--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহ একাপ খাবলৈ মন কৰি স্বামীয়ে পত্নীক কলে- ''হেৰা চাহ একাপ দিবাচোন।'' পত্নীৰ কি জানো হ'ল হঠাত। স্বামীয়ে চাহ বিচৰাত পত্নীয়ে গৰম চাহ একাপ যচাৰ সলনি স্বামীৰ চকুত কেঁচিৰে আঘাত কৰে। চকুত কেঁচিৰ আঘাত লগাত স্বামীয়ে হুলস্থূল লগায়। এই খবৰ গৈ আৰক্ষীৰ কাণতো গৈ পৰে। মহিলাগৰাকীয়ে আৰক্ষী অহাৰ পূৰ্বেই ঘৰৰ পৰা পলাই যায়। বৰ্তমান স্বামীক চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। বদোলী পথৰ নিবাসী প্ৰয়াত জগমেহৰৰ পুত্ৰ অংকিতৰ তিনি বছৰ পূৰ্বে ৰমালা থানা এলেকাৰ ছৌপ গাঁৱৰ এগৰাকী কন্যাৰ সৈতে বিবাহ সম্পন্ন হৈছিল। বিয়াৰ পিছত কেইদিনমান সকলো ঠিকেই চলিছিল যদিও কিছুদিনৰ পৰা কিবা নহয় কিবা বিষয়ক লৈ দুয়োৰে মাজত কাজিয়া চলি আছিল।

বুধবাৰে অংকিতে পত্নীক চাহ বিচৰাত পত্নীৰ খং উঠিল। তেওঁ কোঠাটোৰ ভিতৰলৈ সোমাই গৈ অলপ পিছত কেঁচিখন তুলি লৈ বিচনাত বহি থকা স্বামীৰ চকুত কেঁচিৰে আঘাত কৰিলে। অংকিতৰ চকুৰ পৰা তেজ ওলাই মাটিত পৰিল। হুলস্থুল শুনি অংকিতৰ ককায়েক আৰু নবৌয়েকে আৰক্ষীক খবৰ দিলে। আৰক্ষীৰ আগমনৰ খবৰ পোৱাৰ লগে লগে পত্নীয়ে ধৰা পৰাৰ ভয়ত সেই স্থানৰ পৰা পলাই যায়। আৰক্ষীয়ে আহত অংকিতক চি এইচ চিত ভৰ্তি কৰে, তাৰ পৰাই তেওঁক চিকিৎসাৰ বাবে মেৰুটলৈ প্ৰেৰণ কৰা হয়।

কোতৱালি আৰক্ষীয়ে জনোৱা মতে, স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়া চলি থাকে। বৰ্তমান যুৱকজনৰ অভিযোগৰ ওপৰত তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ অন্তত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক