--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বাভাৱিক মৃত্যু হোৱা নাছিল বলীউডৰ প্ৰতিষ্ঠিত অভিনেত্ৰী শ্ৰীদেৱীৰ! প্ৰথমবাৰৰ বাবে শ্ৰীদেৱীৰ মৃত্যু সম্পৰ্কে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ শ্ৰীদেৱীৰ স্বামী বনি কাপুৰে প্ৰথমবাৰৰ বাবে শ্ৰীদেৱীৰ মৃত্যুৰ বিষয়ে সদৰী কৰিছে কেতবোৰ ভয়ংকৰ তথ্য৷

প্ৰসিদ্ধ অভিনেত্ৰী শ্ৰীদেৱীৰ ২০১৮ৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইত ৫৪ বছৰ বয়সত হঠাতে মৃত্যু হোৱাত সকলোৱে হতবাক হৈ পৰিছিল। তেতিয়াৰ পৰা তেওঁৰ পৰিয়ালৰ কোনেও তেওঁৰ মৃত্যুৰ সম্পৰ্কে কোনো কথাই ৰাজহুৱা কৰা নাছিল৷ কিন্তু শ্ৰীদেৱীৰ মৃত্যুৰ পাঁচ বছৰৰ পাছত তেওঁৰ স্বামী বনি কাপুৰে শ্ৰীদেৱীৰ মৃত্যু সম্পৰ্কে নীৰৱতা ভংগ কৰিছে।

এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰে হোৱা বাৰ্তালাপত বনিয়ে কয়, এয়া প্ৰাকৃতিক মৃত্যু নাছিল; এইটো এটা দুৰ্ঘটনাজনিত মৃত্যু আছিল। মই এই বিষয়ে কথা নক’বলৈয়ে সিদ্ধান্ত লৈছিলোঁ৷ কাৰণ যেতিয়া মোক তদন্ত আৰু জেৰা কৰা হৈছিল তেতিয়া মই প্ৰায় ২৪ বা ৪৮ ঘণ্টা একেলগে এই বিষয়ে কথা পাতিছিলোঁ৷ বণি কাপুৰে লগতে কৈছিল, শ্ৰীদেৱীয়ে প্ৰায়ে ভোকত আছিল অথচ তেওঁ বাহিৰত ভালকৈ দেখাবলৈ বিচাৰিছিল। তেওঁ নিশ্চিত কৰিব বিচাৰিছিল যে তেওঁ ভাল অৱস্থাতেই আছে, যাতে পৰ্দাত তেওঁক ভাল দেখায়। তেওঁ মোৰ সৈতে বিয়া হোৱাৰ সময়ৰ পৰা, কেইবাৰমান ‘ব্লেকআউট’ কৰিছিল৷

অভিনেতা নাগাৰ্জুনেও প্ৰয়াত অভিনেত্ৰীগৰাকীৰ সৈতে একেধৰণৰ অভিজ্ঞতা থকাৰ কথা বণিৰ সন্মুখত প্ৰকাশ কৰিছিল। তেওঁ দৃশ্যগ্ৰহণৰ সময়ত মূৰ্চ্ছা যোৱা ঘটনাবোৰৰ বিষয়ে প্ৰকাশ কৰিছিল৷ 

পিছত যেতিয়া শ্ৰীদেৱীৰ মৃত্যু হৈছিল, নাগাৰ্জুনে সমবেদনা জ্ঞাপন কৰিবলৈ ঘৰলৈ আহিছিল আৰু তেওঁ মোক কৈছিল যে এখন চিনেমাৰ সময়ত শ্ৰীদেৱী পুনৰ ‘ক্ৰেছ ডায়েট’ত আছিল আৰু এনেদৰেই তেওঁ বাথৰুমত পৰিছিল আৰু দাঁত ভাঙি গুৰুতৰভাৱে আহত হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক