--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাচপতি সকলোৰে পৰিচিত এবিধ ফল। স্বাস্থ্যৰ বাবে অতি উচ্চ গুণসম্পন্ন ফল হ’ল নাচপতি। নাচপতি আঁহযুক্ত পদাৰ্থৰ ভঁৰাল আৰু ভিটামিন বি২, চি, ই, কপাৰ আৰু পটাছিয়ামৰ উত্তম উৎস। নাচপতিত পেকটিন থাকে আৰু আপেলৰ তুলনাত নাচপতিত পেকটিন অধিক। নাচপতিত থকা বিভিন্ন গুণসমূহে মানুহৰ স্বাস্থ্যৰ উপকাৰিতা সাধন কৰে। আহকচোন জানো কি কি।

নাচপতিৰ উপকাৰিতাসমূহ কি কি জানো আহক-

১) নাচপতিত থকা পেকটিনে দেহৰ কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে। লগতে পেটৰ নাড়ী-ভুৰু সুস্থ ৰখাত সহায় কৰে।

২) সঘনে এলাৰ্জীত ভুগি থকা ৰোগীয়ে নাচপতি খাব লাগে।

৩) শিশুৰ বাবে নাচপতি অতি সুৰক্ষিত ফল।

৪) বাকলিসহ নাচপতি খালে দেহে যথেষ্ট পৰিমাণে আঁহযুক্ত খাদ্য লাভ কৰে।

৫) হৃদৰোগীৰ বাবে নাচপতি উত্তম খাদ্য।

৬) এই ফলে কেন্সাৰৰ বিৰুদ্ধেও যুঁজ দিব পাৰে।

৭) নাচপতিত থকা ভিটামিন চি আৰু ই এ শক্তিশালী এণ্টি অক্সিডেণ্টৰ কাম কৰে।

৮) দেহৰ আঘাত আৰু থেতেলা খোৱা অংশ সোনকালে নিৰাময় হোৱাত প্ৰধান ভূমিকা লয়।

৯)নাচপতিত উপলব্ধ সকলো ভিটামিনে বহু সংক্ৰামক ৰোগৰ হেঙাৰ হিচাপে দেখা দিয়ে।

১০) ইয়াত থকা ভিটামিন চি আৰু কপাৰে ফ্ৰী ৰেডিকেলৰ দ্বাৰা বিনষ্ট হ’ব খোজা কোষসমূহক ৰক্ষণাবেক্ষণ দিয়ে

১১) নাচপতিত থকা কেলচিয়ামে মানুহৰ অষ্টিঅ’পৰ’ছিছক বাধা দিয়ে অথবা অষ্টিঅ’পৰ’ছিছ আগমনৰ বাট লেহেম কৰে।

১২) শিশুক নাচপতিৰ ৰস খুৱালে কফ বাহিৰ হয় আৰু শীঘ্ৰে উশাহ-নিশাহৰ কষ্ট লাঘৱ হয়।

১৩) নাচপতিৰ ৰস সকলো বয়সৰ লোকৰ বাবে উত্তম।

১৪) দেহৰ ওজন হ্ৰাস কৰে।

১৫) নাচপতিৰ ৰসে দেহলৈ সোনকালে শক্তি ঘূৰাই আনে। কাৰণ নাচপতিত যথেষ্ট পৰিমাণে ফ্ৰুকট’জ আৰু গ্লুক’জ থাকে।


গতিকে নাচপতি খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক