--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিজেপি নেতা সকলৰ মুখত প্ৰায়েই শুনিবলৈ পোৱা এটা শব্দ হ’ল- “টুকৰে - টুকৰে গেং ” ৷ এই নেতাসকলৰ বিপৰীতে স্থিতি লোৱা সকলক প্ৰায়েই 
এই শব্দ ব্যৱহাৰ কৰি তুচ্ছ প্ৰতিপন্ন কৰা হয়৷ 

শেহতীয়াকৈ  মধ্যপ্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই শনিবাৰে চলচ্চিত্ৰ জগতৰ চিনাকি মুখ  শ্বাৱনা আজমী ,নাছিৰুদ্দিন শ্বাহ আৰু জাভেদ আখটাৰক "টুকৰে-টুকৰে  গেং"ৰ এজেণ্ট বুলি অভিহিত কৰে। 

বিজেপি সমৰ্থকসকলে যেন  তেওঁলোকৰ সমালোচক সকলক লক্ষ্য কৰি এটা অপমানজনক শব্দ 'টুকডে-টুকডে গেং' শব্দটো প্ৰস্তুত কৰিছে।
 
মধ্যপ্ৰদেশৰ মন্ত্ৰী গৰাকীয়ে এই তিনিও গৰাকী ব্যক্তিক  কেৱল বিজেপি শাসিত ৰাজ্যসমূহক লৈ হে প্ৰতিবাদ কৰাৰ বাবে সমালোচনা   কৰে।
 ইয়াৰোপৰি মুকলিকৈ তেওঁ মন্তব্য কৰে যে,"শ্বাৱনা আজমী, নাছিৰুদ্দিন শ্বাহৰ দৰে লোক সকল টুকৰে দেশ ভাঙিব খোজা দলৰ সদস্য৷ যি কেৱল বিজেপি শাসিত ৰাজ্যসমূহত কি ঘটিছে তাক লৈ হাহাকাৰ কৰে ৷ আনহাতে ৰাজস্থান আৰু ঝাৰখণ্ডৰ দৰে কংগ্ৰেছ শাসিত ৰাজ্যসমূহত কি ঘটিছে সেই সন্দৰ্ভত নীৰৱ হৈ থাকে।”

কিছুদিন পূৰ্বে বিলকিছ বানুক মুকলিকৈ সমৰ্থন জনোৱাৰ বাবে চৰ্চিত হৈছিল শ্বাৱনা  আজমী৷  দোষীসকলক গুজৰাট চৰকাৰে ১৫ বছৰ কাৰাগাৰত কটোৱাৰ পিছত মুকলি কৰি দিছিল।

আনহাতে, ৰাজস্থানত  সংঘটিত হোৱা কানহাইয়া লালৰ হত্যা অথবা ঝাৰখণ্ডত জীৱিত অৱস্থাত জ্বলাই দিয়া মহিলাগৰাকীৰ বিষয়ে শ্বাৱনা আজমীয়ে একো কোৱা নাছিল বুলিও বিজেপি নেতাজনে সমালোচনাৰে থকা-সৰকা কৰে শ্বাৱনা আজমীক৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ