--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাচপতি সকলোৰে পৰিচিত এবিধ ফল। স্বাস্থ্যৰ বাবে অতি উচ্চ গুণসম্পন্ন ফল হ’ল নাচপতি। নাচপতি আঁহযুক্ত পদাৰ্থৰ ভঁৰাল আৰু ভিটামিন বি২, চি, ই, কপাৰ আৰু পটাছিয়ামৰ উত্তম উৎস। নাচপতিত পেকটিন থাকে আৰু আপেলৰ তুলনাত নাচপতিত পেকটিন অধিক। নাচপতিত থকা বিভিন্ন গুণসমূহে মানুহৰ স্বাস্থ্যৰ উপকাৰিতা সাধন কৰে। আহকচোন জানো কি কি।

নাচপতিৰ উপকাৰিতাসমূহ কি কি জানো আহক-

১) নাচপতিত থকা পেকটিনে দেহৰ কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে। লগতে পেটৰ নাড়ী-ভুৰু সুস্থ ৰখাত সহায় কৰে।

২) সঘনে এলাৰ্জীত ভুগি থকা ৰোগীয়ে নাচপতি খাব লাগে।

৩) শিশুৰ বাবে নাচপতি অতি সুৰক্ষিত ফল।

৪) বাকলিসহ নাচপতি খালে দেহে যথেষ্ট পৰিমাণে আঁহযুক্ত খাদ্য লাভ কৰে।

৫) হৃদৰোগীৰ বাবে নাচপতি উত্তম খাদ্য।

৬) এই ফলে কেন্সাৰৰ বিৰুদ্ধেও যুঁজ দিব পাৰে।

৭) নাচপতিত থকা ভিটামিন চি আৰু ই এ শক্তিশালী এণ্টি অক্সিডেণ্টৰ কাম কৰে।

৮) দেহৰ আঘাত আৰু থেতেলা খোৱা অংশ সোনকালে নিৰাময় হোৱাত প্ৰধান ভূমিকা লয়।

৯)নাচপতিত উপলব্ধ সকলো ভিটামিনে বহু সংক্ৰামক ৰোগৰ হেঙাৰ হিচাপে দেখা দিয়ে।

১০) ইয়াত থকা ভিটামিন চি আৰু কপাৰে ফ্ৰী ৰেডিকেলৰ দ্বাৰা বিনষ্ট হ’ব খোজা কোষসমূহক ৰক্ষণাবেক্ষণ দিয়ে

১১) নাচপতিত থকা কেলচিয়ামে মানুহৰ অষ্টিঅ’পৰ’ছিছক বাধা দিয়ে অথবা অষ্টিঅ’পৰ’ছিছ আগমনৰ বাট লেহেম কৰে।

১২) শিশুক নাচপতিৰ ৰস খুৱালে কফ বাহিৰ হয় আৰু শীঘ্ৰে উশাহ-নিশাহৰ কষ্ট লাঘৱ হয়।

১৩) নাচপতিৰ ৰস সকলো বয়সৰ লোকৰ বাবে উত্তম।

১৪) দেহৰ ওজন হ্ৰাস কৰে।

১৫) নাচপতিৰ ৰসে দেহলৈ সোনকালে শক্তি ঘূৰাই আনে। কাৰণ নাচপতিত যথেষ্ট পৰিমাণে ফ্ৰুকট’জ আৰু গ্লুক’জ থাকে।


গতিকে নাচপতি খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু