--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বাভাৱিক মৃত্যু হোৱা নাছিল বলীউডৰ প্ৰতিষ্ঠিত অভিনেত্ৰী শ্ৰীদেৱীৰ! প্ৰথমবাৰৰ বাবে শ্ৰীদেৱীৰ মৃত্যু সম্পৰ্কে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ শ্ৰীদেৱীৰ স্বামী বনি কাপুৰে প্ৰথমবাৰৰ বাবে শ্ৰীদেৱীৰ মৃত্যুৰ বিষয়ে সদৰী কৰিছে কেতবোৰ ভয়ংকৰ তথ্য৷

প্ৰসিদ্ধ অভিনেত্ৰী শ্ৰীদেৱীৰ ২০১৮ৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইত ৫৪ বছৰ বয়সত হঠাতে মৃত্যু হোৱাত সকলোৱে হতবাক হৈ পৰিছিল। তেতিয়াৰ পৰা তেওঁৰ পৰিয়ালৰ কোনেও তেওঁৰ মৃত্যুৰ সম্পৰ্কে কোনো কথাই ৰাজহুৱা কৰা নাছিল৷ কিন্তু শ্ৰীদেৱীৰ মৃত্যুৰ পাঁচ বছৰৰ পাছত তেওঁৰ স্বামী বনি কাপুৰে শ্ৰীদেৱীৰ মৃত্যু সম্পৰ্কে নীৰৱতা ভংগ কৰিছে।

এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰে হোৱা বাৰ্তালাপত বনিয়ে কয়, এয়া প্ৰাকৃতিক মৃত্যু নাছিল; এইটো এটা দুৰ্ঘটনাজনিত মৃত্যু আছিল। মই এই বিষয়ে কথা নক’বলৈয়ে সিদ্ধান্ত লৈছিলোঁ৷ কাৰণ যেতিয়া মোক তদন্ত আৰু জেৰা কৰা হৈছিল তেতিয়া মই প্ৰায় ২৪ বা ৪৮ ঘণ্টা একেলগে এই বিষয়ে কথা পাতিছিলোঁ৷ বণি কাপুৰে লগতে কৈছিল, শ্ৰীদেৱীয়ে প্ৰায়ে ভোকত আছিল অথচ তেওঁ বাহিৰত ভালকৈ দেখাবলৈ বিচাৰিছিল। তেওঁ নিশ্চিত কৰিব বিচাৰিছিল যে তেওঁ ভাল অৱস্থাতেই আছে, যাতে পৰ্দাত তেওঁক ভাল দেখায়। তেওঁ মোৰ সৈতে বিয়া হোৱাৰ সময়ৰ পৰা, কেইবাৰমান ‘ব্লেকআউট’ কৰিছিল৷

অভিনেতা নাগাৰ্জুনেও প্ৰয়াত অভিনেত্ৰীগৰাকীৰ সৈতে একেধৰণৰ অভিজ্ঞতা থকাৰ কথা বণিৰ সন্মুখত প্ৰকাশ কৰিছিল। তেওঁ দৃশ্যগ্ৰহণৰ সময়ত মূৰ্চ্ছা যোৱা ঘটনাবোৰৰ বিষয়ে প্ৰকাশ কৰিছিল৷ 

পিছত যেতিয়া শ্ৰীদেৱীৰ মৃত্যু হৈছিল, নাগাৰ্জুনে সমবেদনা জ্ঞাপন কৰিবলৈ ঘৰলৈ আহিছিল আৰু তেওঁ মোক কৈছিল যে এখন চিনেমাৰ সময়ত শ্ৰীদেৱী পুনৰ ‘ক্ৰেছ ডায়েট’ত আছিল আৰু এনেদৰেই তেওঁ বাথৰুমত পৰিছিল আৰু দাঁত ভাঙি গুৰুতৰভাৱে আহত হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু