--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চিনেমাই সমাজ গঢ়িবও পাৰে, ভাঙিবও পাৰে৷  সমাজ এখনত নতুন ধ্যান ধাৰণা প্ৰতিষ্ঠাত চিনেমাই শক্তিশালী ভূমিকা পালন কৰে৷ সেইবাবেই প্ৰায়েই বহুতে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে চিনেমাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে৷ 

চিনেমাক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ উদাহৰণ বহুত আছে৷ ১৯১৭ চনত চোভিয়েট ইউনিয়নত , ১৯৩০ চনত নাজী বাহিনীয়েও ৰাজনৈতিক স্বাৰ্থ সফল কৰিবলৈ চিনেমাক ব্যৱহাৰ কৰিছিল৷ বৰ্তমান ষ্টেলীন, হিটলাৰৰ পথৰেই আগবাঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা বিজেপি দল৷ প্ৰচাৰৰ বাবে এই দলটোৱে কোটি কোটি ৰাজহুৱা ধন ব্যয় কৰাৰো তথ্য আছে৷ শেহতীয়াকৈ দলটোৱে চিনেমাৰ জৰিয়তে ভাৰতৰ ইতিহাস বিকৃতকৰণৰ বাবে যি প্ৰচেষ্টা চলাই আছে সেইয়া সাধাৰণ জনতাই বুজিবই পৰা নাই৷ 

২০১৯ চনত মুক্তি লাভ কৰা “দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ” ছবিখনৰ জৰিয়তে এফালে কংগ্ৰেছ দলৰ অন্তঃকন্দল আৰু পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰা হৈছিল৷ আনফালে কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ মনত বিৰূপ মনোভাৱ সৃষ্টি কৰাত সফল হৈছিল বিজেপি দল। ইয়াৰোপৰি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জীৱন ভিত্তিক বোলছবি “ দ্য তাচখণ্ড ফাইলছ ” ৰ জৰিয়তেও এটা বিৰোধী দলৰ দুৰ্বলতা সমূহ আঙুলিয়াই দেখুওৱা হৈছিল৷ 

বিভিন্ন সময়ত মুক্তি পোৱা বলীউডৰ ছবি সমূহৰ উপৰিও বহু বলীউডৰ অভিনেতা এতিয়া বিজেপি দলৰ অন্তভুৰ্ক্ত৷ বহু অভিনেতাই বিজেপি দলৰ ছত্ৰছায়াত প্ৰতক্ষ্য ৰাজনীতিত যোগদান কৰাৰ উপৰিও বহুতে মুকলিকৈ এই দলৰ প্ৰচাৰত নামি পৰিছে৷ এই ক্ষেত্ৰত অনুপম খেৰ, কংগনা ৰানাৱট আদিৰ নামেই প্ৰথমে মনলৈ আহে৷ 

তেলেংগানৰ মন্ত্ৰী কে টি ৰামা ৰাওয়ে অভিযোগ কৰিছিল যে, পোন্ধৰখন চিনেমাৰ জৰিয়তে বিজেপিয়ে নিজৰ সমৰ্থনত প্ৰচাৰ চলাইছে ৷ বিজেপি দলৰ স্বাৰ্থত নিৰ্মিত ছবিৰ কথা ক’লেই মনলৈ আহে “ The Kashmir Files” ৰ নাম৷দলীয় নেতা সকলে মুকলিকৈ এই ছবিৰ প্ৰচাৰ চলাবলৈ কুন্ঠাবোধ কৰা নাছিল৷ আনকি  কৰ্মচাৰী সকলক চিনেমাখন উপভোগ কৰিব পৰাকৈ চৰকাৰীভাৱে ছুটিও দিয়া হৈছিল৷ দলীয় স্বাৰ্থ অবিহনে চিনেমাখনৰ প্ৰতি  দলটোৰ ইমান অনুকম্পা নাথাকিলহেঁতেন৷ আনফালে কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰা  “Emergency” শীৰ্ষক ছবিখনৰ জৰিয়তেও যে এটা বিশেষ  দলৰ সমৰ্থনত জনমত গঢ়ি তোলাৰ যো-জা   চলোৱা হৈছে সেইয়া সহজেই অনুমেয়৷ 

ভাৰতীয় বোলছবি উদ্যোগটো বহু লোকৰ ত্যাগ আৰু কষ্টৰ ফচল৷ গতিকে এই উদ্যোগটো দলীয় স্বাৰ্থৰ উৰ্ধত৷ এটা দলৰ স্বাৰ্থত বাৰে বাৰে এই উদ্যোগটো ব্যৱহাৰ হৈ থাকিলে এই উদ্যোগৰ গৰিমা যে অতি সোনকালেই লোপ পাব সেইয়া নিশ্চিত৷ সমান্তৰালভাৱে , চিনেমাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ ফলত ভাৰতীয় গণতন্ত্ৰও অদূৰ ভৱিষ্যতে যথেষ্ট সংকটৰ সন্মুখীন হ’ব৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
গভীৰ সংকটত পাকিস্তানৰ কৃষক
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি