--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিজেপি নেতা সকলৰ মুখত প্ৰায়েই শুনিবলৈ পোৱা এটা শব্দ হ’ল- “টুকৰে - টুকৰে গেং ” ৷ এই নেতাসকলৰ বিপৰীতে স্থিতি লোৱা সকলক প্ৰায়েই 
এই শব্দ ব্যৱহাৰ কৰি তুচ্ছ প্ৰতিপন্ন কৰা হয়৷ 

শেহতীয়াকৈ  মধ্যপ্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই শনিবাৰে চলচ্চিত্ৰ জগতৰ চিনাকি মুখ  শ্বাৱনা আজমী ,নাছিৰুদ্দিন শ্বাহ আৰু জাভেদ আখটাৰক "টুকৰে-টুকৰে  গেং"ৰ এজেণ্ট বুলি অভিহিত কৰে। 

বিজেপি সমৰ্থকসকলে যেন  তেওঁলোকৰ সমালোচক সকলক লক্ষ্য কৰি এটা অপমানজনক শব্দ 'টুকডে-টুকডে গেং' শব্দটো প্ৰস্তুত কৰিছে।
 
মধ্যপ্ৰদেশৰ মন্ত্ৰী গৰাকীয়ে এই তিনিও গৰাকী ব্যক্তিক  কেৱল বিজেপি শাসিত ৰাজ্যসমূহক লৈ হে প্ৰতিবাদ কৰাৰ বাবে সমালোচনা   কৰে।
 ইয়াৰোপৰি মুকলিকৈ তেওঁ মন্তব্য কৰে যে,"শ্বাৱনা আজমী, নাছিৰুদ্দিন শ্বাহৰ দৰে লোক সকল টুকৰে দেশ ভাঙিব খোজা দলৰ সদস্য৷ যি কেৱল বিজেপি শাসিত ৰাজ্যসমূহত কি ঘটিছে তাক লৈ হাহাকাৰ কৰে ৷ আনহাতে ৰাজস্থান আৰু ঝাৰখণ্ডৰ দৰে কংগ্ৰেছ শাসিত ৰাজ্যসমূহত কি ঘটিছে সেই সন্দৰ্ভত নীৰৱ হৈ থাকে।”

কিছুদিন পূৰ্বে বিলকিছ বানুক মুকলিকৈ সমৰ্থন জনোৱাৰ বাবে চৰ্চিত হৈছিল শ্বাৱনা  আজমী৷  দোষীসকলক গুজৰাট চৰকাৰে ১৫ বছৰ কাৰাগাৰত কটোৱাৰ পিছত মুকলি কৰি দিছিল।

আনহাতে, ৰাজস্থানত  সংঘটিত হোৱা কানহাইয়া লালৰ হত্যা অথবা ঝাৰখণ্ডত জীৱিত অৱস্থাত জ্বলাই দিয়া মহিলাগৰাকীৰ বিষয়ে শ্বাৱনা আজমীয়ে একো কোৱা নাছিল বুলিও বিজেপি নেতাজনে সমালোচনাৰে থকা-সৰকা কৰে শ্বাৱনা আজমীক৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু