এজনক কোনে মনোনীত কৰিব পাৰে আৰু কোনে ভোট দিব পাৰে সেই কথা  সকলোৱে জানিব লাগে। এয়া কোনো ভুল কথা নহয়।" ইপিনে কংগ্ৰেছ সভাপতিৰ নিৰ্বাচনত কোনে কোনে ভোট দিব বা ভোটাৰৰ সংখ্যা কিমান আদি তথ্য জনাবলৈ অপাৰগতা প্ৰকাশ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে। 

এআইচিচিয়ে ভোটাৰ তালিকা ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰি কয়, 'ই এক আভ্যন্তৰীণ প্ৰক্ৰিয়া'। কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ ভোটাৰ তালিকা ৰাজহুৱা কৰিবলৈ দলৰ বহু নেতাই জনোৱা দাবী নাকচ কৰি এআইচিচিয়ে কৈছে যে এইটো এটা "আভ্যন্তৰীণ প্ৰক্ৰিয়া" আৰু যিকোনো সদস্যই প্ৰদেশ কংগ্ৰেছ সমিতিৰ যিকোনো কাৰ্যালয়ৰ পৰা ইয়াৰ প্ৰতিলিপি লাভ কৰিব পাৰে। অহা সপ্তাহত ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোৰো যাত্ৰাৰ বাবে কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ কেৰালাত উপস্থিত হোৱা নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে যিকোনো দলৰ সদস্যই যিকোনো প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত ভোটাৰ তালিকাৰ প্ৰতিলিপি পৰীক্ষা কৰিব পাৰে।

 তেওঁ কয় " এইটো এটা আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু ৰাইজে চাব পৰাকৈ ভোটাৰ তালিকা প্ৰকাশ কৰিব পৰা নাযায়," ।বেণুগোপালে কেৰালাৰ আলাপুঝাত সাংবাদিকৰ সৈতে কথা পাতিছিল । কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে কয় যে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী বিষয়া মধুসূদন মিস্ত্ৰীয়ে ইতিমধ্যে এই সন্দৰ্ভত সংবাদ মাধ্যমক এক বিবৃতি দিছে।তেওঁ কয় " কংগ্ৰেছত ভোটাৰ তালিকা ৰজহুৱা কৰাৰ কোনো প্ৰথা নাই। আমি পুৰণি নীতিকেই অনুসৰণ কৰি যাম" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement