--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ ৰোগীৰ সংখ্যা অতি বেছি কাৰণ ইয়াত মানুহে নিমখীয়া বস্তু বেছিকৈ খায়। নিমখীয়া খাদ্যত ছডিয়ামৰ পৰিমাণ অতি বেছি যাৰ বাবে এই সমস্যাৰ সৃষ্টি হয়। ইয়াৰ বাহিৰেও অধিক তেলীয়া বা প্ৰচেছড খাদ্য গ্ৰহণ কৰা লোকৰ ধমনীত কলেষ্টেৰল জমা হ’বলৈ আৰম্ভ কৰে। এই কাৰণে ব্লক হয় আৰু তেজৰ সোঁতত সমস্যা হয়। এনে পৰিস্থিতিত হৃদযন্ত্ৰলৈ যাবলৈ তেজৰ যথেষ্ট শক্তি প্ৰয়োগ কৰিবলগীয়া হয়, ইয়াক হাই বি পি বুলি জনা যায়।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰা ফল

ৰক্তচাপ বৃদ্ধি হ’লে হাৰ্ট এটেক, হৃদৰোগ, ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজ আদি হৃদৰোগ আৰম্ভ হয়। সাধাৰণতে, যেতিয়া আপুনি মানসিক চাপ বা টেনচনত থাকে তেতিয়া উচ্চ ৰক্তচাপ হ’ব পাৰে। কোন ৩টা ফল খাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক।

কলঃ উচ্চ ৰক্তচাপ ৰোগীয়ে কল খাবই লাগিব, ই এক সাধাৰণ ফল আৰু বহুতে ভাল পায়। এই ফলত প্ৰচুৰ পৰিমাণে পটাছিয়াম পোৱা যায়, যাৰ ফলত উচ্চ ৰক্তচাপৰ সমস্যা হ্ৰাস পাব পাৰে।

কমলাঃ আমি প্ৰায়ে কমলা খাওঁ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। কমলাত থকা ছাইট্ৰাছ এচিডে ৰক্তচাপ বৃদ্ধি হোৱাত বাধা দিয়ে।

আপেলঃ আপেল এটা অতি স্বাস্থ্যকৰ ফল। আমি আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা এই কথা প্ৰায়ে শুনি আহিছো, ‘দৈনিক এটা আপেল খালে ডাক্তৰৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাথাকিব।’ ই এন্টিঅক্সিডেন্টৰ সমৃদ্ধ উৎস যিয়ে শৰীৰৰ বহু সমস্যা দূৰ কৰিব পাৰে, লগতে ৰক্তচাপ ৰোগীৰ বাবে ই যিকোনো ঔষধতকৈ কম নহয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে