--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চিনেমাই সমাজ গঢ়িবও পাৰে, ভাঙিবও পাৰে৷  সমাজ এখনত নতুন ধ্যান ধাৰণা প্ৰতিষ্ঠাত চিনেমাই শক্তিশালী ভূমিকা পালন কৰে৷ সেইবাবেই প্ৰায়েই বহুতে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে চিনেমাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে৷ 

চিনেমাক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ উদাহৰণ বহুত আছে৷ ১৯১৭ চনত চোভিয়েট ইউনিয়নত , ১৯৩০ চনত নাজী বাহিনীয়েও ৰাজনৈতিক স্বাৰ্থ সফল কৰিবলৈ চিনেমাক ব্যৱহাৰ কৰিছিল৷ বৰ্তমান ষ্টেলীন, হিটলাৰৰ পথৰেই আগবাঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা বিজেপি দল৷ প্ৰচাৰৰ বাবে এই দলটোৱে কোটি কোটি ৰাজহুৱা ধন ব্যয় কৰাৰো তথ্য আছে৷ শেহতীয়াকৈ দলটোৱে চিনেমাৰ জৰিয়তে ভাৰতৰ ইতিহাস বিকৃতকৰণৰ বাবে যি প্ৰচেষ্টা চলাই আছে সেইয়া সাধাৰণ জনতাই বুজিবই পৰা নাই৷ 

২০১৯ চনত মুক্তি লাভ কৰা “দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ” ছবিখনৰ জৰিয়তে এফালে কংগ্ৰেছ দলৰ অন্তঃকন্দল আৰু পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰা হৈছিল৷ আনফালে কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ মনত বিৰূপ মনোভাৱ সৃষ্টি কৰাত সফল হৈছিল বিজেপি দল। ইয়াৰোপৰি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জীৱন ভিত্তিক বোলছবি “ দ্য তাচখণ্ড ফাইলছ ” ৰ জৰিয়তেও এটা বিৰোধী দলৰ দুৰ্বলতা সমূহ আঙুলিয়াই দেখুওৱা হৈছিল৷ 

বিভিন্ন সময়ত মুক্তি পোৱা বলীউডৰ ছবি সমূহৰ উপৰিও বহু বলীউডৰ অভিনেতা এতিয়া বিজেপি দলৰ অন্তভুৰ্ক্ত৷ বহু অভিনেতাই বিজেপি দলৰ ছত্ৰছায়াত প্ৰতক্ষ্য ৰাজনীতিত যোগদান কৰাৰ উপৰিও বহুতে মুকলিকৈ এই দলৰ প্ৰচাৰত নামি পৰিছে৷ এই ক্ষেত্ৰত অনুপম খেৰ, কংগনা ৰানাৱট আদিৰ নামেই প্ৰথমে মনলৈ আহে৷ 

তেলেংগানৰ মন্ত্ৰী কে টি ৰামা ৰাওয়ে অভিযোগ কৰিছিল যে, পোন্ধৰখন চিনেমাৰ জৰিয়তে বিজেপিয়ে নিজৰ সমৰ্থনত প্ৰচাৰ চলাইছে ৷ বিজেপি দলৰ স্বাৰ্থত নিৰ্মিত ছবিৰ কথা ক’লেই মনলৈ আহে “ The Kashmir Files” ৰ নাম৷দলীয় নেতা সকলে মুকলিকৈ এই ছবিৰ প্ৰচাৰ চলাবলৈ কুন্ঠাবোধ কৰা নাছিল৷ আনকি  কৰ্মচাৰী সকলক চিনেমাখন উপভোগ কৰিব পৰাকৈ চৰকাৰীভাৱে ছুটিও দিয়া হৈছিল৷ দলীয় স্বাৰ্থ অবিহনে চিনেমাখনৰ প্ৰতি  দলটোৰ ইমান অনুকম্পা নাথাকিলহেঁতেন৷ আনফালে কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰা  “Emergency” শীৰ্ষক ছবিখনৰ জৰিয়তেও যে এটা বিশেষ  দলৰ সমৰ্থনত জনমত গঢ়ি তোলাৰ যো-জা   চলোৱা হৈছে সেইয়া সহজেই অনুমেয়৷ 

ভাৰতীয় বোলছবি উদ্যোগটো বহু লোকৰ ত্যাগ আৰু কষ্টৰ ফচল৷ গতিকে এই উদ্যোগটো দলীয় স্বাৰ্থৰ উৰ্ধত৷ এটা দলৰ স্বাৰ্থত বাৰে বাৰে এই উদ্যোগটো ব্যৱহাৰ হৈ থাকিলে এই উদ্যোগৰ গৰিমা যে অতি সোনকালেই লোপ পাব সেইয়া নিশ্চিত৷ সমান্তৰালভাৱে , চিনেমাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ ফলত ভাৰতীয় গণতন্ত্ৰও অদূৰ ভৱিষ্যতে যথেষ্ট সংকটৰ সন্মুখীন হ’ব৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ